নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ জি বৰুৱা ৰোডত মুকলি ‘দ্য গিটাৰ হাউছ’ শ্ব’ৰুম…

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ আজি গুৱাহাটীত মুকলি কৰা হয় সংগীত বাদ্যযন্ত্ৰৰ শ্ব’ৰুম দ্য গীটাৰ হাউছৰ নতুন শাখা। সন্ধিয়া ৫.৩০ বজাত কলামোদী অতিথিৰ উপস্থিতিত অসম আৰক্ষীৰ বিষয়া বিবেকানন্দ দাসে ফিটা কাটি মুকলি কৰে প্ৰতিষ্ঠানখন।

মহানগৰীৰ আৰ জি বৰুৱা ৰোডৰ কমাৰ্চ কলেজৰ সমীপত অৱস্থিত দ্য গীটাৰ হাউছ মুকলি কৰি আৰক্ষী বিষয়া বিবেকানন্দ দাসে কয়- ‘গীটাৰ হাউছৰ এই নতুন ব্ৰাঞ্চটো খোলাৰ কাৰণে অকল অসমেই নহয় উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ সংগীতৰ লগত জড়িত ব্যক্তি-সংগীতজ্ঞ লাভৱান হ’ব।’

প্ৰতিষ্ঠানখনৰ এগৰাকী স্বত্বাধিকাৰী নৱজিত শৰ্মাই গুৱাহাটীত উন্নত মানৰ সংগীত বাদ্যযন্ত্ৰৰ অভাৱ পূৰণ কৰাৰ উদ্দেশ্যে শ্ব’ৰুমটো মুকলি কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে দ্য গীটাৰ হাউছ ইতিমধ্যে ১৯৯৬ চনত চেৰাবভাটিত স্থাপন কৰা হৈছিল। এতিয়া ইয়াৰ আৰু এটা শাখা কমাৰ্চ পইণ্টৰ কাষত স্থাপন কৰি প্ৰতিষ্ঠানটোক সংবৰ্ধন কৰাৰ লগতে বাদ্যযন্ত্ৰৰ প্ৰসাৰ-প্ৰচাৰত ই অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে।

প্ৰতিষ্ঠানটো মুকলিৰ আগমুহূৰ্তত কিছু নষ্টালজিক হৈ পৰা নৱজিত শৰ্মাই লগতে কয় যে তেওঁ আৰু তেওঁ আন দুই ভাতৃ নয়ন শৰ্মা আৰু সঞ্জয় জেচ্চাৰিয়াৰ সংগীতৰ প্ৰতি থকা বিশেষ ৰাপৰ ফল আজিৰ এই প্ৰতিষ্ঠান। তিনিওগৰাকী ভাতৃৰ একাণপতীয়া সহযোগিতা আৰু প্ৰচেষ্টাত এই বাদ্যযন্ত্ৰ শ্ব’ৰুমে আজি এক বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য, উত্তৰ-পূৰ্বাঞ্চলজুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠানখনে নাগালেণ্ড হৰ্নবিল ফেষ্টিভেল, মেঘালয়ৰ এন এইচ ছেভেন উইকেন্দাৰ, মণিপুৰৰ ছি-ৰক, অৰুণাচলৰ জিৰো ফেষ্টিভেল, গুৱাহাটীৰ মমো ফেষ্টিভেল আদিতো তেওঁলোকে বাদ্যযন্ত্ৰ সামগ্ৰী যোগান ধৰে। ইয়ামাহা, কেছিঅ’, ৰোলেণ্ড আদি খ্যাতিমান কোম্পানীৰ পিয়ানো, গীটাৰ, মেণ্ডোলিন, পেড ড্ৰাম, মাৰ্চেল স্পীকাৰ, ভায়োলিন আদি ছাউণ্ড ৰেকৰ্ডৰ সমূহ সামগ্ৰী ৰখা শ্ব’ৰুমটোত ন্যূনতম মূল্যৰ পৰা অধিক মূল্যৰ সামগ্ৰী উপলব্ধ বুলি জানিবলৈ দিয়ে শৰ্মাই।

You might also like