নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি–ৰোহিতৰ সমন্বয়ৰ অভাৱ দুর্ভাগ্যজনক

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু অ’পেনাৰ ৰোহিত শর্মাৰ সমন্বয়ৰ অভাৱ ভাৰতীয় দলটোৰ বাবে অত্যন্ত দুর্ভাগ্যজনক৷ বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈ প্রশিক্ষক ৰবি শাস্ত্রীয়ে সকলো বিষয় স্পষ্ট কৰা উচিত৷ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন অ’পেনাৰ গৌতম গম্ভীৰে৷ ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত তেওঁ আজি কয় যে ৰোহিতৰ আঘাত সন্দর্ভত অধিনায়ক কোহলি অৱগত নহয় বুলি ৰাজহুৱাকৈ প্রকাশ কৰাটো দুর্ভাগ্যজনক বিষয়৷ ৰোহিতৰ আঘাতৰ বিষয়ে প্রশিক্ষক শাস্ত্রীয়ে কোহলিক জনোৱা উচিত আছিল৷ এইক্ষেত্রত দলৰ ফিজি’ আৰু ৰাষ্ট্রীয় নির্বাচক মণ্ডলীও সমানে জগৰীয়া৷ ‘ৰোহিত শর্মা দলৰ এগৰাকী অন্যতম জ্যেষ্ঠ আৰু গুৰুত্বপূর্ণ খেলুৱৈ৷ তেওঁৰ আঘাত সন্দর্ভত অধিনায়কে একো নাজানো বুলি কোৱাটো অৰুচিকৰ৷ প্রশিক্ষক শাস্ত্রীয়ে দলৰ ভিতৰচ’ৰাত এইধৰণৰ পৰিৱেশ সৃষ্টিত বাধা দিব পাৰিব লাগিছিল৷’ গম্ভীৰে এইদৰে কয়৷

You might also like