গৌৰৱময় সেই ৬০ বছৰ
১৯৬০: ৩০ অক্টোবৰত বুয়েনছ আয়ার্ছৰ উপকণ্ঠৰ লানুছত জন্ম৷
১৯৭০: লছ কেবলিটাছৰ চেমনীয়া ফুটবল দলত যোগদান কৰাৰ সুযোগ৷
১৯৭১: আর্জেণ্টিনোছ জুনিয়র্ছৰ জুনিয়ৰ ফুটবল দলত মাত্র ১১ বছৰ বয়সতে অন্তর্ভুক্ত৷
১৯৭৬; ১৫ বছৰ বয়সত ক্লাবটোৰ মূল দললৈ নির্বাচিত৷ প্রফেছনেল কেৰিয়াৰৰ আৰম্ভণি৷
১৯৭৮: আর্জেণ্টাইন জাতীয় দলত সর্বকনিষ্ঠ খেলুৱৈ হিচাপে অন্তর্ভুক্ত৷
১৯৭৯: জুনিয়ৰ বিশ্বকাপত নিজৰ প্রথমটো আন্তঃৰাষ্ট্রীয় গ’ল৷
১৯৮০: স্পেনিছ লীগত বার্চিলোনাৰ সৈতে চুক্তিবদ্ধ৷
১৯৮১: ১.৯৬ নিযুত ডলাৰত বোকা জুনিয়র্ছলৈ ট্রেন্সফাৰ৷
১৯৮২: নিজৰ প্রথম বিশ্বকাপত দুটা আকর্ষণীয় গ’লৰ পিছত ব্রাজিলৰ বিৰুদ্ধে খেলত ৰঙা কার্ড৷ সেই বছৰতে ৯.৮১ নিযুত ডলাৰত (সেই সময়ৰ ৰেকর্ড) পুনৰ বার্চিলোনালৈ ট্রেন্সফাৰ৷
১৯৮৪: ইটালীৰ ক্লাব নেপ’লিয়ে মাৰাডোনাক চুক্তিবদ্ধ কৰে ১৩.৫৪ নিযুত ডলাৰত, আন এক ৰেকর্ড৷
১৯৮৬: আর্জেণ্টিনাৰ অধিনায়ক হিচাপে বিশ্বকাপত চমকপ্রদ প্রদর্শন৷ পাঁচটাকৈ গ’ল আৰু পাঁচটাকৈ গ’লত সহযোগেৰে আর্জেণ্টিনাৰ বিশ্বকাপ বিজয়ত মূল ভূমিকা৷ ইয়াৰ ভিতৰত আছে ইংলেণ্ডৰ বিৰুদ্ধে বহুচর্চিত ‘হেণ্ড অৱ গড’ গ’ল৷ সেই খেলখনতে ছজনকৈ ইংলিছ ফুটবলাৰক ড্রিব্লিং কৰি তেওঁ দিয়া গ’লটো ফিফাৰ সমীক্ষাত শতাব্দীৰ শ্রেষ্ঠ গ’ল হিচাপে স্বীকৃত৷
১৯৮৯: দীর্ঘদিনৰ প্রেমিকা ক্ল’ডিয়াৰ সৈতে বিবাহপাশত আবদ্ধ৷
১৯৯০: বিশ্বকাপৰ ফাইনেলত পশ্চিম জার্মানীৰ বিৰুদ্ধে পৰাজয়৷
১৯৯১: অবৈধ সন্তানৰ পিতৃত্বক লৈ আইনী গোচৰ৷ ড’পিং টেষ্টত ব্যর্থ, কোকেইন সেৱনৰ অভিযোগত ১৫ মাহৰ বাবে নিলম্বিত৷
১৯৯২: স্পেনিছ লীগত ছেভিলাৰ হৈ প্রত্যাৱর্তন৷
১৯৯৩: জন্মভূমি আর্জেণ্টিনালৈ প্রত্যাৱর্তন কৰি নিউৱেলছ অ’ল্ড বয়জত যোগদান৷
১৯৯৪: ড্রাগ টেষ্টত পুনৰ ব্যর্থ৷ আমেৰিকাৰ বিশ্বকাপৰ পৰা তেওঁক স্বদেশলৈ ঘূৰাই পঠিওৱা হয়৷
১৯৯৫: বোকা জুনিয়র্ছৰ হৈ প্রফেছনেল কেৰিয়াৰৰ অন্তিম ছীজন৷
১৯৯৬: ড্রাগছ আসক্তিৰ বাবে চিকিৎসাধীন৷
১৯৯৭: পুনৰ ড্রাগ টেষ্টত অনুত্তীর্ণ হৈ ৩৭ বছৰ বয়সত অৱসৰ গ্রহণ৷
২০০০: আত্মজীৱনী ‘য়’ ছয় এল ডিয়েগ’’ বেষ্টছেলাৰ৷ হূদৰোগত আক্রান্ত হৈ মূর্ছা যোৱাৰ পিছত কিউবাত চিকিৎসাধীন৷ ফিডেল কাষ্ট্র’ৰ সৈতে বন্ধুত্ব৷
২০০২: ড্রাগছ আসক্তিৰ বাবে কিউবাত চিকিৎসাধীন৷
২০০৪: পুনৰ হূদৰোগত আক্রান্ত হৈ মূর্ছা যোৱাৰ পিছত কিউবাৰ চিকিৎসালয়ত ভর্তি৷
২০০৫: নিজৰ টেলিভিছন টক শ্ব’ৰ আৰম্ভণি৷ প্রথম খণ্ডত পেলেৰ সৈতে সাক্ষাৎকাৰ৷
২০০৮: আর্জেণ্টিনাৰ জাতীয় প্রশিক্ষক৷ ২০১০ বিশ্বকাপত ব্যর্থ৷ ভাৰত ভ্রমণত কলকাতাত ফুটবল স্কুল মুকলি৷
২০১৩: আর্জেণ্টিনাৰ ক্লাব ডিপ’র্টিভোত স্পিৰিচুৱেল কোচ হিচাপে চুক্তিবদ্ধ৷
২০১৭: পুনৰ ভাৰত ভ্রমণ, কলকাতাত প্রদর্শনীমূলক মেচত অংশগ্রহণ৷
২০১৯: আর্জেণ্টাইন ক্লাব জিমনাছিয়া ডে লা প্লাটাত মুখ্য প্রশিক্ষক হিচাপে যোগদান৷
২০২০: বুয়েনছ আয়ার্ছৰ এখন হাস্পতালত মস্তিষ্কত তেজ গোট মৰাৰ বাবে অস্ত্রোপচাৰ সম্পন্ন৷ ৰিলিজৰ পিছত বিশ্রামত থকাৰ সময়তে মৃত্যু৷