নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্থিক দীনতাৰ বাবেই গান্ধীবস্তি–চানমাৰিত দুই যুৱকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ আর্থিক দৈন্যৰ বাবেই কালি গুৱাহাটীৰ গান্ধীবস্তিৰ ভাৰাঘৰত এজন প্রতিভাৱান যুৱকে আত্মহত্যাৰ দৰে পথ বাছি লয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে গান্ধীবস্তিৰ চাৰি নং উপ পথত ভাৰাতীয়া হিচাপে থকা কুমুদ মেধি নামৰ যুৱকজনে কালি বিয়লি আত্মহত্যা কৰে৷ প্রতিবেশীয়ে কুমুদক চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰি চানমাৰি আৰক্ষীক অৱগত কৰে৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কুমুদৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ কুমুদৰ বন্ধুবর্গই জানিবলৈ দিয়া মতে কুমুদৰ মাতৃ কর্কট ৰোগত আক্রান্ত হৈ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মাতৃৰ চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰি মানসিকভাৱে কুমুদ ভাগি পৰিছিল৷ কুমুদে এজন লোকৰ পৰা ৩.৫ লাখ টকা পাবলৈ আছিল৷ লোকজনৰ পৰা পাবলগীয়া টকাখিনি বিচাৰি কালি কুমুদে ফোন কৰিছিল যদিও লোকজনে ফোনৰ চুইছ অফ কৰি দিছিল৷ বিয়লিলৈ কুমুদে আত্মহত্যাৰ দৰে পথ বাছি লয়৷

ইফালে, আর্থিক দৈন্যৰ বাবেই চানমাৰিৰ পিয়লি ফুকন নগৰৰ বাসুদেৱ বৰা নামৰ এজন যুৱকে আজি আত্মহত্যা কৰে৷ লকডাউনৰ বাবে আর্থিক অনাটনৰ সন্মুখীন হৈ মানসিকভাৱে ভাগি পৰাত যুৱকজনে আত্মহত্যাৰ দৰে পথ বাছি লয় বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷

You might also like