নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰৰ দিনাই কর্মচাৰীক নিয়মীয়া পেন্সন দিবলৈ কঠোৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলৰ পেন্সন আৰু পেন্সনৰ লগত পাব লগা ধন আৰু জি পি এফ আদি অৱসৰৰ দিনাই পোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে যোৱা ১ ডিচেম্বৰত ডব্লিউ পি চি (চি)৭৩৭১/২০১৮নং এক আবেদনৰ সন্দর্ভত ৰায় প্রদান কৰি ৰাজ্য চৰকাৰক এই নির্দেশ প্রদান কৰে৷

ৰায়টোত ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে গ্রেচ্যুইটী বা পেন্সন আদি চৰকাৰৰ উপহাৰ নহয়, এয়া হ’ল এজন কর্মচাৰীয়ে দীর্ঘদিন ধাৰাবাহিকভাৱে আগবঢ়াই অহা সেৱাৰে অর্জিত সম্পত্তি৷ কর্মচাৰীক পেন্সন নিদি এই অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰাটো ভাৰতীয় সংবিধান ৩০০(এ), ১৯(১) এফ আৰু ৩১(১) অনুচ্ছেদৰ পৰিপন্থী৷ চৰকাৰৰ দায়িত্ব নাগৰিকৰ কল্যাণ কৰা আৰু পেন্সনৰ অধিকাৰ সুৰক্ষিত কৰা৷ উল্লেখ্য যে সুমিত্রা চৌহান নামৰ এগৰাকী মহিলাই স্বামীৰ পেন্সন আৰু পেন্সনৰ লগত পাব লগা আন ধন দীর্ঘসময় ধৰি লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

কার্বি আংলং জিলাৰ সমাজ কল্যাণ বিভাগত কর্মৰত তেওঁৰ স্বামী অযোধ্যা চৌহানৰ ২০১৫ চনৰ ২৮ জুনত মৃত্যু হোৱাৰ পিছত পেন্সন সম্পর্কীয় সকলো ধন বিভাগীয়ভাৱে লাভ কৰাৰ বাবে সুমিত্রা চৌহানে আবেদন জনাইছিল যদিও যোৱা দীর্ঘদিন ধৰি বিভিন্ন অজুহাতত এয়া হৈ উঠা নাছিল৷ উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্রহণ কৰি ৰাজ্য চৰকাৰক দিয়া নির্দেশত উল্লেখ কৰে যে চৰকাৰৰ বিভাগ আৰু কর্মচাৰীৰ সমন্বয়হীনতাৰ বাবে বহু অৱসৰপ্রাপ্ত কর্মচাৰীয়ে পেন্সন নোপোৱাকৈ জীয়াতু ভুগি আছে৷ কোনো কর্মচাৰীৰ চাকৰি কালত বিত্তীয় হিচাপ–নিকাচ থাকিলে বা চাকৰিৰ ক্ষেত্রত কোনো আসোঁৱাহ থাকিলে সেইসমূহ অৱসৰৰ পূর্বে নিষ্পত্তি কৰাটো চৰকাৰৰ দায়িত্ব৷ চাকৰি কালত থকা এনে আঁসোৱাহৰ অজুহাতত কোনো অৱসৰ লোৱা কর্মচাৰীক পেন্সন, গ্রেচ্যুইটী, জি পি এফ বা আর্জিত ছুটীৰ বিপৰীতে পাব লগা ধনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷

You might also like