নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োভূমিত হিলদল ভাঙি পৰিৱর্তনৰ ভোট

শান্তিপূর্ণভাৱে সম্পন্ন বিটিচিৰ প্রথম পর্যায়ৰ নির্বাচন

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ  দুই–এটা উত্তেজনাপূর্ণ ঘটনাক বাদ দি সামগ্রিকভাৱে শান্তিপূর্ণ পৰিস্থিতিৰ মাজেৰে সম্পন্ন হ’ল বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ৷ আজি প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত বাক্সা আৰু ওদালগুৰি জিলাবাসীৰ গণতন্ত্রৰ উৎসৱলৈ সমর্থন আছিল অভূতপূর্ব৷ পুৱাৰ ভাগৰ পৰাই ভোটাৰ ৰাইজে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহে৷ বড়োভূমিত ভোটদানৰ বাবে শাৰী পতা গৰিষ্ঠসংখ্যকৰ মুখতেই শুনা গ’ল পৰিৱর্তনৰ কথা৷ এক কথাত ক’বলৈ গ’লে বড়োভূমিৰ নির্বাচন যেন এইবাৰ পৰিৱর্তনৰ ভোটলৈ পর্যবসিত হৈছে৷ উল্লেখ্য যে বিটিচিৰ মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২১টাই হ’ল বাক্সা আৰু ওদালগুৰি জিলাৰ অন্তর্গত৷ এইবাৰ বাক্সা জিলাৰ ১১টা পৰিষদীয় সমষ্টিৰ বাবে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে মুঠ ৭০জন প্রার্থী৷ ৰাজ্যিক নির্বাচন আয়োগ তথা জিলা প্রশাসনে এই ১১টা পৰিষদীয় সমষ্টিৰ মুঠ ৭,৪১,৯১৯জন ভোটাৰৰ বাবে ৯৩২টা ভোটগ্রহণ কেন্দ্রৰ ব্যৱস্থা কৰিছিল৷ পুৱা নির্ধাৰিত সময় ৭.৩০ বজাৰ বহু আগৰে পৰাই ভোটগ্রহণ কেন্দ্রসমূহত পৰিলক্ষিত হ’ল ভোটাৰৰ দীঘলীয়া শাৰী৷ সেইদৰে ওদালগুৰি জিলাৰ ৬,২২,৪০৮জন ভোটাৰৰ বাবে স্থাপন কৰা হৈছিল ৮০৭টা ভোটগ্রহণ কেন্দ্র৷ জিলাখনৰ ১০টা পৰিষদীয় সমষ্টি দখলৰ যুঁজত নামি পৰিছে ৬০জন প্রার্থী৷ ওদালগুৰি জিলাতো দেখা গ’ল ভোটাৰৰ একেই উছাহ৷ ভোটগ্রহণ প্রক্রিয়া যাতে শান্তিপূর্ণভাৱে সম্পন্ন হয়, তাৰ বাবে প্রশাসনে আৰম্ভণিৰে পৰাই দুয়োখন জিলাতেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল৷ পিছে আশংকা কৰাৰ দৰেই দুয়োখন জিলাতেই কেনো ধৰণৰ আইন–শৃংখলা পৰিস্থিতিৰ বাতৰি লিখা পৰলৈকে উদ্ভৱ হোৱা নাই৷

বাক্সা প্রশাসনৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি জিলাখনত সামগ্রিকভাৱে ভোটদানৰ হাৰ প্রায় ৭৭.৮৮ শতাংশ৷ একেদৰে ওদালগুৰিত সামগ্রিকভাৱে প্রায় ৭৬.১২ শতাংশ ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰা বুলি জিলা প্রশাসনৰ এক সূত্রই জানিবলৈ দিছে৷ এই হিচাপত দুয়োখন জিলাত ভোটদানৰ হাৰ হৈছে ৭৭ শতাংশ৷ অৱশ্যে কাইলৈ এই হাৰ কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা আছে৷ বাক্সা জিলা গঠন হৈছে তিনিটা মহকুমা ক্রমে মুছলপুৰ, তামুলপুৰ আৰু শালবাৰীক লৈ৷ মুছলপুৰ মহকুমাৰ অন্তর্গত চাৰিটা পৰিষদীয় সমষ্টি কোকলাবাৰীত ৮১ শতাংশ, দিহিৰাত ৭৬ শতাংশ, মুছলপুৰত ৭৮ শতাংশ আৰু বাগানপাৰাত ৭৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷ সামগ্রিকভাৱে মুছলপুৰ মহকুমাত ভোটদানৰ হাৰ হৈছে প্রায় ৭৭ শতাংশ৷ তামুলপুৰ মহকুমাৰ ৰিটার্নিং বিষয়া ডাঃ বেদাংগ তালুকদাৰে জনোৱা মতে, দৰঙাজুলি পৰিষদীয় সমষ্টিত ৭৩.২৪ শতাংশ, নাগ্রীজুলি পৰিষদীয় সমষ্টিত ৭৬.৯৭ শতাংশ, গয়বাৰী পৰিষদীয় সমষ্টিত ৭৫.৬৪ শতাংশ, শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত ৮৩.৮৩ শতাংশ আৰু গোৰেশ্বৰ পৰিষদীয় সমষ্টিত ৮০.১০ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ সামগ্রিকভাৱে তামুলপুৰ মহকুমাত ভোটদানৰ হাৰ হৈছে ৭৭.৯৫ শতাংশ৷ বাক্সা জিলাৰ আন এটা মহকুমা শালবাৰীৰ অন্তর্গত পৰিষদীয় সমষ্টি দুটা হৈছে শালবাৰী আৰু মথনগুৰি৷ দুয়োটা পৰিষদীয় সমষ্টিতে আজি শান্তিপূর্ণভাৱে ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হয়৷ মহকুমাটোত সামগ্রিকভাৱে ভোটদানৰ হাৰ ৮১.৭০ শতাংশ হোৱাৰ বিপৰীতে শালবাৰী পৰিষদীয় সমষ্টিত ৮০.৭৪ আৰু মথনগুৰি পৰিষদীয় সমষ্টিত ৮২.৬৬ শতাংশ ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে৷

ইফালে ওদালগুৰি জিলাৰ অন্তর্গত ওদালগুৰি আৰু ভেৰগাঁও মহকুমাত ভোটদানৰ হাৰ হ’ল ক্রমে ৭৫.৪০ আৰু ৭৬.৮৫ শতাংশ৷ ওদালগুৰি মহকুমাৰ হৰিশিঙা পৰিষদীয় সমষ্টিত ৭৫ শতাংশ, ধনশ্রী পৰিষদীয় সমষ্টিত ৭৯ শতাংশ, ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত ৭২ শতাংশ, পাঁচনৈ ছেৰফাং সমষ্টিত ৭৫ শতাংশ আৰু ৰৌতা পৰিষদীয় সমষ্টিত ৭৬ শতাংশ ভোটাৰে আজি ভোটদান কৰে৷ ভেৰগাঁও মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ভোটাৰ ৰাইজেও শংকামুক্ত আৰু নির্ভয় মনেৰে নিজৰ পছন্দৰ প্রার্থীৰ সপক্ষে আজি ভোটদান কৰা পৰিলক্ষিত হয়৷ মহকুমাটোৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত ৭৭.৫০ শতাংশ, ভেৰগাঁও পৰিষদীয় সমষ্টিত ৭৯.৩৮ শতাংশ, ননৈ ছেৰফাং পৰিষদীয় সমষ্টিত ৭৬.২৭ শতাংশ, খালিংদুৱাৰ পৰিষদীয় সমষ্টিত ৭৪.৭৫ শতাংশ আৰু মুদৈবৰী পৰিষদীয় সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৬.৩৯ শতাংশ৷ এতিয়া ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ লগে লগে দুয়োখন জিলাৰ ২১টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা মুঠ ১৩০জন প্রার্থীৰ ভাগ্য বন্দী হ’ল বেলট বাকচত৷ অহা ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণৰ অন্ততহে স্পষ্ট হ’ব বি টি আৰবাসীৰ জনাদেশ কাৰ পক্ষত যায়৷ বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ উল্লেখনীয় দিশটোৱেই হ’ল শান্তিপূর্ণ পৰিৱেশ৷ অৱশ্যে ইয়াৰ মাজতে ওদালগুৰিৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ অন্তর্গত ৰৌতা ষ্টেচন প্রাথমিক বিদ্যালয়ৰ লগতে কেইটামান ভোটগ্রহণ কেন্দ্রত ভোটাৰ তালিকাত খেলিমেলিৰ বাবে উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে৷ ভোটাৰ তালিকাত নাম নথকাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হোৱাক লৈ একাংশ ভোটাৰ ক্ষুব্ধ হৈ পৰে৷ তদুপৰি বাক্সা জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ শশীপুৰ মাধ্যমিক বিদ্যালয়ত চি আই এছ এফৰ জোৱানে বিনাকাৰণতে এজন যুৱকক প্রহাৰ কৰাৰ অভিযোগ উঠিছে৷ চি আই এছ এফৰ প্রহাৰত আহত হোৱা যুৱকজনক পাছত চিকিৎসাধীন কৰোৱা হয়৷ এই ঘটনাক কেন্দ্র কৰি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷ অৱশ্যে আৰক্ষীৰ শীর্ষস্থানীয় বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷

You might also like