নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাদক দ্ৰব্যৰ তালিকাৰ পৰা আঁতৰালে ভাং, ৰাষ্ট্ৰসংঘৰ ঐতিহাসিক সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ এক ঐতিহাসিক সিদ্ধান্তৰে ৰাষ্ট্ৰসংঘই ভাঙক ঔষধি গুণযুক্ত সামগ্ৰীৰ অন্তৰ্গত কৰিলে। হয় ভাং এতিয়া কোকেইন বা হিৰোইনৰ দৰে মাদক দ্ৰব্য নহয় বুলি স্বীকৃতি দিলে ৰাষ্ট্ৰসংঘই। বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰসংঘই এই সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাষ্ট্ৰসংঘৰ মাদক দ্ৰব্য আয়োগে ভাঙক মাৰাত্মক মাদক দ্ৰব্যৰ তালিকাৰ পৰা আঁতৰাই দিয়ে। মাদক দ্ৰব্যৰ তালিকাৰ পৰা আঁতৰ কৰা-নকৰা সম্পৰ্কে ৰাষ্ট্ৰসংঘই ভোটদানৰ ব্যৱস্থা কৰিছিল আৰু তালিকাৰ পৰা আঁতৰ কৰাৰ সপক্ষে ২৭ টা আৰু নকৰাৰ বাবে ২৫ টা ভোট লাভ কৰা হৈছিল।

এই ঐতিহাসিক ভোটগ্ৰহণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে পৰিৱৰ্তনৰ সপক্ষে ভোট দিয়াত কোকেইন-হিৰোইনৰ দৰে ঔষধি গুণ নথকা মাদক দ্ৰব্যৰ তালিকাৰ পৰা গাঞ্জাক আঁতৰ কৰোৱা হয়। ভোটদানৰ ক্ষেত্ৰত অৱশ্যে ভাৰত, পাকিস্তান, নাইজেৰিয়া আৰু ৰাছিয়াই ইয়াক মাদক দ্ৰব্যৰ তালিকাতে ৰখোৱাৰ বাবে ভোটদান কৰিছিল।

কিন্তু শেহতীয়াকৈ কৰা কিছু গৱেষণাত গাঞ্জাৰ ঔষধি গুণৰ উমান পোৱাত WHOৰ বিশেষজ্ঞয়ো এইক্ষেত্ৰত প্ৰভাৱিত কৰিছিল। অৱশ্যে চিকিৎসাজনিত দিশৰ বাহিৰে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰা নহ’ব বুলিও ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে।

উল্লেখ্য বিশ্বৰ কিছুসংখ্যক দেশত ভাঙক বৈধ বুলি গণ্য কৰা হয় যদিও ভাৰতত এইক্ষেত্ৰত নিষেধাজ্ঞা জাৰি আছে।

You might also like