নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ভাৰতীয় সশস্ত্র বাহিনীক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ব্রাহ্মোছ ছুপাৰছ’নিক ক্রুইজ মিছাইলৰ লেণ্ড এটেক সংস্কৰণৰ সফলতাৰে পৰীক্ষণ হৈ যায়৷ আন্দমান আৰু নিকোবৰ আইলেণ্ডত ভাৰতীয় সেনাই ডি আৰ ডি অ’ৰ দ্বাৰা বিকশিত কৰা লেণ্ড এটেক ব্রাহ্মোছ ছুপাৰছ’নিক ক্রুইজ মিছাইলৰ পৰীক্ষণ কৰে৷ আজি পুৱা ১০ বজাত এই মিছাইলটোৰ সফলতাৰে পৰীক্ষণ কৰা বুলি সেনা বিষয়াই উল্লেখ কৰিছে৷
তাৎপর্যপূর্ণ যে পূর্বৰ মিছাইলৰ সংস্কৰণতকৈ আজি পৰীক্ষণ কৰা মিছাইলটোৰ ক্ষমতা বৃদ্ধি কৰা হৈছে৷ এই মিছাইলটোৱে ৪০০ কিলোমিটাৰ দৈর্ঘ্য অতিক্রম কৰিব পাৰিব৷ উল্লেখ্য যে ব্রাহ্মোছ হৈছে এনে মিছাইল, যিটো ভূমি, সাগৰ আৰু আকাশৰ পৰা নিক্ষেপ কৰিব পাৰি৷