নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বিহাৰ বিধানসভা নির্বাচনত জয়লাভ কৰাৰ পাছত এন ডি এই জে ডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰক শীর্ষ নেতা হিচাপে সর্বসন্মতিক্রমে বাছনি কৰিছে৷ আজি নীতিশ কুমাৰে হিন্দী বলয়ৰ ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব৷
আনুষ্ঠানিকভাৱে এন ডি এৰ শীর্ষ নেতা হিচাপে নীতিশ কুমাৰ নির্বাচিত হোৱা মানেই ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে নেতাগৰাকীয়ে দায়িত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে৷ স্মর্তব্য যে বিজেপিৰ নেতা সুশীল মোদীক আজি এন ডি এই নীতিশ কুমাৰৰ সহযোগী অর্থাৎ উপ–মুখ্যমন্ত্রী পদৰ বাবে নির্বাচিত কৰিছে৷ আজি পাটনাৰ ৰাজ্যপালৰ ভৱনত বিয়লি ৪.৩০ বজাত নীতিশ কুমাৰে পৰৱর্তী মুখ্যমন্ত্রী হিচাপে আনুষ্ঠানিকভাৱে শপতগ্রহণ কৰিব৷
লক্ষণীয়ভাৱে একেৰাহে চতুর্থবাৰৰ বাবে নীতিশ কুমাৰে মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি বিহাৰত এক অভিলেখ গঢ়িবলৈ গৈ আছে৷ ইয়াৰ পূর্বে নীতিশ কুমাৰে বিহাৰ বিধানসভা ভংগ কৰি ইয়াৰ দায়িত্ব অর্পণ কৰিছিল ৰাজ্যপাল ফাগু চৌহানক৷ অলপতে অনুষ্ঠিত হৈ যোৱা বিহাৰ বিধানসভা নির্বাচনত এন ডি এই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচনত বিজেপিয়ে ৭৪খন আসন লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ জে ডি (ইউ)–এ লাভ কৰিছে ৪৩খন আসন৷ লক্ষণীয়ভাৱে এন ডি এৰ আন দুই সহযোগী দলে লাভ কৰিছে ৮খন আসন৷ এন ডি এ জোঁটে ১২৫খন আসন লাভ কৰাৰ বিপৰীতে আৰ জে ডি নেতৃত্বাধীন মহাজোঁটে লাভ কৰিবলৈ সক্ষম হৈছে ১১০খন আসন৷
অৱশ্যে একক বৃহত্তম দল হিচাপে আৰ জে ডিয়ে লাভ কৰিছে ৭৫খন আসন৷ তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ নির্বাচনত অন্তিম মুহূর্তলৈকে বিহাৰ কাৰ দখললৈ যাব, তাক লৈ সৃষ্টি হৈছিল উৎকণ্ঠা৷ এই উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ১২৫খন আসনেৰে বিহাৰক পুনৰ শাসন কৰাৰ সুযোগ লাভ কৰিছে এন ডি এই৷