ৰাজ্যত ক’ৰোনাত পুনৰ দুজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যখনত ক’ভিডৰ সংহাৰৰ ধাৰা এতিয়াও অব্যাহত আছে৷ শনিবাৰেও অসমত দুগৰাকী ক’ভিড ৰোগীয়ে প্রাণ হেৰুৱায়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৯গৰাকীলৈ বৃদ্ধি পালে৷
লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি, শনিবাৰে শোণিতপুৰৰ ৰূপা দেৱী (৫০) আৰু নগাঁৱৰ ভাওৰেশ্বৰ বৰদলৈৰ (৭৮) মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই দুয়োগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, শনিবাৰে ৰাজ্যখনত নতুনকৈ ১৫৭গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৩৯গৰাকী গুৱাহাটী মহানগৰীৰ৷