নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত যুদ্ধ! নিহত বি এছ এফৰ ৩ জোৱান, ভাৰতেও ল’লে ৭ পাকিস্তানী সেনাৰ প্ৰাণ, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ আজিও পাকিস্তানে উত্তৰ কাশ্মীৰৰ এলঅ’চিৰ সীমাত থকা কেইবাটাও চকীত যুদ্ধবিৰতি উলংঘা কৰিছে। পাকিস্তানৰ গুলীচালনাত ৩জন বি এছ এফ জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা হৈছে। এগৰাকী শ্বহীদ জোৱান ৰাকেশ ডোবাল বি এছ এফত উপ-পৰিদৰ্শক আছিল।

গুলীচালনাৰ ঘটনাত ৩জন অসামৰিক লোক মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে। আনহাতে ভাৰতেও পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ে, য’ত পাকিস্তানৰ ৭জন জোৱান নিহত হোৱা বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে। ভাৰতে পাকিস্তানৰ বাংকাৰকে ধৰি ইন্ধন-খাদ্যসামগ্ৰী ধ্বংস কৰে। পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে বাৰামুলা জিলাৰ হাজিপীৰ অঞ্চলৰ লগতে কুপৱাড়া ছেক্টৰ আৰু গুৰেজ ছেক্টৰত।<

/p>

ইয়াৰ উপৰি পুঞ্চ ছেক্টৰতো গুলীবৰ্ষণ কৰে, এই ঘটনাত দুজন ভাৰতীয় জোৱান আহত হোৱাৰ লগতে আন ৫ অসামৰিক লোক আহত হয়। পাকিস্তানে গুলীৰ উপৰি মৰ্টাৰেৰেও আক্ৰমণ কৰিছিল। সীমান্তৰ ওচৰৰ এটা ঘৰ ক্ষতিগ্ৰস্ত হয় পাকিস্তানৰ গুলীচালনাত। ইতিমধ্যে সীমান্তবাসীক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। লগতে হৈছে। ভাৰতীয় সেনায়ো ইয়াৰ প্ৰত্যুত্তৰ দিয়ে বুলি জানিব পৰা গৈছে।

You might also like