নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতালৈ আহিলেই জে’ললৈ হাগ্রামা বাহিনী

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ বি পি এফৰ দুর্গ হিচাপে পৰিচিত ওদালগুৰিত এখন বিশাল নির্বাচনী সভাৰ আয়োজন কৰি এইবাৰ ৩০খন পৰিষদীয় আসন লাভেৰে এককভাৱে পৰিষদীয় চৰকাৰ গঠন কৰাৰ হুংকাৰ দিলে ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে৷  ওদালগুৰিৰ নলবাৰী খেলপথাৰত আয়োজিত বিশাল নির্বাচনী সভাত হাজাৰ হাজাৰ সমর্থকক লগত লৈ নাচি –বাগি পাঁচগৰাকী প্রার্থীৰ হৈ প্রচাৰ চলাই সোতৰ বছৰে লাঞ্ছিত–বঞ্চিত বিটিচিবাসীয়ে এইবাৰ পৰিৱর্তনৰ বাবে স্বতঃস্ফূর্তভাৱে ওলাই আহিছে বুলি তেওঁ দাবী কৰে৷

দহ সহস্রাধিক লোক উপস্থিত থকা সভাত ইউ পি পি এলৰ সভাপতিগৰাকীয়ে ভাষণত কয়, সোতৰ বছৰে বিটিচিবাসীয়ে বি পি এফ দলক শাসনৰ সুযোগ দিলে, কিন্তু অঞ্চলটোত কোনো উল্লেখযোগ্য উন্নয়ন নহ’ল৷ চৌদিশে কেৱল দুর্নীতি আৰু ভ্রষ্টাচাৰ কৰি একাংশ লোক ধনী হ’ল৷ কিন্তু এইবাৰ ৰাইজে সোতৰ বছৰীয়া অপশাসন ওফৰাই পৰিৱর্তনকামী চৰকাৰ গঠনৰ লগতে এক স্বচ্ছ আৰু নিকা প্রশাসন লাভৰ বাবে আগবাঢ়ি আহিছে৷ ৰাইজৰ এই অভূতপূর্ব সঁহাৰি আৰু সহযোগৰ ফলত ২০২০ বর্ষৰ নির্বাচনত ৩০খন আসন লাভেৰে এককভাৱে ইউ পি পি এল দলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰাৰ লগতে চৰকাৰ গঠনৰ পিছত বিটিআৰত দুর্নীতিৰ বিৰুদ্ধে চাফাই অভিযান চলোৱা হ’ব৷ সোতৰ বছৰে অঞ্চলটোৰ দুখীয়া ৰাইজৰ ধন লুটি–পুতি খোৱা প্রত্যেকজন দুর্নীতিগ্রস্ত লোকক এজন এজনকৈ জে’ললৈ পঠিওৱা হ’ব বুলিও হুংকাৰ দিয়ে ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে৷ তেওঁ লগতে ইউ পি পি এলৰ চৰকাৰ আহিলে সকলো জাতি–জনগোষ্ঠীক লগত লৈ সমধিকাৰ আৰু সমউন্নয়নৰ বাবে কাম কৰিব বুলিও প্রতিশ্রুতি প্রদান কৰে৷ ইয়াৰ পূর্বে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউ পি পি এলৰ সভাপতিগৰাকীয়ে হাগ্রামা মহিলাৰীক কটাক্ষ কৰি কয়, ৰাজনীতিত সোঁপন্থী, বাঁওপন্থী আদি বিভিন্ন চিন্তাধাৰাৰ ৰাজনীতিবিদ থাকে, কিন্তু হাগ্রামা মহিলাৰীয়ে নিজেই নিজকে সুবিধাবাদী বুলি কয়৷ যিজন মানুহে ৰাইজৰ সেৱাৰ বাবে নহয়, কেৱল নিজৰ সুবিধাৰ বাবে ৰাজনীতি কৰিছে, তেন্তে তেনে লোকক ৰাইজে কিমান আৰু আঁকোৱালি ল’ব বুলি প্রশ্ণ কৰে৷

চৰকাৰ গঠনৰ বাবে যদি কাৰোবাৰ সহায়ৰ প্রয়োজন হয় কাক লগত লৈ চৰকাৰ গঠন কৰিব বুলি সাংবাদিকে কৰা এক প্রশ্ণৰ উত্তৰত ইউ পি পি এলৰ সভাপতিগৰাকীয়ে কয়, এইবাৰ কোকৰাঝাৰত চৰকাৰ গঠন কৰিবৰ বাবে ইউ পি পি এল দলক কোনো দলৰ সমর্থন নালাগে, এককভাৱেই চৰকাৰ গঠন কৰিব পাৰিব৷ অৱশ্যে দুর্নীতিত লিপ্ত নোহোৱা আৰু নীতি–আদর্শৰ মিল থকা সকলো দলক লগত লৈ ইউ পি পি এলে কোকৰাঝাৰত চৰকাৰ কৰিব৷ বিটিচিৰ ভৈৰৱকুণ্ড সমষ্টিৰ ইউ পি পি ল দলৰ প্রার্থী তথা এন ডি এফ বিৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত ‘পৰিৱর্তন সমাৱেশ’ শীর্ষক বিশাল নির্বাচনী সভাত ভাষণ দি ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা ইউ পি পি এল দলৰ উপদেষ্টা উর্খাও গৌৰা ব্রহ্মই হাগ্রামাৰ সোতৰ বছৰীয়া অপশাসনৰ এইবাৰ বিটিআৰত অন্ত পৰিব বুলি উল্লেখ কৰাৰ লগতে ইউ পি পি এল দলে এককভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে৷ ওদালগুৰি জিলাৰ হৰিশিঙা, ভৈৰৱকুণ্ড, ধনশ্রী, পাঁচনৈ চেৰফাং আৰু ৰৌতা পৰিষদীয় সমষ্টিৰ পাঁচগৰাকী প্রার্থী ক্রমে সঞ্জয় স্বর্গীয়াৰী, গোবিন্দ বসুমতাৰী, ৰুজুগ্রা মোছাহাৰী, দীপক বৰাল আৰু নিতুল স্বর্গীয়াৰীক লগত লৈ চলোৱা নির্বাচনী প্রচাৰ সভাত ওদালগুৰি জিলাৰ দহটা পৰিষদীয় সমষ্টিৰ দহগৰাকী প্রার্থীয়েই বিপুল ভোটেৰে জয়ী হৈ চৰকাৰৰ অংশীদাৰ হ’ব বুলি দাবী কৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে৷ ইয়াৰ পূর্বে ওদালগুৰি চহৰৰ পৰা হাজাৰ হাজাৰ সমর্থকক লৈ এটা বিশাল সমদল আৰু নৃত্য–গীত কৰি ওদালগুৰিৰ নলবাৰী খেলপথাৰত উপস্থিত হয় ইউ পি পি এলৰ সভাপতি প্রমোদ বডো, উর্খাও গৌৰা ব্রহ্মৰ লগতে আন কেইবাজনো ইউ পি পি এলৰ জ্যেষ্ঠ নেতা৷

You might also like