নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ মাগুৰী মতাপুং বিলত পক্ষী নিধন খবৰ নাই বন বিভাগৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বিগত প্ৰায় চয় মাহৰ ওপৰ দিন ধৰি আতংকৰ সৃষ্টি কৰি থকা বাঘজানৰ অইল খাদৰ জুই নিৰ্বাপিত হোৱাৰ পাছত কাষতে লাগি থকা দেশ বিদেশৰ পক্ষীৰ অন্যতম বিচৰণ স্থলি মাগুৰি মতাপুং বিললৈ ক্ৰমাত পুনৰ ঘুৰি আহিছে পক্ষীৰ কোলাহল ৷ আৰম্ভ হৈছে পয্যটকৰ আগমন ৷ সেউজীয়া জলজ উদ্ভিদ, প্ৰকৃতিক সৌন্দয্য,বিভিন্ন দেশী বিদেশী দুষ্পাপ্য চৰাইয়ে জীপাল কৰিছে মাগুৰী মতাপুং বিল ৷
কিন্তু তাৰ মাজতে আৰম্ভ হৈছে এচাম দুস্কৃতিকাৰীৰ পক্ষী নিধন পৰ্ব ৷ হাতে হাতে কেতেপা জাতীয় অস্ত্ৰ লৈ বিভিন্ন দেশী বিদেশী চৰাই নিধন পৰ্ব আৰম্ভ কৰিছে প্ৰতিদিনে ৷ বিষয়তো লৈ স্থানীয় নাগৰিক তথা প্ৰকৃতিপ্ৰেমীৰ মাজত আলোচনাই ঠাই পাইছে ৷ যদিও আজিলৈকে বন বিভাগৰ নাই কোনো সক্ৰীয়তা ৷ কিন্দ্ৰীয় চৰকাৰৰ বন মন্ত্ৰণালয়ে ইতিমধ্যে মাগুৰি মতাপুং বিলক বাৰ্ড চেঞ্চুৰী হিচাৱে ঘোষণা কৰি থৈছে ৷

You might also like