নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনত বিটিচিৰ ১২টা সমষ্টিতে প্রার্থী দিব বিজেপিয়ে

কোকৰাঝাৰত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ বিটিচি নির্বাচনক লৈ বিজেপি আৰু বি পি এফৰ সংঘাতে চূড়ান্ত পর্যায় পাইছে৷ নির্বাচনী সভাসমূহত বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীক এইবাৰ আক্রমণৰ মূল লক্ষ্য কৰি লৈছে বিজেপিয়ে৷ দল দুটাৰ মাজত চলি থকা এনে আক্রমণ–প্রতিআক্রম মাজতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্রীসভাৰ তিনিটা মন্ত্রী পদ অচিৰেই খালী হোৱাৰ সম্ভাৱনা আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ কোকৰাঝাৰৰ কালিপুখুৰীত আজি এখন নির্বাচনী সভাত অংশ লৈ সভাপতি ৰঞ্জিত দাসে কয়– আগন্তুক বিধানসভা নির্বাচনত বিটিচিৰ ১২টা সমষ্টিতেই বিজেপিয়ে প্রার্থী প্রক্ষেপ কৰিব৷ বিটিচি নির্বাচনৰ পাছতেই সম্ভৱতঃ মন্ত্রীসভাৰ তিনিটা পদ খালী হ’ব৷ বিটিচি নির্বাচন বিজেপিৰ বাবে ছেমিফাইনেল বুলি উল্লেখ কৰি ৰঞ্জিত দাসে কয়– এই নির্বাচনৰ পাছতেই আমি ফাইনেলৰ বাবে প্রস্তুতি চলাম আৰু বিটিচিৰ ১২টা সমষ্টিত নিজা প্রার্থী প্রক্ষেপ কৰিম৷

উল্লেখ্য যে বিটিচি নির্বাচনত বি পি এফৰ সৈতে মিত্রতা ভংগ কৰি এককভাৱে অৱতীর্ণ হোৱা বিজেপিয়ে এইবাৰ পৰিষদ দখলৰ লক্ষ্যৰে আৰম্ভ কৰিছে ব্যাপক অভিযান৷ এই লক্ষ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সভাপতি ৰঞ্জিত দাসৰ লগতে কেইবাজনো মন্ত্রী, বিধায়ক এইবাৰ নির্বাচনী প্রচাৰ অভিযানত নামি পৰিছে৷ বিজেপিৰ মূল লক্ষ্য হৈ পৰিছে হাগ্রামা মহিলাৰী৷ সেয়াই নহয়, বি পি এফৰ কেইবাজনো জ্যেষ্ঠ নেতাক বিজেপিলৈ অনাত সক্ষম হৈছে শাসকীয় দলটো৷ এনে কুচকাৱাজৰ মাজতেই আজি সভাপতি ৰঞ্জিত দাসে মন্ত্রীসভাত থকা বি পি এফৰ তিনিগৰাকী মন্ত্রীক লক্ষ্য কৰি কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে বিশেষ প্রতিক্রিয়া৷ বি পি এফৰ তিনি মন্ত্রী ক্রমে চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, ৰিহণ দৈমাৰীয়ে প্রকাৰান্তৰে মন্ত্রীসভাৰ পৰা পদত্যাগৰ ইংগিত দিয়াত ৰঞ্জিত দাসে সেয়েহে তিনি মন্ত্রীৰ পদ খালী হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে৷ ৰঞ্জিত দাসে ইয়াকো উল্লেখ কৰে যে হাগ্রামা মহিলাৰী সুবিধাবাদী৷ বি পি এফৰ দর্শন বা আদর্শ বুলি একো নাই৷ বডোফা উপেন ব্রহ্মই বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে যি আদর্শৰে বড়ো আন্দোলনৰ জন্ম দিছিল, সেই দর্শন আৰু আদর্শৰ পৰা বি পি এফ ফালৰি কাটি গৈছে৷

ইফালে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা সন্দর্ভত ৰঞ্জিত দাসৰ মন্তব্য বিটিচিৰ বাহিৰতেই হওক বা বিটিচিতেই হওক, কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা বিজেপিৰ বাবে ফেক্টৰ নহয়৷ বিটিচিৰ প্রথম পর্যায়ৰ নির্বাচনত ২১টা সমষ্টিৰ ১৫খন আসনেই বিজেপিয়ে দখল কৰিব বুলি তেওঁ দাবী কৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এনে মন্তব্যৰ সমান্তৰালকৈ আজি বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়ায়ো বিজেপি–বি পি এফৰ মিত্রতা ৯৯.৯৯ শতাংশ ছেদ হৈছে বুলি মন্তব্য কৰে৷ ওদালগুৰিত আজি দিলীপ শইকীয়াৰ মন্তব্য– বিজেপি–বি পি এফৰ মিত্রতা ভংগ হোৱাৰ সকলো খবৰ আছে ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত৷ ৰাষ্ট্রীয় নেতৃত্বৰ সেউজ সংকেত লাভৰ পাছতহে বি পি এফৰ নেতাক বিজেপিত যোগদান কৰোৱা হৈছে৷ দিলীপ শইকীয়াই কয়– আগন্তুক সময়ত বিটিচিৰ ৰাইজে যি দলকে বিচাৰিব, সেই দলৰ সৈতে বিজেপিয়ে মিত্রতা কৰিব৷ উল্লেখ্য যে বিজেপি–বি পি এফৰ মিত্রতাক লৈ কিছুদিন পূর্বে দিল্লীত অনুষ্ঠিত এক আলোচনাত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই মিত্রতাৰ প্রসংগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু সভাপতি ৰঞ্জিত দাসক বিশেষকৈ কর্তৃত্ব প্রদান কৰিছিল৷ ৰাষ্ট্রীয় নেতৃত্বৰ পৰা লাভ কৰা সেউজ সংকেতৰ পাছতেই বি পি এফৰ সৈতে মিত্রতা ভংগৰ সকলো পদক্ষেপ গ্রহণ কৰে ৰাজ্যিক বিজেপিয়ে৷ আজি এই বিষয়টোকে আঙুলিয়াই সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে বিটিচিত বিজেপিয়ে ২৬খন আসনত প্রতিদ্বন্দ্বিতা কৰিছে যদিও আন ১৪টা সমষ্টিত দলীয় কাম–কাজ তথা নির্বাচনী অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ উদ্দেশ্য হৈছে আগন্তুক বিধানসভা নির্বাচনত বিটিচিত ১২টা সমষ্টিতে আমি প্রার্থী প্রক্ষেপ কৰিম৷
পর্বতঝোৰাৰ জনসভাত ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান ৰঞ্জিত দাসৰ
পর্বতঝোৰাত আজি বিজেপিৰ উদ্যোগত আনুষ্ঠানিত এখন বিশাল জনসভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পর্বতঝোৰাত বিজেপিৰ প্রার্থী এইবাৰ বি টি আৰ পৰিষদীয় নির্বাচনত প্রক্ষেপ নকৰা বাবে পর্বতঝোৰাবাসীৰ ওচৰত নতি স্বীকাৰ কৰে৷ পর্বতঝোৰা মহকুমাৰ অন্তর্গত যোগানীঘাটত আজি অনুষ্ঠিত বিজেপিৰ এখন জনসভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে বি টি আৰ নির্বাচনত পর্বতঝোৰা পৰিষদীয় সমষ্টিত বিজেপিয়ে প্রার্থী প্রক্ষেপ নকৰি এইবাৰ হাগ্রামাক উৎখাত কৰিবলৈ বিবেক ভোট দিবলৈ আহ্বান জনায়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজৰ স্বভাৱসুলভ ভাষণত কয় যে হাগ্রামা মহিলাৰীয়ে বিগত ১৫টা বছৰ বিটিচিবাসীক সম্পূর্ণ অন্ধকাৰত ৰাখি নিজে দুর্নীতিৰ পাহাৰ গঢ়িছে৷ বিটিচি গঠনৰ বাবে কেন্দ্রীয় চৰকাৰৰ এক মহৎ উদ্দেশ্য আছিল আৰু তাৰ বাবে অহা আবণ্টিত ধনৰ ব্যাপক হৰলুকী কৰাত আজি বিটিচি অঞ্চল এক অনুন্নত অঞ্চল হৈ ৰ’ল৷ হাগ্রামাই বিগত ১৫টা বছৰে জবকার্ড কেলেংকাৰি, আঁঠুৱা আদি সকলো বস্তু দিয়াৰ নামত ব্যাপক দুর্নীতি সংঘটিত কৰিছে৷ সেই বাবেই অহা ১৫ ডিচেম্বৰৰ পাছত হাগ্রামা নেতৃত্বাধীন বি পি এফ দলৰ লগত কোনো ধৰণৰ সম্পর্ক ৰক্ষা কৰি নচলিব বুলি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে হুংকাৰ দিয়ে৷ বিগত সময়ত বিটিচি অঞ্চলত কৰা ব্যাপক অনিয়মৰ যথাযথ তদন্ত চৰকাৰে কৰিব৷ সভাপতি ৰঞ্জিত দাসে কয় যে এইবাৰৰ বি টি আৰৰ নির্বাচনত ৬টা পৰিষদীয় সমষ্টিৰত বিজেপিয়ে প্রার্থিত্ব প্রদান কৰা নাই৷ তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খোজে৷ আজিৰ এই জনসভাত ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় সান্ন্যাল, ধুবুৰী পূব জিলা বিজেপিৰ সভাপতি প্রফুল্ল কলিতা, পর্বতঝোৰা মহকুমা বিজেপিৰ প্রভাৰী দিলীপ পাল, বিজেপিৰ পর্বতঝোৰা মহকুমা সংখ্যলঘু উন্নয়ন পৰিষদৰ সভাপতি মইনুল হক, বিজেপি নেতা সাজাহান আলী, পর্বতঝোৰা বিজিপিৰ সভাপতি সর্বেশ্বৰ ৰাভা আদি উপস্থিত থাকি ডেৰ সহস্রাধিক লোকক বিজেপিক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়৷

You might also like