নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পদক্ষেপঃ শুৱালকুছিৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ  বৃহস্পতিবাৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচেষ্টা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ড০ অভিজিৎ শর্মা, মন্ত্রী ড০ শর্মাৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টদেৱৰ সহযোগত পশ্চিম শুৱালকুছিৰ জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷

৬০ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলক (পুৰুষ–মহিলা) নিজৰ ঘৰৰ পৰা গাড়ীৰে জি এম চি এইচলৈ নি স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত পুনৰ ঘৰত থৈ যোৱাৰ ব্যৱস্থা কৰা হয়৷ লগতে বিনামূলীয়াকৈ প্রয়োজনীয় ঔষধ আৰু ৰোগৰ পৰীক্ষাসমূহো কৰা হয়৷

মন্ত্রী ড০ শর্মাৰ এনে প্রচেষ্টাক জ্যেষ্ঠ নাগৰিকসকলে ভূয়সী প্রশংসা কৰিছে৷ আজিও পশ্চিম শুৱালকুছিৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিব৷

You might also like