নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা মহামাৰী আৰু দুর্ভিক্ষ

ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি যি ভয়াৱহ আর্থিক বিপর্যয় আৰু দাৰিদ্র্যৰ সৃষ্টি কৰিছে, তাক লৈ ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সংস্থাসমূহ উদ্বিগ্ণ হৈ পৰিছে৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ অফিচ ফৰ দ্য ক’–র্ডিনেচন অৱ হিউমেনিটেৰিয়াম এফেয়ার্ছ বা অ’ চি এইচ এ নামৰ সংস্থাটোৱে চলোৱা সমীক্ষা অনুসৰি ক’ভিড সংকটে চলিত বর্ষত সমগ্র পৃথিৱীত যি বিপর্যয়ৰ সৃষ্টি কৰিছে তাতকৈ ভয়াৱহ হ’ব আগন্তুক ২০২১ বর্ষৰ পৰিস্থিতি৷ ক’ভিডৰ প্রভাৱতেই বহু দেশত দুর্ভিক্ষৰ কবলত পৰিব অসংখ্য লোক৷ এই লোকসকলক প্রয়োজনীয় মানৱীয় সাহায্য প্রদানৰ বাবে আন্তর্জাতিক সম্প্রদায়ৰ সন্মুখত সৃষ্টি হ’ব নতুন প্রত্যাহ্বান৷ অ’ চি এ ই এৰ সমীক্ষা অনুসৰি ২০২১ বর্ষত ২৩ কোটি ৫০ লাখ লোকক বিভিন্ন সাহায্য প্রদানৰ প্রয়োজন হ’ব৷ শীঘ্রে এই লোকসকলক মানৱীয় সাহায্য প্রদানৰ ব্যৱস্থা গ্রহণ নকৰিলে এই লোকসকল দুর্ভিক্ষৰ কবলত পৰিব৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি বিশ্বত প্রথমবাৰলৈ মহামাৰীৰ বাবেই আহি পৰিছে নজিৰবিহীন দুর্ভিক্ষ৷ লক্ষণীয়ভাৱে এই লোকসকলক সাহায্য প্রদানৰ বাবে প্রয়োজন হ’ব বৃহৎ অংকৰ ধনৰাশিৰ৷ কিন্তু দাতব্য সংস্থাসমূহে এতিয়ালৈকে ক’ভিডকালত দুর্ভিক্ষ তথা অন্যান্য সংকটৰ কবলত পৰা লোকসকলৰ সাহায্যৰ বাবে পর্যাপ্ত ধন আগবঢ়োৱা নাই৷ সংস্থাটোৰ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি এই ২৩ কোটি ৫০ লাখ লোকৰ ১৬ কোটিক সাহায্য প্রদানৰ বাবে বর্ষটোত প্রয়োজন হ’ব ৩,৫০০ কোটি ডলাৰ৷ চলিত বর্ষটোত ক’ভিড সংকটৰ সময়ত দুর্গত লোকসকলক সাহায্য প্রদানৰ বাবে বিভিন্ন দেশ তথা দাতব্য সংস্থাসমূহে আগবঢ়াইছে এই ধনৰাশিৰ আধাতকৈও কম ধন৷ অর্থাৎ ২০২১ বর্ষত ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰিব এক অকল্পনীয় দুর্ভিক্ষ৷ ইতিমধ্যে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা বিভিন্ন দেশক মহামাৰীৰ মোকাবিলা কৰিবলৈ সর্বোচ্চ উজাৰি সাজু হ’বলৈ আহ্বান জনোৱা হৈছে যদিও এইক্ষেত্রত আন্তর্জাতিক সহমত সৃষ্টি হোৱা নাই৷
ক’ভিডকালীন দুর্যোগে অকল যে দুর্ভিক্ষৰ আশংকা কঢ়িয়াই আনিছে তেনে নহয়, সংঘর্ষজর্জৰ অঞ্চলসমূহত ক’ভিডৰ সুৰুঙা লৈয়ে দুর্গত লোকসকলৰ ওপৰত চলোৱা হৈছে অকথ্য নির্যাতন৷ শেহতীয়াকৈ ইৰাকৰ সংখ্যালঘু য়াজিডি খ্রীষ্টান সম্প্রদায়ৰ অধিকাৰকর্মী তথা ন’বেল শান্তি বঁটা বিজয়ী নেত্রী নাদিয়া মুৰাদে ঘোষণা কৰিছে যে ইৰাককে ধৰি বিভিন্ন দেশত লকডাউন, সান্ধ্য আইন আৰু ভ্রমণ নিষেধাজ্ঞাৰ সুযোগ লৈ নাৰীৰ ওপৰত চলোৱা হৈছে বর্বৰ আতিশয্য৷ নাদিয়া মুৰাদৰ ওপৰত ২০১৪ চনৰ পৰা ইৰাকত চলিছিল যৌন আতিশয্য৷ নাদিয়াকে ধৰি হাজাৰ হাজাৰ য়াজিডি মহিলা তথা যুৱতীৰ ওপৰত ইছলামিক ষ্টেট জেহাদীয়ে চলাইছিল যৌন নির্যাতন৷ কুখ্যাত জেহাদী সংগঠনৰ যৌন দাসী হোৱা নাদিয়াই দুর্গত অঞ্চলৰ নাৰী সমাজৰ মুক্তিৰ বাবে যুঁজ দি আহিছে৷ ক’ভিড সংকটৰ মাজতে সংঘর্ষজর্জৰ অঞ্চলসমূহ ভ্রমণ কৰি নাৰীৰ ওপৰত চলি থকা আতিশয্যৰ তথ্য সংগ্রহ কৰিছে নাদিয়া মুৰাদে৷ এই সময়ছোৱাত বিভিন্ন অঞ্চলত নাৰী অপহৰণৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি আক্ষেপ কৰি নাদিয়া মুৰাদে এইক্ষেত্রত আন্তর্জাতিক সম্প্রদায়ে এতিয়াও বিশেষ গুৰুত্ব প্রদান কৰা নাই বুলি অভিযোগ কৰিছে৷ ন’বেল শান্তি বঁটা বিজয়ী অধিকাৰ কর্মীগৰাকীৰ এই চাঞ্চল্যকৰ অভিযোগৰ পিছতে স্পষ্ট হৈছে যে ক’ভিড–১৯ মহামাৰীয়ে এতিয়া বিশ্বত বিভিন্ন অপৰাধ কাণ্ডতো ইন্ধন যোগাইছে৷ বিশ্বজুৰি ক’ভিড ভেকচিন প্রস্তুতৰ সম্ভাৱনা উজ্জ্বল হৈ পৰাৰ সময়তে মহামাৰীয়ে আগন্তুক দিনলৈ কঢ়িয়াই আনিব পৰা বিপর্যয়ৰ আশংকাই মানৱ জাতিৰ সন্মুখত নতুন প্রত্যাহ্বান সৃষ্টিৰ ইংগিত দিছে৷ এইক্ষেত্রত আন্তর্জাতিক সম্প্রদায়সমূহে এতিয়াও বিশেষ গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like