সহঃঅভিনেত্ৰীক যৌন নিৰ্যাতন, অভিনেতাক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৪ নবেম্বৰঃ জনপ্ৰিয় হিন্দী চলচিত্ৰ ‘ৰান’ৰ কৌৱা বিৰিয়ানী খ্যাত অভিনেতা বিজয় ৰাজক গ্ৰেপ্তাৰ কৰে গন্দিয়া ৰামনগৰ (পূৱ মহাৰাষ্ট্ৰ) আৰক্ষীয়ে
শ্বেৰনী নামৰ এখন ছবিৰ শ্বুটিঙৰ সময়তে সংঘটিত হয় এই ঘটনা। ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে সোধ-পোছ কৰাৰ পাছতে বেইল পায় অভিনেতাজনে।
IPCৰ 354A আৰু 354D ধাৰাত পঞ্জীয়ন হয় গোচৰ। এই গোচৰত ৩ বছৰ কাৰাবাসসহ জৰিমনা ভৰিব লগীয়া হল হয় অভিনেতা বিজয় ৰাজে।