গুৱাহাটীৰ ১৬ সংৰক্ষিত বনাঞ্চলত বেদখল
বন বিভাগ–জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈছে ভূ–মাফিয়াই
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চল বেদখল কৰিছে ভূ–মাফিয়াই৷ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ ভূ–মাফিয়াই গুৱাহাটীৰ ১৬ সংৰক্ষিত বনাঞ্চলত বেদখল কৰাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গোটানগৰ, দক্ষিণ কালাপাহাৰ, শৰণীয়া পাহাৰ, ফটাশিল, জালুকবাৰী, হেঙেৰাবাৰী, গড়ভাংগা, জাৰশাল, ৰাণীকে ধৰি ১৬খন সংৰক্ষিত বনাঞ্চলত বহু হাজাৰ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ তথ্য অনুসৰি গোটানগৰৰ সংৰক্ষিত বনাঞ্চলৰ ১৭১ হেক্টৰ ভূমিৰ ভিতৰত ১২৬ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত৷ একেদৰে শৰণীয়া পাহাৰৰ ৭.৯৯ হেক্টৰ ভূমিৰ ভিতৰত ১.২০ হেক্টৰ ভূমি বেদখল, দক্ষিণ কালাপাহাৰৰ ৭০ হেক্টৰ ভূমিৰ ৬০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত৷ ফটাশিলৰ ৬৭০.৪৪ হেক্টৰৰ ভিতৰত ২২০ হেক্টৰ ভূমি, জালুকবাৰীৰ ৯৭.৭০ হেক্টৰৰ ভিতৰত ২.৬০ হেক্টৰ ভূমি, হেঙেৰাবাৰীৰ ৬২৮ হেক্টৰৰ ভিতৰত ৩৮৫ হেক্টৰ ভূমি, গড়ভাংগা সংৰক্ষিত বনাঞ্চলৰ ১৮,৮৬০.৫৮ হেক্টৰৰ ভিতৰত ২,২১০ হেক্টৰ ভূমি, জাৰশালৰ ১,২৫৬ হেক্টৰৰ ভিতৰত ২৯৭ হেক্টৰ ভূমি, ৰাণীৰ ৪,৩৭০ হেক্টৰৰ ভিতৰত ১১৩ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ ইয়াৰ উপৰি মৰকডলা, তেতেলিগুৰি, মাতাপাহাৰ, এপিকলা, কাৱাচিং সংৰক্ষিত বনাঞ্চলৰ কেইবা হেক্টৰ ভূমি ভূ–মাফিয়াৰ কবলত আছে৷ গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত থকাত এই বনাঞ্চলসমূহত থকা জীৱকূল আৰু জৈব্য–বৈচিত্র্যৰ প্রতিও ভাবুকি সৃষ্টি হৈছে৷ কেৱল গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলেই নহয় বেদখলকাৰীয়ে আমচাং অভয়াৰণ্য আৰু দীপৰ বিল পক্ষী অভয়াৰণ্যতো ভূমি বেদখল কৰিছে৷ তথ্য অনুসৰি আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ ৭৮.৬৪ হেক্টৰ ভূমিৰ ভিতৰত ২.৭০ হেক্টৰ ভূমি ভূ–মাফিয়াই দখল কৰিছে৷ গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চল আৰু আমচাং বন্যপ্রাণী অভয়াৰণ্যত বেদখলমুক্ত কৰিবলৈ বন বিভাগ আৰু জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷