নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনকাৰী কৃষকক চর্তবিহীন আলোচনাৰ প্রস্তাৱ কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ বিতর্কিত কৃষি আইনক লৈ দেশৰ কৃষক সংগঠনসমূহে ৰাজধানী নতুন দিল্লী উত্তাল কৰি ৰখাৰ সময়তে  কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে প্রতিবাদী কৃষকসকলৰ সৈতে চর্তবিহীন আলোচনাত বহিবলৈ কেন্দ্রীয় চৰকাৰ সাজু আছে বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে কালি নিশা বিজেপি সভাপতি জে পি নাড্ডাৰ বাসগৃহত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ এক বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে দিল্লী তথা ইয়াৰ পার্শ্বৱর্তী অঞ্চলসমূহত কৃষকসকলে চলাই থকা প্রতিবাদী কার্যসূচীৰ বিষয়টো সন্দর্ভত আলোচনা কৰা হয়৷ কেন্দ্রীয় চৰকাৰে আগবঢ়োৱা চর্তসাপেক্ষ আলোচনাৰ প্রস্তাৱ বিক্ষুব্ধ কৃষক নেতাসকলে অগ্রাহ্য কৰাৰ পাছতে চৰকাৰৰ সন্মুখত সৃষ্টি হৈছে নতুন প্রত্যাহ্বান৷ স্মর্তব্য যে ৰাষ্ট্রীয় ৰাজধানী নতুন দিল্লী সীমান্ত অঞ্চলত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক বুৰাৰী গ্রাউণ্ডৰ আলোচনালৈ কেন্দ্রীয় চৰকাৰে আমন্ত্রণ জনাইছিল৷ কিন্তু কৃষক নেতাসকলে এই আলোচনাৰ প্রস্তাৱ অগ্রাহ্য কৰি কয় যে বুৰাৰী গ্রাউণ্ড এক মুক্ত কাৰাগাৰ৷ ইয়াৰ বিপৰীতে যন্তৰ–মন্তৰত প্রতিবাদ সাব্যস্ত কৰাৰ বাবে অনুমতি দিব লাগে বুলি কৃষকসকলে চৰকাৰৰ ওচৰত দাবী জনাইছে৷

লক্ষণীয়ভাৱে কেন্দ্রীয় চৰকাৰৰ বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্রান্তৰ পৰা কৃষকসকলে ‘দিল্লী চলো’ প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ আজি পঞ্চম দিনত ভৰি দিছে কৃষকৰ এই প্রতিবাদী কার্যসূচীয়ে৷ ইতিমধ্যে দেশৰ ৰাজধানী দিল্লীৰ টিক্রী আৰু সিংঘু সীমান্তত আজি প্রশাসনে যান–বাহনৰ চলাচল বন্ধ কৰি দিছে৷ সেইদৰে গাজীপুৰ সীমান্তও আংশিকভাৱে বন্ধ কৰিছে চৰকাৰে৷ ইফালে সিংঘু সীমান্তত প্রতিবাদী কৃষকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন কৰা হৈছে৷ আজি কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে কৃষি আইনৰ ওপৰত প্রতিবাদী কৃষকসকলৰ সৈতে চর্তহীন আলোচনাৰ বাবে কেন্দ্রীয় চৰকাৰ সাজু থকা বুলি ঘোষণা কৰিছে যদিও শীঘ্রে এই আলোচনা অনুষ্ঠিত হ’ব নে নাই, সেই সন্দর্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই মন্ত্রীগৰাকীয়ে৷ প্রতিবাদৰ মাজতে কৃষকসকলে দিল্লী–হাৰিয়ানাৰ টিক্রীত গুৰুনানক জয়ন্তী পালন কৰি পৰস্পৰৰ মাজত বিতৰণ কৰে প্রসাদ৷ ইফালে হাৰিয়ানাৰ মুখ্যমন্ত্রী এম এল খট্টৰে কৃষকৰ প্রতিবাদৰ স’তে খালিস্তানৰ সম্পর্ক থকা বুলি কৰাৰ অভিযোগৰ পাছতে শিৱসেনাই নেতাগৰাকীক কঠোৰ সমালোচনা কৰিছে৷ শিৱসেনাৰ মুখপত্র সামনাত এক নিবন্ধত উল্লেখ কৰা হৈছে যে বিজেপিয়ে দেশত নৈৰাজ্যৰ সৃষ্টি কৰাৰ ষড়যন্ত্র ৰচিছে৷

ইন্দিৰা গান্ধী আৰু জেনেৰেল অৰুণ কুমাৰ বৈদ্যই প্রাণ আহুতি দিছিল খালিস্তানৰ সমস্যাৰ বাবে৷ ইয়াৰ পাছতে খালিস্তান দেশৰ ইতিহাসত এক বিলুপ্ত অধ্যায় বুলিও শিৱসেনাই উল্লেখ কৰিছে৷ কৃষকসকলৰ প্রতিবাদ অব্যাহত থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি পুনৰ নতুন কৃষি আইনৰ সমর্থনত মন্তব্য আগবঢ়াই কয় যে এই আইনে পুৰণি ব্যৱস্থা কেতিয়াও বন্ধ নকৰে৷ আজি নিজ সংসদীয় সমষ্টি বাৰাণসীত ৭৩ কিলোমিটাৰ দৈর্ঘ্যৰ ৬ লেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ প্রকল্প মুকলি কৰি মোদীয়ে কয় যে কৃষকসকলৰ মনত কেইবাদশক ধৰি ভুল ধাৰণা সুমুৱাই দিয়া হৈছে৷ গংগা নদীৰ তীৰৰ পৰাই তেওঁ কৃষকসকলক প্রতিশ্রুতি দিয়ে যে যদি পূর্বৰ ব্যৱস্থা ভাল আছিল, তেন্তে নতুন আইনে তাক কেতিয়াও বন্ধ কৰিব নোৱাৰে৷ নতুন মুক্ত বজাৰ ব্যৱস্থাই কৃষকসকলক লাভান্বিত কৰিব বুলিহে প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰে৷

You might also like