নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ চূড়ান্ত তালিকা প্রকাশ পোৱাৰ পিছতো আঁতৰা নাই বিতর্ক৷ চৰকাৰে এনআৰচিৰ চূড়ান্ত তালিকাৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সময়তে পোহৰলৈ আহিছে নাগৰিকপঞ্জীত বিদেশী ঘোষিত লোকৰ নাম অন্তর্ভুক্তিৰ ভয়াৱহ তথ্য৷ এক দীঘলীয়া প্রক্রিয়াৰ মাজেৰে সম্পন্ন কৰাৰ পিছতো এনআৰচিত অন্তর্ভুক্ত হৈছে বিদেশী ঘোষিত লোকৰ নাম৷ শেহতীয়াকৈ এনআৰচিত অন্তর্ভুক্ত ৪,৭৯৫গৰাকী বিদেশী লোক চিনাক্ত কৰিছে এনআৰচি কর্তৃপক্ষই৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা গোচৰৰ শুনানিত দাখিল কৰা শপতনামাত এনআৰচি কর্তৃপক্ষই এই কথা সদৰী কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি শপতনামাখনত উল্লেখ কৰা মতে এনআৰচি কর্তৃপক্ষই মুঠ ১০,১৯৯গৰাকী সন্দেহযুক্ত লোকৰ নাম আৰু তথ্যৰ পৰীক্ষণ কৰিছে৷ এই পৰীক্ষণতে ৪,৭৯৫গৰাকী ঘোষিত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱা বুলি পোহৰলৈ আহে৷
ইফালে, বিদেশী ঘোষিত লোকৰ উপৰি ১,০৩২গৰাকী অযোগ্য লোকৰ নাম এনআৰচিত অন্তর্ভুক্ত হৈছে৷ বিশেষকৈ প্রকৃত বাসিন্দা হিচাপে এই লোকসকলৰ নাম অযোগ্য হোৱা সত্ত্বেও এনআৰচিত অন্তর্ভুক্ত হৈছে৷ অৱশ্যে ডাটা এণ্ড্রি অপাৰেটৰৰ ভুলৰ বাবেহে এই লোকসকলৰ নাম এনেদৰে সন্নিৱিষ্ট হোৱা বুলি এনআৰচি কর্তৃপক্ষই অৱগত কৰিছে৷ উল্লেখ্য যে ৰহিমা খাতুন নামৰ এগৰাকী মহিলাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৩১৮৭/২০২০ নম্বৰৰ এখন লেখ আবেদন৷ নলবাৰী বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিছতো তেওঁৰ নাম অন্তর্ভুক্ত হৈছিল এনআৰচিত৷ ইয়াৰ পিছতে তেওঁ বিদেশী ন্যায়াধিকৰণৰ নির্দেশনাক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ হাতৰ চাপ, চকুমণিৰ বায়’মেট্রিকছ গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ সমান্তৰালভাৱে এই সন্দর্ভত স্থিতি স্পষ্ট কৰি এনআৰচি কর্তৃপক্ষক এখন শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ ইয়াৰ ভিত্তিতে এনআৰচি কর্তৃপক্ষই দাখিল কৰিছিল শপতনামা য’ত পোহৰলৈ আহিছে বিদেশী লোকৰ নাম এনআৰচিত অন্তর্ভুক্ত হোৱাৰ তথ্য৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বেও বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিছতো এনআৰচিত নাম অন্তর্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ এনেধৰণৰ কেইবাটাও গোচৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজুও হৈছে৷