এৰাবাৰীত পৰিণত ভূপেন হাজৰিকা মুকলি মঞ্চ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা থানা এলেকাৰ শ্যামভূমিত থকা ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানখন সম্প্রতি এৰাবাৰীত পৰিণত হৈছে৷ ৰাণী উন্নয়ন খণ্ডৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাৰ ভিআইপি চ’কৰ দাঁতিতে থকা শ্যামভূমি হাইস্কুল খেলপথাৰৰ দাঁতিতে ২০১৪ বর্ষত নির্মাণ কৰা হৈছিল ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান৷ এই উদ্যানখন আজি প্রায় ৬ বছৰে পৰিত্যক্ত অৱস্থাত আছে৷ উল্লেখ্য যে মুখ্যমন্ত্রীৰ সপোনৰ আঁচনি নাম দি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে পূর্বৰ ৰাজ্য চৰকাৰে প্রতিটো উন্নয়ন খণ্ডতে একোখনকৈ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান নির্মাণৰ পৰিকল্পনা কৰিছিল৷ সেই আঁচনিৰ অধীনতে ৰাণী উন্নয়ন খণ্ডৰ আজাৰা ৰাজহ চক্র এলেকাৰ শ্যামভূমি হাইস্কুল খেলপথাৰত ৮.৩২ লাখ টকা ব্যয় সাপেক্ষে এম জি এনৰেগা আঁচনিত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান নির্মাণ কৰে৷ পিছে উক্ত আঁচনিখনৰ নামত নির্মাণ কৰিবলগীয়া উদ্যানখনৰ নামত এজোপা ফুলগছো ৰোপণ কৰা নহ’ল৷ আনকি উক্ত মুকলি মঞ্চ আৰু উদ্যানখন সম্পূর্ণৰূপে ৰক্ষণাবেক্ষণো কৰা নহ’ল৷ উপযুক্ত চোৱা–চিতাৰ অভাৱত চৌহদৰ চাৰিসীমাৰ গুণাৰ ফেঞ্চিং ভাঙি–ছিঙি গৈছে৷ যাৰ ফলত মঞ্চখনৰ চৌহদটো উদঙীয়া গৰু–ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে৷ অকল সেয়াই নহয় মঞ্চখন এতিয়া টেণ্ট হাউছৰ ভঁৰালঘৰ হিচাপে ব্যৱহাৰহে কৰিবলৈ ধৰিছে৷ অসমীয়াৰ হিয়াৰ আমঠু এই মহান শিল্পীজনৰ মৃত্যু তিথিৰ প্রাকমুহূর্তত তেওঁৰ নামত উচর্গিত এই মঞ্চ তথা উদ্যানখনৰ এনে দুৰৱস্থাই স্থানীয় লোকসকলক ব্যথিত কৰি তুলিছে৷