এছআই কাণ্ডত জড়িত ৰাজীৱ পৰাশৰক সংগৃহীত ধন জমা দিছিল ডাঃ অজন্তাই
চাকৰিৰ নামত উৎকোচ সংগ্রহ ডিব্রুগড়ৰ মহিলা চিকিৎসকৰ
নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ উত্তৰ–পূব সীমান্ত ৰে’লৱেত নিযুক্তিৰ প্রলোভনেৰে অসম মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাই বহু নিবনুৱাৰ পৰা ধন সংগ্রহ কৰা ঘটনা সংক্রান্তত বহু বিস্ফোৰক তথ্য ফাদিল হৈছে৷ ৰে’লৱেৰ চাকৰিৰ নামত ডাঃ অজন্তা হাজৰিকাই ধন সংগ্রহ কৰা চক্রৰ লগত ইতিমধ্যে ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ এছ আই কেলেংকাৰিৰ স’তে জডিত ৰাজীৱ পৰাশৰো জডিত বুলি জানিব পৰা গৈছে৷ স্বয়ং মুখ্যমন্ত্রীৰ গৃহ নগৰতে সংঘটিত এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকে চাকৰিৰ বজাৰ মেলা, উক্ত মহিলা চিকিৎসকগৰাকীৰ ম’বাইল কথোপকথন সম্প্রতি সকলোতে ভাইৰেল হৈ পৰাত এতিয়া ব্যাপক চর্চা চলিছে৷ চাকৰি দিয়াৰ নামত প্রায় তিনি বছৰৰ পূর্বে ভালেকেইজন নিবনুৱাৰ পৰা ধন সংগ্রহ কৰি নিযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰাত চিকিৎসক অজন্তা হাজৰিকাই ওলোটাই ভুক্তভোগীক দুর্ব্যৱহাৰ কৰা, ভাবুকি দিয়া, সঘনাই মন্ত্রীৰ ভীতি প্রদর্শন কৰা অডিঅ’ ক্লিপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷
উল্লেখ্য যে চাকৰিৰ প্রলোভনেৰে ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অজন্তা হাজৰিকা শইকীয়াই ভাৰতীয় ৰে’ল বিভাগত চাকৰি প্রদান কৰাৰ নামত অমল নাথসহ দৰিদ্র তিনিজন যুৱকৰ পৰা ২২ লাখ টকা সংগ্রহ কৰিছিল৷ অভিযোগ মতে, উজনি অসমৰ এখন জিলাৰ বর্তমানৰ উপায়ুক্তৰ ভাইবোৱাৰী অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা শইকীয়া নামৰ মহিলাগৰাকীয়ে নিজৰ গাডীচালকৰ জৰিয়তে অমল নাথসহ তিনিজন যুৱকৰ পৰিয়ালৰ পৰা সাত লাখ আৰু আঠ লাখ টকাকৈ ধন উৎকোচ লৈছিল৷ কিন্তু বিশাল পৰিমাণৰ ধন লৈ দৰিদ্র পৰিয়ালকেইটাক চাকৰি দিয়াটো দূৰৰে কথা, ওলোটাই ধন ঘূৰাই বিচৰাত ‘সময় আহিব দিয়ক, ক’ড অৱ কনডাক্ট লাগি গ’ল, এইবাৰ চৰকাৰটো চেইঞ্জ হ’বই, বিজেপি চৰকাৰটো সদায় নাথাকে’ ইত্যাদি কথাৰে ভুক্তভোগীক ভুলাবলৈ প্রথমাৱস্থাত চেষ্টা চলাইছিল৷ উল্লেখ্য যে ডাঃ অজন্তা হাজৰিকাই তিনিজন যুৱকৰ পৰা মুঠ ২২ লাখ টকা সংগ্রহ কৰিছে যদিও ইয়াৰে আধা অংশ ধন গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজন ব্যক্তিৰSBIৰ ছয়মাইল শাখাৰ ৩০৬৬৯৫৭১১৬৪ নম্বৰ একাউণ্টত আৰুIDBI GS Road Branchৰ ১৩৬১০২০০০০০৮৬৬২ নম্বৰ আৰুSBIৰ ছয়মাইলৰে ৩৫৮৭৮২০৯৬০৭ একাউণ্টত জমা দিয়াৰ তথ্য প্রদান কৰিছে চাকৰি প্রার্থীকেইজনে৷
জানিব পৰা মতে, এই ৰাজীৱ পৰাশৰ বর্তমানে এছ আই কেলেংকাৰিত জড়িত হৈ গুৱাহাটীৰ কাৰাগাৰত আছে৷ অৱশ্যে সাংবাদিকৰ আগত ডাঃ অজন্তা হাজৰিকাই এয়া তেওঁৰ বিৰুদ্ধে গভীৰ ষডযন্ত্র কৰা বুলিহে মন্তব্য কৰিছে৷ আনহাতে সমগ্র ঘটনা সন্দর্ভত ডিব্রুগডৰ আৰক্ষী অধীক্ষক প্রতীক থৌৱে আজি সাংবাদিকৰ আগত কয় যে ডাঃ অজন্তা হাজৰিকা নামৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে অমল নাথ নামৰ এজন লোকে গাভৰু পথাৰ আৰক্ষী চকীত ধন লোৱাৰ সন্দর্ভত এটা গোচৰ তৰিছে৷ উক্ত গোচৰ ২১৫০/২০২০ ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/৪০৬/৪০৯/৪২০/৫০৬ ভিত্তিত পঞ্জীয়ন কৰা হৈছে৷ এই ঘটনাৰ তদন্তত কোনো হেমাহি কৰা নহ’ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে৷ আনহাতে অসম মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সংবাদ মাধ্যমৰ আগত কয়–‘সেয়া তেওঁৰ সম্পূর্ণ ব্যক্তিগত কথা৷ সেয়া সঁচা নে মিছা, সেয়াও মই নাজানো৷ সেই কর্মৰ লগত মেডিকেল কলেজ কর্তৃপক্ষ বা চিকিৎসক কোনোপধ্যে জড়িত নহয়৷’
ইফালে চিকিৎসক অজন্তা হাজৰিকা যোৱা দুদিনৰ পৰা চিকিৎসালয়লৈ অহা নাই বুলি জানিব পৰা গৈছে৷ এতিয়া প্রশ্ণ হয়, অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইবাটাও দায়িত্বত থকা এইগৰাকী প্রভাৱশালী মহিলা চিকিৎসকে আৰু কিমান দৰিদ্র লোকৰ পৰা চাকৰি দিয়াৰ নামত ধন উদৰস্থ কৰিলে? জালত পৰিবনে চাকৰিৰ সপোন দেখুৱাই চাকৰি প্রার্থীক অজন্তা হাজৰিকাৰ কাষলৈ অনা তেওঁৰ চালক? মুখ্যমন্ত্রীৰ আৰু বিত্তমন্ত্রীৰ ঘনিষ্ঠতা দেখুৱাই তথা উজনি অসমৰ গুৰুত্বপূর্ণ এখন জিলাৰ উপায়ুক্তৰ ভাতৃবধূ হোৱাৰ বাবেই সুৰুঙাৰে বাচি যাব নেকি চাকৰি বেচা–কিনা কৰা এইগৰাকী প্রভাৱশালী মহিলা চিকিৎসক? অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কর্মচাৰী সন্থাৰ সভাপতি জনক দাস আৰু জিতু বর্মনে আজি মেডিকেল কলেজৰ অধ্যক্ষ সঞ্জীৱ কাকতিক প্রদান কৰা এখন স্মাৰক–পত্রত কয় যে চিকিৎসক অজন্তা হাজৰিকাই মেডিকেল কলেজৰ সকলো কর্মচাৰীক অনর্থক দুর্ব্যৱহাৰ কৰি আহিছে৷ সেয়ে এইগৰাকী চিকিৎসকৰ ওপৰত উত্থাপিত অভিযোগ খণ্ডন নোহোৱা পর্যন্ত ডাঃ অজন্তা হাজৰিকাক অসম মেডিকেল কলেজৰ সকলো প্রশাসনিক আৰু বিত্তীয় সম্পর্কীয় কাম–কাজৰ পৰা আঁতৰাই ৰাখিব লাগে৷