নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ বহু চর্চিত এয়াৰ ইণ্ডিয়া–ৱান বি–৭৭৭ বিমানৰ উদ্বোধনী যাত্রা চেন্নাইলৈ আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিয়ে ভ্রমণ কৰা এয়াৰ ফ’চ ৱানৰ আর্হিৰে নির্মাণ কৰা এয়াৰ ইণ্ডিয়া ৱানৰ উদ্বোধনী যাত্রাত অংশ ল’লে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ এই বিমানযোগে ৰাষ্ট্রপতিগৰাকীয়ে ভ্রমণ কৰি অন্ধ্রপ্রদেশৰ তিৰুপতিৰ শ্রীভেংকটশ্বাৰা স্বামী মন্দিৰ দর্শন কৰিব৷
দেশৰ ভি ভি আই পি বিশেষকৈ ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ ভ্রমণৰ বাবে ক্রয় কৰা এয়াৰ ইণ্ডিয়া ৱানৰ পাইলট হিচাপে আছে বায়ু সেনা বাহিনীৰ পাইলট৷ দেশৰ লগতে বিদেশ ভ্রমণৰ সময়ত এই বিমান ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীয়ে ব্যৱহাৰ কৰিব৷
তাৎপর্যপূর্ণ যে এই বিমানখন যোৱা ১ অক্টোবৰত আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা অনা হৈছে৷ এয়াৰ ইণ্ডিয়া ৱান বি–৭৭৭ বিমানখনত লার্জ এয়াৰক্রাফট ইনফ্রাৰেড কাউণ্টাৰ মেজার্ছ (এলএআইআৰচিএম) আৰু ছেলফ্ প্রটেকচন ছুইটছ মিছাইল প্রতিৰোধী ব্যৱস্থা সংলগ্ন হৈ আছে৷