নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰৰ শেষত ছোনিয়াক সাক্ষাৎ কৰিব কংগ্রেছৰ সংখ্যালঘু নেতৃত্বই

আজমলৰ এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙে এ আই ইউ ডি এফকে ধৰি কোনো ৰাজনৈতিক দলৰে এতিয়ালৈ কংগ্রেছৰ মিত্রতা হোৱা নাই বুলি স্পষ্টভাৱে মন্তব্য কৰাৰ পাছতো বদৰুদ্দিন আজমলৰ দলৰে কোনো পৰিস্থিতিতে যাতে মিত্রতা হ’ব নোৱাৰে, সেই দৃঢ় স্থিতি অব্যাহত ৰাখিছে কংগ্রেছৰ সংখ্যালঘু শিবিৰে৷ আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰি কংগ্রেছৰ প্রাক্তন মন্ত্রী–বিধায়ক–সাংসদক লৈ গঠিত ছিনিয়ৰ মাইনৰিটী কংগ্রেছ লীডার্ছ টীমে এই সম্পর্কত এইবাৰ নতুন দিল্লীলৈ গৈ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক সাক্ষাতৰ কার্যসূচী গ্রহণ কৰিছে৷ ছিনিয়ৰ মাইনৰিটী কংগ্রেছ লীডার্ছ টীমৰ সভাপতি তথা প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক, প্রাক্তন মন্ত্রী মহিবুল হকে জানিবলৈ দিয়া মতে, চলিত নৱেম্বৰ মাহৰ শেষভাগত তেওঁলোক নতুন দিল্লীলৈ গৈ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব৷ সেই সাক্ষাৎকালতেই তেওঁলোকে কংগ্রেছ সভানেত্রীৰ ওচৰত এ আই ইউ ডি এফৰে কংগ্রেছৰ মিত্রতাৰ বিৰুদ্ধাচৰণ কৰিব৷ আজমলৰ দলৰ সৈতে কংগ্রেছে মিত্রতা কৰিলে লাভৰ পৰিৱর্তে অহা নির্বাচনত কংগ্রেছ কেনেদৰে ক্ষতিগ্রস্ত হ’ব, সেই বিষয়ে তেওঁলোকে ছোনিয়া গান্ধীৰ সন্মুখত বিস্তৃত বিশ্লেষণ আগবঢ়াব৷ প্রাক্তন মন্ত্রী হকে জানিবলৈ দিয়া মতে, অসম ভ্রমণৰ সময়ছোৱাত প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে এতিয়ালৈ এ আই ইউ ডি এফৰে মিত্রতা হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে মিত্রতা সম্পর্কীয় সকলো সিদ্ধান্ত নিখিল ভাৰত কংগ্রেছ কমিটীয়েহে গ্রহণ কৰিব বুলি কৈছে৷ পর্যবেক্ষক সিঙৰ এই স্থিতিত তেওঁলোক উৎফুল্লিত হৈছে৷ অসম ভ্রমণৰ সময়ছোৱাত পর্যবেক্ষক জিতেন্দ্র সিঙে বাস্তৱ পৰিস্থিতি বুজি পাইছে বুলি তেওঁলোকে অনুভৱ কৰে৷ কাৰণ এই সময়ছোৱাতেই তেওঁলোকে পর্যবেক্ষক সিঙক সাক্ষাৎ কৰি এ আই ইউ ডি এফৰে মিত্রতা কৰিলে অসমত কংগ্রেছ কিমান ক্ষতিগ্রস্ত হ’ব, সেই বিষয়ে তথ্যসহ বুজাই দিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে পর্যবেক্ষক সিঙে মিত্রতাৰ সমস্ত বিষয় নিখিল ভাৰত কংগ্রেছ কমিটীৰ আওতালৈ লৈ গৈছে৷ সেয়ে তেওঁলোকে এতিয়া নিখিল ভাৰত কংগ্রেছ কমিটীক আজমলৰে মিত্রতা কোনো পৰিস্থিতিতে নকৰিবলৈ হাইকমাণ্ডৰ কাষলৈ গৈ হেঁচা প্রয়োগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ অহা বিধানসভা নির্বাচন পর্যন্ত তেওঁলোকে এই নিৰন্তৰ হেঁচা অব্যাহত ৰাখিব৷

অসমত কংগ্রেছ দলৰ ভৱিষ্যতৰ স্বার্থতে হাইকমাণ্ডক তেওঁলোকে এই বিষয়টোৰ ওপৰত হেঁচা প্রয়োগ কৰিব৷ ইপিনে অসম ভ্রমণৰ সময়ছোৱাত পর্যবেক্ষক জিতেন্দ্র সিঙে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীয়ে মহাজোঁট গঠনৰ পৰামর্শ দিলেও সেই সম্পর্কত নিখিল ভাৰত কংগ্রেছ কমিটীয়েহে দলৰ সংবিধান অনুসৰি সিদ্ধান্ত গ্রহণ কৰিব বুলি কৰা মন্তব্যত স্বাভাৱিকতে যথেষ্ট উৎসাহী হৈ পৰিছে কংগ্রেছৰ মিত্রতাবিৰোধী শিবিৰ৷ দলীয় এক সূত্রই জানিবলৈ দিয়া মতে, নিজ নিজ ৰাজনৈতিক ভৱিষ্যতৰ অংক আগত ৰাখি দলৰ কেইগৰাকীমান নেতাই অতি অত্যুৎসাহী হৈ সেই দিশত অগ্রসৰ হৈছিল৷ আনকি তেনে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত প্রদেশ কংগ্রেছৰ কার্যনির্বাহককো আস্থাত লোৱা নাছিল৷ স্মর্তব্য যে যোৱা লোকসভা নির্বাচনৰ প্রাক্ক্ষণত প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠকে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক সাম্প্রদায়িক দল আখ্যা দি তেওঁলোকৰ সৈতে মিত্রতাৰ বিৰোধিতা কৰি প্রস্তাৱ গ্রহণ কৰিছিল৷ প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠকে এতিয়াও সেই প্রস্তাৱ প্রত্যাহাৰ কৰা নাই৷ ইয়াৰ পাছতো প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীয়ে যোৱা আগষ্ট মাহত এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে আজমলৰ দলৰ সৈতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চৰকাৰী বাসভৱনত আলোচনাতো মিলিত হয়৷ সেই বিষয়টোৰ আঁত ধৰি প্রাক্তন মন্ত্রী মহিবুল হকে দলৰ কার্যনির্বাহকে গ্রহণ কৰা পূর্বৰ প্রস্তাৱ প্রত্যাহাৰ নকৰাকৈ তৰুণ গগৈ, ৰিপুণ বৰা আদিয়ে কেনেদৰে আজমলৰ দলৰে মিত্রতা সম্পর্কত কথা পাতিলে বুলিও প্রশ্ণ কৰে৷ প্রদেশ কংগ্রেছৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, অহা বিধানসভা নির্বাচনত এ আই ইউ ডি এফক বাদ দি আন ধর্মনিৰপেক্ষ, গণতান্ত্রিক ৰাজনৈতিক দল আৰু শক্তিৰ সৈতে মহাজোঁট গঠন কৰিবলৈ হাইকমাণ্ডক জ্যেষ্ঠ কংগ্রেছীৰ প্রতিনিধি দল এটাই পৰামর্শ আগবঢ়াব৷ এ আই ইউ ডি এফৰে মিত্রতা হ’লে উজনি অসমত দল ক্ষতিগ্রস্ত হোৱাৰ লগতে নামনি–মধ্য অসমত কংগ্রেছৰ প্রার্থিত্বৰ পৰা বঞ্চিত বিক্ষুব্ধ সংখ্যালঘু নেতাসকল বিজেপিৰ বাবে ঢ়াল হৈ পৰাৰ শংকাতে কংগ্রেছৰ সেই শিবিৰটোৱে এ আই ইউ ডি এফৰে মিত্রতা নকৰিবলৈ হাইকমাণ্ডক অৱগত কৰোৱাৰ বাবে তৎপৰতা গ্রহণ কৰিছে৷ অৱশ্যে পূর্বৰ ইউ এম এফ দলক কংগ্রেছে যি কৌশলেৰে নিজৰ আয়ত্তলৈ আনিছিল, একেই কৌশল অৱলম্বন কৰি এ আই ইউ ডি এফৰ গণভিত্তি থকা শক্তিশালী নেতাসকলক কংগ্রেছত চামিল কৰোৱাৰ পদক্ষেপ ল’বলৈ সেই শিবিৰটোৱে পৰামর্শ আগবঢ়াব বুলি জানিব পৰা গৈছে৷

You might also like