নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীৰ পৰা দেশজুৰি বলৱৎ হ’ব ‘কা’

পশ্চিমবংগত বিজেপিৰ জ্যেষ্ঠ নেতা কৈলাস বিজয়বার্গিয়াৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চমুকৈ ‘কা’ অহা জানুৱাৰীৰ পৰা দেশজুৰি বলৱৎ হ’ব৷ অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা পশ্চিমবংগৰ দায়িত্বত থকা কৈলাস বিজয়বার্গিয়াই এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ পশ্চিমবংগত বসবাস কৰি থকা বৃহৎসংখ্যক শৰণার্থী জনসংখ্যাৰ লক্ষ্য আগত ৰাখি জানুৱাৰী মাহত কেন্দ্রীয় চৰকাৰে ‘কা’ বলৱৎ কৰিব বুলি বিজেপিৰ জ্যেষ্ঠ নেতা বিজয়বার্গিয়াই ঘোষণা কৰে৷ ৰাজ্যখনৰ দক্ষিণ ২৪ পৰগনা জিলাত ‘আৰ নয় অন্যায়’ শীর্ষক অভিযানত অংশ লৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে ‘কা’ৰ অধীনত জানুৱাৰী মাহৰ পৰাই শৰণার্থীসকলক নাগৰিকত্ব প্রদান কৰা প্রক্রিয়া আৰম্ভ হ’ব৷

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা ধর্মীয় সংখ্যালঘুক নাগৰিকত্ব প্রদান কৰাৰ বাবে ‘কা’ বলৱৎ কৰিব বুলিও কয় বিজেপি নেতাগৰাকীয়ে৷ আনপিনে শাসকীয় তৃণমূল কংগ্রেছ চৰকাৰে শৰণার্থীৰ প্রতি কোনো ধৰণৰ সহানুভূতি প্রদর্শন নকৰা বুলি বিজেপিৰ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে চুবুৰীয়া ৰাষ্ট্রৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত বসবাস কৰি থকা ধর্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব প্রদান কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ‘কা’ গৃহীত কৰিছে৷ উল্লেখ্য যে বিজেপি নেতাগৰাকীয়ে জানুৱাৰীৰ পৰা ‘কা’ বলৱৎ কৰিব বুলি ঘোষণা কৰাৰ পাছতেই টি এম চিৰ নেতা তথা ৰাজ্যৰ মন্ত্রী ফিৰহাদ হাকিমে বিজেপিৰ পশ্চিমবংগৰ জনতাক মূর্খ সজাবলৈ বিচাৰিছে বুলি অভিযোগ কৰে৷ গুৰুত্বপূর্ণ যে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে জানুৱাৰীৰ পৰা ‘কা’ বলৱৎ হ’ব বুলি পশ্চিমবংগত ঘোষণা কৰিলেও ইয়াৰ প্রভাৱ অসমতো পৰাৰ সম্ভাৱনা আছে৷ বি টি আৰত অনুষ্ঠিত নির্বাচনত বিজেপিৰ নেতাগৰাকীৰ মন্তব্যৰ প্রভাৱ পেলাব পাৰে৷ কিয়নো বি টি আৰৰ কোকৰাঝাৰকে ধৰি বিভিন্ন স্থানত ধর্মীয় সংখ্যালঘু লোক আছে৷

You might also like