২০২০ বিধানসভা নির্বাচনেই মোৰ শেষ নির্বাচনঃ নীতিশ কুমাৰ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ চলিত বিহাৰ বিধানসভা নির্বাচনেই শেষ নির্বাচন হ’ব বুলি আজি ঘোষণা কৰিলে জেডি(ইউ)ৰ মুৰব্বী তথা মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ বিধানসভা নির্বাচনৰ অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বৃহস্পতিবাৰে নির্বাচনী প্রচাৰৰ সামৰণিৰ দিনা প্রচাৰ সভাত অংশ লৈ বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে ২০২০ৰ বিধানসভা নির্বাচনৰ পিছতে ৰাজনীতিৰ পৰা অৱসৰ গ্রহণ কৰিব বুলি ঘোষণা কৰে৷ পূর্ণিয়াৰ ধমধাহাৰ নির্বাচনী সমাৱেশত অংশ লৈ মুখ্যমন্ত্রী নীতিশ কুমাৰে কয়, ‘প্রচাৰৰ আজি অন্তিম দিন বুলি আপোনালোকে জানে৷ এদিন পিছতে ভোটগ্রহণ হ’ব আৰু এয়াই মোৰ শেষ নির্বাচন৷ সকলো ভালেই যে শেহত ভাল৷ উল্লেখ্য যে অহা ৭ নৱেম্বৰত বিধানসভা নির্বাচনৰ অন্তিম পর্যায়ৰ ভোটগ্রহণ হ’ব আৰু ১০ নৱেম্বৰত ফলাফল ঘোষণা কৰিব৷ তেনে সময়তে নীতিশ কুমাৰৰ ঘোষণা তাৎপর্যপূর্ণ৷ দেশৰ শ্রেষ্ঠ ৰাজনীতিকৰ অন্যতম নীতিশ কুমাৰ বিহাৰত চতুর্থবাৰৰ বাবে মুখ্যমন্ত্রী হৈ কার্যনির্বাহ কৰি আছে৷ ইয়াৰ পূর্বে কেন্দ্রীয় মন্ত্রী হিচাপেও দায়িত্ব গ্রহণ কৰিছিল৷