নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাহ্মোছ মিছাইলৰ আন এক সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ  ভাৰতীয় সশস্ত্র বাহিনীক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ব্রাহ্মোছ ছুপাৰছ’নিক ক্রুইজ মিছাইলৰ লেণ্ড এটেক সংস্কৰণৰ সফলতাৰে পৰীক্ষণ হৈ যায়৷ আন্দমান আৰু নিকোবৰ আইলেণ্ডত ভাৰতীয় সেনাই ডি আৰ ডি অ’ৰ দ্বাৰা বিকশিত কৰা লেণ্ড এটেক ব্রাহ্মোছ ছুপাৰছ’নিক ক্রুইজ মিছাইলৰ পৰীক্ষণ কৰে৷ আজি পুৱা ১০ বজাত এই মিছাইলটোৰ সফলতাৰে পৰীক্ষণ কৰা বুলি সেনা বিষয়াই উল্লেখ কৰিছে৷

তাৎপর্যপূর্ণ যে পূর্বৰ মিছাইলৰ সংস্কৰণতকৈ আজি পৰীক্ষণ কৰা মিছাইলটোৰ ক্ষমতা বৃদ্ধি কৰা হৈছে৷ এই মিছাইলটোৱে ৪০০ কিলোমিটাৰ দৈর্ঘ্য অতিক্রম কৰিব পাৰিব৷ উল্লেখ্য যে ব্রাহ্মোছ হৈছে এনে মিছাইল, যিটো ভূমি, সাগৰ আৰু আকাশৰ পৰা নিক্ষেপ কৰিব পাৰি৷

You might also like