১৭ বছৰীয়া কিশোৰক বিয়া কৰালে আঠসত্তৰৰ বৃদ্ধই, মাত্র ২২ দিনতেই ভাঙিল সংসাৰ
নিয়মীয়া বাৰ্তা ১৩ নৱম্বেৰঃ বয়স এক সংখ্যামাত্র। সেয়া প্রেমৰ ক্ষেত্ৰত আখৰে আখৰে প্ৰযোজ্য। কিয়নো প্রেমত পৰিলে আঠসত্তৰৰ বৃদ্ধও হৈ উঠে তৰুণ। সেই কথাই যেন প্রমাণিত হ’ল ইন্দোনেছিয়াত (Indonesia)। আঠসত্তৰ বছৰ বয়সীয়া ইন্দোনেছিয়াৰ এগৰাকী বৃদ্ধই মাত্র সোতৰ বছৰ বয়সীয়া কিশোৰীৰ সৈতে বিবাহৰ বান্ধোনত বান্ধ খায়। কিন্তু বৈবাহিক সম্পর্কৰ আয়ুস মাত্র ২২ দিন। তাৰপাছতেই হ’ল বিচ্ছেদ।
কিন্তু কিয় এনে সিদ্ধান্ত ল’লে ননিৰ সত্তৰোর্ধ্বৰ স্বামীয়ে?জানিব পৰা মতে, বিয়াৰ পূৰ্বে অন্তঃসত্ত্বা আছিল ননি। যাৰ বিষয়ে জনা নাছিল তেওঁৰ স্বামীয়ে। জনাৰ পাছতেই বিচ্ছেদ ঘটে তেওঁলোকৰ। যদিও সেইকথা মানিবলৈ অমান্য কৰিছে ননিৰ পৰিয়ালে।