নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ গৱেষকসকলে কর্মত নতুন উৎসাহ পাব৷ কোনো সংবাদত মন ঠিক নাথাকিব পাৰে৷ কর্মস্থানত সহকর্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক৷ প্রেমত শুভ৷
বৃষঃ ধন প্রাপ্তিৰ সম্ভাৱনা আছে৷ আনৰ কথাত মন বেয়া নকৰি স্ব–কর্মত মন দিয়ক৷ ব্যৱসায়ীসকল লেনদেনত বাধাপ্রাপ্ত হ’ব৷ শৰীৰৰ প্রতি নজৰ দিয়ক৷
মিথুনঃ সামগ্রিকভাৱে দিনটো ভালেৰেই পাৰ হ’ব৷ কর্মক্ষেত্রত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক৷ নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷
কর্কটঃ আনৰ ওপৰত নির্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে৷ নতুনকৈ কোন কামৰ সন্ধান পাব৷ ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে৷
সিংহঃ নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব পাৰে, সাৱধানে ধাকক৷ কর্মস্থানত নতুন দায়িত্ব পৰিব৷ দাম্পত্যত জেদভাৱ ত্যাগ কৰক৷ ভ্রমণৰ বাবে যো–জা৷
কন্যাঃ আর্থিকত খৰচ বৃদ্ধি পালেও যি প্রয়োজনীয় কাৰণ হ’ব পাৰে৷ ক্ষেত্র বিশেষে কর্ম লাভৰ আশাও কৰিব পাৰে৷ পৰিপার্শ্বিকত বিশেষ বাধা নাপাব৷ মাতৃৰ শৰীৰ ঠিকেই থাকিব৷
তুলাঃ দিনটো আপোনাৰ মোটামুটি ভালেই যাব৷ আর্থিকত প্রাপ্য ধন পোৱাৰ আশা কৰিব পাৰে৷ ব্যৱসায়ত আইনগত বাধা আহিব৷ ভ্রমণত দ্রব্য লাভৰ কাৰকতা৷
বৃশ্চিকঃ সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায়৷ বিদ্যাত অনুকূল৷ সন্তানৰ সুসংবাদ পাব৷ ঘৰুৱাত বেছি একো নাই৷ ব্যৱসায়ীসকলৰ আর্থিক সমস্যাৰ সমাধান হ’ব৷
ধনুঃ যোগ্যতাসম্পন ব্যক্তিয়ে নিজৰ প্রায়বোৰ কর্মতে সুচল অনুভৱ কৰিব পাৰে৷ ভাই–ভনীৰ পৰা আনন্দ পাব৷ আর্থিকত বিশেষ বাধা নাপাব৷ দাম্পত্যত চিন্তা৷
মকৰঃ মান–সন্মানৰ ক্ষেত্রত উৎসাহ পাব৷ পূর্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব৷ নতুন কর্ম সন্ধানৰ সম্ভাৱনা৷ বিদ্যাত শুভ৷ হঠাৎ আনন্দৰ কাৰক৷
কুম্ভঃ আজি সামান্য উন্নত হ’লেও দুই–এটা ক্লেশদায়ক কথাই মন গধুৰ কৰিব পাৰে৷ সতর্ক থাকিলে বহুতো হ্রাস পাব৷ ঘৰুৱা পৰিৱেশ মজলীয়া৷
মীনঃ অস্থিৰতা বর্জন কৰক৷ চেষ্টা কৰক৷ যান–বাহনৰ পৰা সাৱধান, আকস্মিক আঘাতপ্রাপ্তিৰ সম্ভাৱনা৷ ব্যৱসায়ীসকলে সফলতা পাব৷

You might also like