নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাডোনাক শ্রদ্ধা জনাই জৰিমনাৰ সন্মুখীন হ’ল মেছি

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ফুটবলৰ ৰাজপুত্র ডিয়েগো মাৰাডোনাক অভিনৱ ধৰণে শ্রদ্ধা নিবেদন কৰি বিপদত পৰিছে বার্চিলোনাৰ তাৰকা লি’নেল মেছি৷ ১৯৮৬ বিশ্বকাপৰ মহানায়ক মাৰাডোনাৰ আকস্মিক বিয়োগৰ দুদিন পিছতে লা লিগাত গ’ল কৰি মেছিয়ে বার্চিলোনাৰ জার্ছি খুলি নিউৱেলৰ অ’ল্ড বয়জ ক্লাবৰ জার্ছি প্রদর্শন কৰি আর্জেণ্টিনাৰ কিংবদন্তিগৰাকীক শ্রদ্ধা নিবেদন কৰিছিল৷

উল্লেখ্য যে মাৰাডোনা আৰু মেছিয়ে এটা সময়ত কেৰিয়াৰৰ আৰম্ভণিতে আর্জেণ্টিনাৰ নিউৱেল অ’ল্ড বয়জ ক্লাবৰ হৈ খেলিছিল৷ সেয়ে ক্লাবটোৰ সৈতে থকা মাৰাডোনাৰ সম্পর্কক প্রতিফলিত কৰি বার্চিলোনাৰ তাৰকাগৰাকী নিজৰ জার্ছি খুলি অ’ল্ড বয়জ ক্লাবৰ জার্ছি প্রদর্শন কৰিছিল৷

মেছিৰ এই অভিনৱ শ্রদ্ধা প্রদর্শনে ফুটবল অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হয়৷ কিন্তু ইয়াৰ বাবে স্পেনিছ ফুটবল ফেডাৰেচনে  মেছিৰ বিৰুদ্ধে ৬০০ ইউৰোৰ জৰিমনা আৰোপ কৰিছে৷

মন কৰিবলগীয়া যে লা লিগাত অ’ছাছুনাৰ বিৰুদ্ধে বার্চিলোনাৰ ৪–০ গ’লৰ বৃহৎ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি মেছিয়ে এগ’ল কৰিবলৈ সক্ষম হৈছিল৷

You might also like