নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ চৰকাৰী ঘৰবোৰ

‘আছাম টাইপ’ হিচাপে চিহ্ণিত ঘৰবোৰ মূলতঃ ব্রিটিছ ডিজাইনৰ দ্বাৰা প্রভাৱিত হোৱাৰ কাৰণ আছিল সেই টাইপটো মূল ব্রিটিছ ডিজাইনৰ পৰা লৈ তাক অসমৰ জলবায়ু আৰু পৰিৱেশৰ লগত খাপ খুৱাই থিৰাং কৰা হৈছিল৷ এতিয়া অসমৰ ব্যৱহাৰিক স্থাপত্য কলাৰ নিদর্শন বুলিবলৈ আছে আহোম ৰজাই নির্মাণ কৰা কেইটিমান প্রাসাদ আদি আৰু ব্রিটিছে নির্মাণ কৰা এক বৃহৎসংখ্যক ঘৰ, কিছুমান এতিয়া চৰকাৰী কার্যালয় আদি আৰু বাকীখিনি চাহবাগিচাৰ বাংলো আদি৷ সেই ঘৰবোৰৰ এক বিশেষ সৌন্দর্য আছিল, যিবোৰৰ ৰক্ষণাবেক্ষণ সঠিক নোহোৱাৰ ফলত সেই সৌন্দর্য কিছু পৰিমাণে হ’লেও ম্লান পৰিছে যদিও তাৰ আকর্ষণ কমা নাই৷ সেই ঘৰবোৰৰ আৰু এটি বিশেষত্ব আছিল এয়ে যে অসমত আগতে প্রায় সকলো ঘৰৰ ক্ষেত্রতে থকাৰ দৰে এডোখৰ আহল–বহল ঠাইত চাৰিওফালে কিছু ঠাই ৰাখি, সন্মুখত আৰু পাছফালে চোতাল ৰাখি ঘৰবোৰ নির্মাণ কৰা হৈছিল৷ এই মুকলি ঠাইখিনিয়ে ঘৰবোৰৰ সৌন্দর্য সম্পূর্ণভাৱে প্রকাশ কৰিছিল৷ চাহ বাগিচাৰ মেনেজাৰৰ বিলাসী বঙলাৰ কথাতো বাদেই, চৰকাৰী অফিচ ঘৰবোৰো একেদৰে নির্মাণ কৰা হৈছিল৷ চাং বঙলা হওক, দুমহলীয়া বঙলা হওক বা এমহলীয়া ঘৰেই হওক, সকলোতে একে ধৰণৰ ডিজাইন আছিল আৰু ফলত সেই ঘৰবোৰে স্থাপত্য শাস্ত্রত এটা বিশেষ স্থান অধিকাৰ কৰিছিল৷ এটা কথা চাব লাগিব যে এইবোৰৰ স্রষ্টা আছিল সুদূৰ বিদেশৰ মানুহ, যাৰ সৌন্দর্য ধাৰণাই অসমক এটি পৰিচয় দিছিল৷ কিন্তু কালক্রমত দেখা গৈছে চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক, উভয় খণ্ডৰেই সেই ঘৰবোৰে অযত্ন আৰু সৌন্দর্য ধাৰণাৰ অভাৱত সৌন্দর্যহীনতাৰ বলি হৈছে৷ কটন কলেজৰ অধ্যক্ষৰ বাসভৱনটি স্থাপত্য কলাৰ এটা সুন্দৰ নিদর্শন আছিল৷ সেই ঘৰটোৱে এটি অনুপম চহৰ চিহ্ণ হিচাপে চহৰখনৰ ঐতিহ্য প্রকাশ কৰি থাকিলহেঁতেন৷ কিন্তু মেৰামতিৰ প্রয়োজনতেই হয়তো ঘৰটোক এনে ৰূপ দিয়া হ’ল, যি কোনোপধ্যেই একোকে প্রতিনিধিত্ব কৰিব নোৱাৰে৷ অকল সিমানেই নহয়, ঘৰটোৰ চৌহদৰ ঠাইখিনিত ৰুচিহীনভাৱে নির্মাণ কৰা হ’ল এখন ইণ্ডোৰ ষ্টেডিয়াম৷ কটন কলেজৰ বাবে তেনে ধৰণৰ ষ্টেডিয়াম এখনৰ প্রয়োজন নিশ্চয় আছিল, কিন্তু তাৰ বাবে এটি অমূল্য চহৰ চিহ্ণক বলি দিয়াৰ কোনো প্রয়োজন নাছিল৷ ঠিক তেনেদৰে বিভিন্ন চৰকাৰী কার্যালয় থকা পুৰণি ঘৰবোৰৰ আকৃতিও ডাঙৰ কৰিবলগীয়া হৈছে অথবা একেই চৌহদত নতুন ঘৰ নির্মাণ কৰিবলগীয়া হৈছে৷ সৌন্দর্য আৰু ইতিহাস চেতনাহীন বিষয়াৰ দৌৰাত্ম্যত সেই ঘৰবোৰৰ সৌন্দর্য সকলো দিশৰ পৰাই ধ্বংস হৈছে৷
স্বাধীন ভাৰতৰ অসম চৰকাৰে অসমৰ চৌপাশে বিভিন্ন ঘৰ নির্মাণ কৰিছে, স্কুল–কলেজ, অফিচ–কাছাৰী, হাস্পতাল–পুথিভঁৰাল ইত্যাদি বিভিন্ন প্রয়োজনৰ বিভিন্ন আকাৰৰ ঘৰ৷ এইবোৰ নির্মাণ কৰাৰ বাবে চৰকাৰৰ বিশিষ্ট বিভাগ আছে, বিষয়া–স্থপতি আছে, কিন্তু চিন্তা কৰিলে কিয় আচৰিত লাগে যে অসম চৰকাৰে সেই পুৰণি ঘৰবোৰ সুন্দৰকৈ ৰখাৰ চিন্তা নকৰিলে আৰু অসম চৰকাৰৰ ঘৰবোৰৰ বাবে এটি সুন্দৰ আর্হি প্রস্তুত কৰাৰ কথা নাভাবিলে৷ অসম চৰকাৰে ৰাজ্যখনৰ সর্বত্র নির্মাণ কৰা ঘৰবোৰৰ কোনো ধৰণৰ সৌন্দর্য নাই, কোনো ভৱিষ্যমুখী চিন্তাৰ তাত প্রতিফলন নাই, কংক্রিটৰ বহুমহলীয়া ঘৰবোৰ মাথোঁ একোটা বাকচ৷ ঘৰবোৰৰ চৌহদটি সুন্দৰকৈ ৰখাৰ কোনো পৰিকল্পনা নাই৷ সেই ঠাইবোৰলৈ যোৱা মানুহবোৰৰ যান–বাহন ৰখাৰ কোনো পৰিকল্পিত ব্যৱস্থা নাই, আনকি নিম্নতম সা–সুবিধাবোৰো তাত নাই৷ ব্যক্তিগত খণ্ডত ঘৰ বান্ধিবলৈ ইচ্ছা কৰা মানুহৰ বাবে চৰকাৰে বহু নীতি–নিয়ম বান্ধি দিছে ঠিকেই, কিন্তু একেধৰণৰ কথা চৰকাৰী ঘৰবোৰৰ ক্ষেত্রতো অধিক পৰিকল্পিতভাৱে আৰু সৌন্দর্য প্রকাশকভাৱে হোৱাকৈ চিন্তা কৰিব লাগে৷ অসমক নতুন ৰূপত সজাব বিচৰা চৰকাৰখনে এই দিশবোৰতো চকু দিব লাগে৷ অকল নতুন ঘৰেই নহয়, পুৰণি ঘৰবোৰৰ ৰক্ষণাবেক্ষণৰ কথাও গুৰুত্বপূর্ণভাৱে গ্রহণ কৰিব লাগে৷ অসমৰ বহু ৰাজহুৱা ভৱনৰ বয়স এতিয়া শ বছৰ বা শ বছৰৰ সীমা স্পর্শ কৰিবলগীয়া অৱস্থাত আছে৷ সেই ঘৰবোৰ চহৰ একোখনৰ স্মাৰক আৰু অসমৰ স্থাপত্য ইতিহাসৰ একোটা সম্পদ৷ সেই সম্পদবোৰৰ ৰক্ষণাবেক্ষণ চৰকাৰৰ দায়িত্ব৷ পলম হৈ যোৱাৰ আগতেই চৰকাৰে সেই সম্পদবোৰ ভালকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু নতুনকৈ নির্মাণ কৰিবলগীয়া ঘৰবোৰৰ বাবে ভাল আর্হি আৰু বর্ণবিন্যাসৰ কথা চিন্তা কৰিব লাগে৷ অকল ঘৰেই নহয়, চহৰবোৰে উশাহ ল’বলৈ যিবোৰ মুকলি ঠাইৰ প্রয়োজন, সেই কথাও মনোযোগেৰে চিন্তা কৰিব লাগে৷

You might also like