নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেৰফাংগুৰিত বিজেপিৰ পতাকা নষ্ট কৰিলে দুষ্কৃতিকাৰীয়ে

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিত বিজেপিৰ পতাকা দুষ্কৃতিকাৰীয়ে ফালি–ছিঙি নষ্ট কৰাত অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে৷ প্রাপ্ত বাতৰি অনুসৰি বিজেপিৰ দোতমা মণ্ডলৰ কার্যকর্তাসকলে ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে দলীয় পতাকা উত্তোলন কৰিছিল আৰু পতাকাসমূহ যোৱানিশা দুষৃকতিকাৰীয়ে নষ্ট কৰে৷ ছেৰফাংগুৰি থানাৰ সন্মুখৰ পৰা ৰামফল বিললৈকে পতাকাসমূহ নষ্ট কৰে৷

কালি বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি তথা দোতমা সমষ্টিৰ বিজেপিৰ প্রার্থী বিভূতি বৰগয়াৰীয়ে কয় যে বিজেপিৰ উত্থানত আন ৰাজনৈতিক দলসমূহ ভয় খোৱাৰ বাবে এনে দুষ্কার্য সংঘটিত কৰিছে৷ বিজেপিৰ জয় নিশ্চিত৷ যিয়ে যিমানেই কূট–কৌশল কৰক আমাৰ একো ক্ষতি কৰিব নোৱাৰে বুলিও কয় সভাপতি বিভূতি বৰগয়াৰীয়ে৷

You might also like