কোন পথে চৰকাৰ, কি কৰিব ৰাইজে?
প্রিয় পাঠক, মুলুকত কি তন্ত্র চলিছে, মুলুক কেনেকৈ চলিছে, তাৰ কিবা উৱাদিহ পাইছেনে? সঁচা কথা কৈছোঁ, মঞি মূঢ়মতিয়ে হ’লে একো উৱাদিহ পোৱা নাই চকুৱে সৰিয়হ ফুল দেখি গৈছে৷ চৰকাৰ বাহাদুৰ আৰু চৰকাৰী দলসমূহৰ অর্থাৎ মিত্রজোঁটত জোঁটাপুতি খাই থকা দলকেইটাৰ বচন শুনিলে এনেহে লাগে যেন মুলুক এতিয়া নন্দন কাননহে, স্য(ব্)টমাছ্ মূৰৰ ‘য়ূটৌপিএ’–হে পিচে, জোঁটৰ এগোট থলৰকৈ এই সৰি পৰে, এই সৰি পৰে যেন অৱস্থা৷ আন এটা গোটেহে, লতাই গছ সাৱটা, আৰু পানীত পৰা মানুহে খেৰ–কুটা এগছকে সাৱটি ধৰাৰ দৰে, কাণ্ডডাল সাৱট মাৰি ধৰি আছে৷ কিন্তু মিছা ক’ব নাপায় কাম–বন মুঠেও হোৱা নাই বুলি ক’লে ভুল হ’ব৷ কিছু কাম নিশ্চয় হৈছে পিচে, প্রায় সকলোতে দুর্নীতি তথা দলগত, গোষ্ঠীগত আৰু ব্যক্তিগত ন্যস্ত স্বার্থৰ গোন্ধ৷
এতিয়া মুলুকত, মানে– ৰাজ্যত, নির্বাচনী ‘হেৱা’ বলিছে৷ নতুনকৈ ‘বী টী আ(ৰ্)’ নাম পোৱা অঞ্চলত ৭ আৰু ১০ ডিচেম্বৰত নির্বাচন৷ পিচে, সেই নির্বাচন প্রাক্–চূড়ান্ত (ছে’মি–ফাইন্ল্) খেলহে৷ ছমাহতকৈও তাকৰ কালৰ ভিতৰত হ’বলগীয়া হৈ আছে চূড়ান্ত খেলখন,– অসম বিধান সভাৰ পঞ্চদশ সাধাৰণ নির্বাচন৷ হেন জানি, ৰাজনৈতিক দলসমূহেও সেই ৰূপেই আচৰণ কৰিছে, স্বাভাৱিক আৰু অনিবার্য্যভাৱে লেটিয়াই লৈছে ২০২১ চনত অনুষ্ঠিতব্য, বিধান সভাৰ নির্বাচনটো৷ অৱশ্যে বী টী আৰৰ নির্বাচনত গোটাদিয়েক দলে আলেখ–লেখ চাই থকাৰ বাদে কৰিবলগীয়া একো নাই৷ আন গোটাদিয়েকৰ কাম, আগৰফেৰাৰ ধামা ধৰি, চূড়ান্ত খেলখনত পাবলগীয়া মকৰ–কুণ্ডল আদিৰ বাবে আশা পালি খাপ পিটি থকা৷
সি যি কি নহওক, মই যে কৈছিলোঁ,– উৱাদিহ নোপোৱাৰ কথা,– শুনক৷ কোৱা হৈছিল বোলে বী টী আ(ৰ্) চুক্তিৰ ফলত বী টী আ(ৰ্) ‘অস্ত্রমুক্ত হ’ল’৷ পিচে, সেহি মতে ঢ়াক–ঢ়োল বজাৰ দিনদিয়েক পাছতে, ৫ ডিচেম্বৰত চিৰাঙত ওলাল বৃহৎ সংখ্যক মাৰাত্মক অবৈধ অস্ত্র–শস্ত্র৷ এই মুলুকত কোনো উগ্রপন্থী সংগঠনে আত্মসমর্পণ কৰোঁতে, প্রতীকী অর্থৰ পুতলা অস্ত্র কেইবিধমান গতাই দিয়াৰ বাদে জানো ‘ট্রাম্প্ কা(ৰ্)ড্’কেইখিলা, মানে ব্রহ্মাস্ত্রবোৰ কোনোবাই ক’ৰবাত গতাই দিয়া দেখিছে? এই লেখা ওলায়গৈ মানে, বী টী আৰৰ নির্বাচন প্রায় শেষেই হ’ব৷ বিধান সভা নির্বাচনৰ বাবে জোঁটৰ পকা মিঠৈবোৰ বন্ধা হোৱাই নাই সমষ্টি অনুসাৰে জোঁটসমূহৰ দল তথা প্রার্থী নিশ্চিত হোৱাও নাই, কিন্তু ইতিমধ্যে তিনিকোণীয়া, বর্গক্ষেত্রাকাৰ, পাঁচভেঙুৰীয়া, ছয়ভেঙুৰীয়া সম্ভাৱ্য প্রতিদ্বন্দ্বিতাত ভিন্ ভিন্ দলৰ প্রার্থী ৰণক্ষেত্রত নামিয়েই পৰিছে৷ নির্গত কৰিছে তীব্র বাক্যবাণ৷ কোনে ক’ত কেতিয়া কাৰ বিৰুদ্ধে কি কৈছে, তাৰো একো লাগ্–বান্ধ্ নাই৷ কোনোবাই এৰা কোনোপাট শেলে কেতিয়াবা ঘূৰি আহি সেই ধনুর্ধৰকে বুকুৱে–পিঠিয়ে শালি পেলাইছে৷ কিছুমান বন্ধন এতিয়াও পানী মিঠৈ হৈয়েই আছে৷ অসমীয়া জাতীয়তাবাদৰ উমনিত ভূমিষ্ঠ হোৱা, খাৰ, টেঙা, খৰিচা, কাঁহুদী, খাৰলি, কচু, ঢেঁকীয়া, কণবিলাহী, মাটি–কাদুৰি, গাহৰিখোৱা, ধর্মনিৰপেক্ষ বুলি জাহিৰ অগপ সোমাইছেগৈ দিল্লী, নাগপুৰ, নাশিক, পুণে’, আহমেদাবাদৰ, গংগা–য়মুনা–সৰস্ব হিন্দু–হিন্দী চাপাতি সংস্কৃতিৰ আৰু নিমখো ধুইহে আঞ্জাত দিয়া গোড়া হিন্দুত্ববাদী, গো–বাদী ভাজপা ৰাক্ষসৰ জয়ঢ়োল হেন বৰপেটটোত৷ মৰমৰ চুমাৰে ছিঙিব নাক সৌ সিদিনালৈকে হাগ্রামা মহিলাৰীৰ ‘জিগ্ৰি দোস্ত’, একেটা মুদ্রাৰে দুটা পিঠিৰ এপিঠি যেন বিশ্বজিৎ দৈমাৰী ৰাজ্য সভাত এদিন উষ্মা প্রদর্শন কৰি– ‘তো চোড় দীজিয়ে নর্থ ঈস্ত্–কো’ বুলি ক্ষন্তেকীয়া নায়ক হোৱা বী পী এ’ফৰ নেতা বিশ্বজিৎ দৈমাৰী, মাহৰ মাৰ দেখি তিলে বেঁত (‘বেত’ নহয়) মেলাৰ দৰে, ভাজপা–বী পী এ’ফৰ বিৱাহ বিচ্ছেদ আসন্ন দেখি, মহিলাৰীক এৰি, এতিয়া দৈত্যকায় ঈগল পক্ষী ভাজপাৰ বিশাল ডেউকাৰ তলত৷ কোন কিয় কেতিয়া ক’ত কাৰ লগত আছে, থাকিব, কেতিয়া নাথাকিবগৈ, তাৰ বুজ পাবলৈ আৰু ভালে দিন লাগিব৷ দৃশ্যপটৰ পৰিৱর্তন ঘটি থাকিব৷
দিনদিয়েক পাছত বী টী আ(ৰ্) নির্বাচনৰ বতাহ উৰি যাব৷ ক্রমাৎ তীব্রতৰ হৈ বলিছে, বলি তুংগত উঠিব বিধান সভা নির্বাচনৰ বতাহ৷ বাক্যবাণে জুই জ্বলোৱা আৰম্ভ কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মাই কৈছে, ভাজপা–বী পী এ’ফ্ চুক্তি পাঁচ বছৰৰ বাবেহে আছিল চুক্তিৰ ম্যাদ উকলিবৰ হ’ল৷ কিন্তু বী টী আ(ৰ্) নির্বাচনৰ ফলাফলৰ পাছৰে পৰা বিধানসভা নির্বাচনৰ আগলৈকে, মাজৰ সময়খিনিত আৰু ক’ত কি হ’ব, কোনেও ক’ব নোৱাৰে৷ কথাটো, ভাজপা আৰু অগপৰ অপৱিত্র জোঁটটোৰ মাজত আসনৰ ভাগ–বাটোৱাৰাৰ ওপৰতো নির্ভৰশীল৷ তাতে, ভাৰতবর্ষৰ ৰাজনীতিকসকলে এষাৰ কথা একেবাৰে বেদবাক্যৰ দৰে ৰপ্ত কৰি ল’লে, বোলে– ‘ৰাজনীতিত কোনো স্থায়ী শত্রু বা স্থায়ী মিত্র নাই’৷ স্থায়ী মাথোন নির্ভেজাল স্বার্থান্বেষণ৷ আচল কথাটো হ’ল, অসমৰ ৰাজনীতিত, ৰাজ্যৰ থলুৱা ৰাইজৰ ন্যায্য স্বার্থৰ বিৰুদ্ধে সকলো ৰাজনৈতিক দল বিভিন্ন প্রকাৰে, বিভিন্ন পথেদি অগ্রসৰ একত্রিত শত্রু৷ এয়া বহু বছৰীয়া অভিজ্ঞতালব্ধ নিষ্ঠুৰ সত্য৷ দৰাচলতে বহু লোকে মন কৰা নাই যে ভাজপা–বী পী এ’ফ্ চুক্তি বুলি যি চুক্তি বা বুজাবুজিৰ কথা কোৱা হৈছে, সেয়া প্রকৃততে সেই দুই পক্ষৰ মাজৰ ‘জিনিছ’ নহয়৷ পম খেদি গ’লে দেখা পাব,– সেয়া আচলতে, ২০০৬ চনৰ বিধান সভা নির্বাচনত কংগ্রে’ছ দলে ৬৪খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰিৱর্তে ৫৩ নে ৫৪খন আসনেৰে একক সংখ্যাগৰিষ্ঠতাহে লাভ কৰাৰ পাছত, চৰকাৰ গঠনৰ বাবে কংগ্রে’ছে বী পী এ’ফক ‘পাউণ্ড্ অৱ্ ফ্লে’শ্’ দি বী পী এ’ফ্ তথা মহিলাৰীৰ লগত সম্পন্ন কৰা ‘জিনিছ’হে৷ পিচে, কংগ্রে’ছ নামতহে জিনিছটোৰ ঘাই স্থপতিৱিদ (আর্কিটে’ক্ট্) বোলক বা ভাস্কৰ (স্কাল্প্ট(ৰ্)) বোলক, সেইফেৰা আছিল ড০ শর্মাহে৷ ২০১৩–১৪ চনৰ এটা সময়ত স্থপতিৱিদজন তৰুণ গগৈৰ দ্বিতীয়খন চৰকাৰৰপৰা তথা কংগ্রে’ছ দলৰ পৰা ওলাল কিন্তু জিনিছটো থাকি গ’ল৷ ২০১৬ চনত কংগ্রে’ছ–বী পী এ’ফৰ চৰকাৰ গ’ল ভাজপা–বী পী এ’ফ্–গপ চৰকাৰ আহিল৷ ইতিমধ্যে এইখন চৰকাৰৰো অন্যতম প্রধান অমাত্য তথা চালিকা শক্তি হ’ল হিমন্ত বিশ্ব শর্মা ওৰফে এইচ্ বী এ’ছ্৷ সুতৰাং, ভাজপা–বী পী এ’ফ্ মাম্লাটো প্রকৃতপক্ষে কংগ্রে’ছ–বী পী এ’ফ্ মাম্লাৰ এক বিস্তাৰ বা প্রসাৰণ (ইক্স্টে’ন্শ্ন্)হে ততোধিক, ‘বী পী এ’ফ্–এইচ্ বী এ’ছ্’ বা ‘হাগ্রামা–হিমন্ত’ জিনিছ৷
নির্বাচন ওচৰ চাপি অহাৰ লগে লগে আৰু নির্বাচনী শত্রু–মিত্র সম্পর্কবোৰ চূড়ান্তভাবে নির্ণীত হোৱাৰ আগেয়ে এতিয়া ৰাজহুৱা সভা–সমিতিত আৰু সংবাদ মাধ্যমৰ আগত ভাজপা আৰু বী পী এ’ফৰ বহুতো নেতাই পৰস্পৰে পৰস্পৰৰ প্রতি যি ধৰণৰ শব্দ নিক্ষেপ কৰিছে হিমন্ত বিশ্ব শর্মা আৰু হাগ্রামা মহিলাৰী, দুয়োৱে ইজনে সিজনক যি যি বুলিছে, ড০ শর্মাই চন্দন ব্রহ্ম আৰু ৰিহন দৈমাৰীক আৰু ব্রহ্ম আৰু দৈমাৰীয়ে ড০ শর্মাক যি ধৰণে দোষাৰোপ কৰিছে আৰু দস্তুৰমত ব্যক্তিগত গালি–গালাজ পাৰিছে, সেইবোৰলৈ মন কৰিলে, ক’ব পাৰিবনে, পাঠক, যে অলপ দিনৰ আগেয়ে সেইবোৰ সম্ভৱ আছিল? এতিয়া ভোটদাতাই বুজে কি, কৰে কি? এইসৱৰ ইপক্ষই সিপক্ষৰ বিৰুদ্ধে বজাৰত মেলা কথাবোৰ (ৱশিং ড্য(ৰ্)টি লিনে’ন ইন্ পাব্লিক্) সিসৱে সৌ সিদিনালৈকে মুঠেও জনা নাছিলনেকি? যদি জানিছিল, যদি এতিয়া মিছা কথা কোৱা নাই, তেন্তে, ৰাইজৰ কথা ৰাইজক জনোৱা নাছিল কিয়? এতিয়া সিসৱে কয়,– কোনে ক’ত ক’ৰ কিমান হাজাৰ কোটি টকা কেনেকৈ ‘খালে’ সিসৱে যিহকে নকওক লাগে, জানিব লগা, বুজিব লগাবোৰ ৰাইজে ঠিকেই জানে, ঠিকেই বুজে কিন্তু ৰাইজে কৰে কি? ভোট দিয়াৰ বাদে ৰাইজৰ কামনো বা কিটো? তাহানিতে, ‘কার্বি আংলং ঘোটালা’ সন্দর্ভত স্বয়ং (তদানীন্তন) ৰাজ্যপাল অজয় সিঙৰ নামটোও বৰকৈ ওলাইছিল৷ পিচে, কিটো হ’ল? ‘মহামান্য’ লোকৰ নাম ঃ ওলাল আৰু সোমাল আৱির্ভূত হ’ল আৰু অন্তর্ধান হ’ল৷ ৰাইজে কৰে কি? আৰু ওলাইছিল, বিশেষ প্রযুক্তিৰে বেৰত নে মজিয়াত ধনখোৰোং খান্দি, আগলৈ বিপদে–আপদে কামত আহিব বুলি কেইকোটিমান টকা সাঁচি ৰখা, ৰিয়াজুল (নে, ৰে’জাউল?) হুছেইন খান বোলা বিষয়া এফেৰাৰো নাম৷ সেইফেৰা এতিয়া ক’ত, মঞি মূঢ়মতি, নাজানো তাৰ+অ) সংবাদ হে’ ৰাম+অ)৷ পূর্বে কংগ্রেছত থাকি পাছে ভাজপালৈ গমন কৰা তুলিৰাম ৰংহাং বোলা এজনাৰ নামটোও এতিয়ালৈ আপুৰুগীয়া হ’লহি৷
এনেকৈয়ে, মানে, এইবোৰৰ মাজতে নির্বাচনো হ’ব, গান গাওঁতায়ো গান গাব, নাচোঁতায়ো নাচিব জিকোঁতাও জিকিব, হাৰোঁতাও হাৰিব চৰকাৰো হ’ব৷ কিন্তু ৰাইজৰ কি হ’ব? ডাবি–ধম্কি, তর্জন–গর্জন, গালি–শপনি, গান–বাজনা শুনি বিনামূলীয়া তামাচা চাই আমোদত আত্মহাৰা হৈ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজোৱা জনতা জনার্দনৰ সমস্যাবোৰৰ কি হ’ব? এতিয়ালৈকে হৈ থকা সভা–সমিতিবোৰত, সংবাদ মেলবোৰত কোনো দলে, কোনো নেতাই, কোনো সম্ভাৱ্য নির্বাচনী প্রার্থীয়ে ৰাইজৰ জ্বলন্ত সমস্যাবোৰৰ বিষয়ে কিবা কৈছেনে? অগপ–ভাজপাৰ অপৱিত্র জোঁট হওক, কংগ্রে’ছ্–এ’ আই য়ূ ডী এ’ফৰ অপৱিত্র জোঁট হওক কিম্বা ফাগুনমহীয়া পথাৰত বাটে মেলা পোৱালিৰ দৰে ‘মেল খোৱা’ দলবোৰেয় হওক, আছেনে কাৰোবাৰ হাতত কোনো সমস্যাৰ কিবা সমাধান সূত্র? বর্তমান চৰকাৰখনৰ আমোলত ক্রমাগতভাৱে অৱনত দৈনন্দিন প্রশাসন উন্নত কৰাৰ কিবা চিন্তা–চর্চা? জনপ্রতিনিধিত্ব প্রয়াসীসকলৰ বাবে, সর্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন যাত্রাৰ সমস্যাসমূহ একো চিন্তাৰ বিষয় বা সমস্যা নহয়, নহয় ‘ৰাজনৈতিক বিষয়’৷
খাদ্য বস্তু, গৃহ নির্মাণ সামগ্রী তথা বিভিন্ন বয়–বস্তুৰ দাম বৃদ্ধি, অতিমাৰীৰ সুবিধা লৈ কৰা বিদ্যুৎ আৰু নগৰীয়া পানীৰ মাচুল বৃদ্ধিয়ে বেছিভাগ মানুহৰ কঁকাল বেঁকা কৰি দিছে৷ সেই বেঁকা কঁকাল পোন কৰিবলৈ চৰকাৰে একো ব্যৱস্থা নলয়৷ পুৰণা কিম্বা নৱজাত বিৰোধী দলবোৰে সেই বিষয়ে কিবা কৈছেনে বা ক’বনে? নাই কোৱা, নকয়৷ কাৰণ, কম–বেছি ৰূপত এইবোৰ সকলোতে আছে কিছুমান ছিণ্ডিকেইট, দালাল চক্র, ক্ষুদ্র স্বার্থ জড়িত পক্ষ ঃ ক’ৰবাত দৃশ্যমান, ক’ৰবাত অদৃশ্য৷ দল সৰু হওক, ডাঙৰ হওক, এই চক্রবোৰৰ পৰা আটাইকে লাগে চান্দা৷ অসমত বিশেষ অনুগ্রহ আৰু সাহায্য লাভ কৰি থকা ছীমে’ণ্ট্ প্রস্তুতকাৰী প্রতিষ্ঠানকে ধৰি আটাই ছীমে’ণ্ট্ কাম্প্নিয়ে ৰাজ্যত ছীমে’ণ্টৰ দাম এনেয়েও সঘনাই বৃদ্ধি কৰি থাকে৷ শেহতীয়াকৈ সকলো ছীমে’ণ্ঢ্ কাম্প্নিয়ে প্রতি বস্তা ছীমে’ণ্টৰ দাম ত্রিশ–পঁইত্রিশ টকাকৈ বঢ়ালে৷ এনেবোৰ উদ্যোগজাত সামগ্রীৰ দাম বৃদ্ধি আৰু বাছ ভাৰা বৃদ্ধিত সততে উদ্যোগ লোৱা উদ্যোগ মন্ত্রী তথা পৰিবহন মন্ত্রীগৰাকী স্বাভাৱিকতে নির্বিকাৰ৷ কিন্তু,– চৰকাৰী ‘বিৰোধী’ দলৰ কথা বাৰু বাদ, থিয় দঙা দিবলৈ চেষ্টা কৰি থকা, নতুনকৈ জগা হৰিণা পোৱালিৰ নিচিনা দলবোৰৰ কথাও বাদ, আনকি, প্রাচীন দলকেইটাইও, ‘ৰাজপথ উত্তাল কৰি আকাশ–বতাহ কঁপাই তোলা’ একো এটা প্রতিবাদ সাব্যস্ত নকৰিলে৷ ছীমে’ণ্ট্ কাম্প্নি আৰু ছীমে’ণ্ঢ্ বেপাৰীসকলে সিবিলাককো দিব নালাগিব জানো অৰিহণা?
ইতিমধ্যে মই একাধিক মঞ্চৰ পৰা একাধিকবাৰ কৈছোঁ যে বিধানসভাৰ আগন্তুক নির্বাচনত অবৈধ বাংলাদেশীৰ সমস্যাটোৱে কার্য্যতঃ মুঠেও ঠাই নাপাব৷ আন্দোলনৰ সময়তে কেন্দ্রীয় চৰকাৰে অসমৰ বাংলাদেশী সমস্যাটোৰ নাম সলাই তাক ‘অসম সমস্যা’ কৰি পেলাইছিল৷ অর্থাৎ কেন্দ্রীয় চৰকাৰৰ বাবে, অসমত থকা অনুপ্রৱেশকাৰী বাংলাদেশীসকল একো সমস্যা নহয় বিভিন্ন কাৰণত অসম ৰাজ্যখনহে এটা সমস্যা ঃ ‘আছাম্ প্রব্লে’ম্’ মূল সমস্যাটোৱে তাৰ মূল ৰূপটো কেতিয়াবাতে হেৰুৱাই নতুন ৰূপ ল’লে ‘কেব্–কা’৷ নির্বাচনী অভিযানবোৰতো বিষয়টো হ’ব– ‘কেব্–কা, কেব্–কা’ হাতত খর্গ লৈ জিভা মেলি অসমীয়াৰ সন্মুখত থিয় দি থকা এই সমস্যাটো এতিয়া আটাই ৰাজনৈতিক দলৰ বাবে এটা চৰম অস্বস্তিকৰ বিষয় গিলিবও নোৱৰা, মুখৰ পৰা উলিয়াই দিবও নোৱৰা এটা তপত আলু৷ বাংলাদেশী বিতাৰণ আন্দোলনৰ ঠেৰেহা সন্তান, বর্তমান ভাজপাৰ পোষ্য ভাতৃ (মাজে মাজে ‘হুইপিং বয়’) অগপই এতিয়া কি কৰিব? চাওকচোন বাৰু, বিদেশী অর্থাৎ পৰৰাষ্ট্রীয় নাগৰিকৰ একান্ত সাংবিধানিক তথা মৌলিক ৰাজনৈতিক বিষয় এটাক ৪২ বছৰ ওলমাই ৰাখি ৰাখি কেনেকৈ তাক এটা ধর্মীয় বিষয় কৰি পেলোৱা হ’ল
ৰাতি দুই বাজি (‘দুটা বাজি’ নহয়) গ’ল৷ ভাতকেইটা খাই লওঁ আঢ়ৈ বজাৰপৰা আকৌ দেখা যাব৷
এখন সার্বভৌম ৰাষ্ট্রই আন এখন ৰাষ্ট্রক আক্রমণ কৰাৰ দৰে, নাগালেণ্ড, অৰুণাচল, মেঘালয়, মিজোৰাম আদি আমাৰ চুবুৰীয়া ৰাজ্যসমূহে সুদীর্ঘ কাল জুৰি অসম আক্রমণ কৰি অসমৰ মানুহৰ ঘৰ–দুৱাৰ জ্বলাই, খেতিৰ শস্য কাটি নি, মানুহ আৰু পোহনীয়া জন্তু বধি, জীৱ–জন্তু লুটি, হাবি–বন কাটি খাস্তাং কৰি, ভাবুকি দি মাটি দখল কৰি চৰকাৰী কার্য্যালয়, শিক্ষানুষ্ঠান, মানুহ থকা ঘৰ সাজি, হাট–বজাৰ পাতি, দম দি কৰ–কাটল তুলি নিজা নিজা শাসন চলাই আছে,– আমাৰ ৰাজ্যৰ ভিতৰত৷ আৰু, যি দল বা যি মর্চাৰে হওক, আমাৰ ইখনৰ পাছত সিখন চৰকাৰৰ মুখ্য মন্ত্রী, গৃহ মন্ত্রী, সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে ভেবা লাগি ভেঁকৈ মুখ মেলি চাই আছে৷ সদায় চায়েই আছে৷ সীমাত থকা কেন্দ্রীয় সশস্ত্র বাহিনীসমূহে প্রতি ক্ষেত্রতে অসমৰ মানুহক বাধা প্রদান কৰি আনবোৰ ৰাজ্যৰ আক্রমণকাৰী সশস্ত্র বাহিনী আৰু নাগৰিকৰ পক্ষ লৈ আহিছে৷ অসম চৰকাৰে, ৰাজ্য প্রশাসনে মুঠেও একো নকৰে কেনে অকল্পনীয়, নাভূত–নাশ্রুত কাণ্ড মই বাৰম্বাৰ কৈ আহিছোঁ যে কেন্দ্রত যি দলৰে চৰকাৰ থাকক লাগে, এয়া হ’ল অসমৰ বিশাল প্রাকৃতিক সম্পদ লুণ্ঠনৰ স্বার্থত অসমক দুর্বল কৰি পেলোৱাৰ লক্ষ্যৰে, আক্রমণকাৰী, আগ্রাসী ৰাজ্যসমূহক উচটাই দিয়াৰ কেন্দ্রীয় নীতি ঃ অর্থাৎ ব্রহ্মপুত্র উপত্যকা সন্দর্ভত গংগা–য়মুনা–গোদাৱৰ্ উপত্যকাৰ ‘অসম নীতি’৷ এতিয়া বী টী আৰৰ নির্বাচনত টেঁটু ফালি চিঞৰি গছৰ পাত সৰুওৱাসকলে অসম–মিজোৰাম সীমান্তত কি কৰিছে? ৰাজপথত টায়া(ৰ্) আৰু জুমুঠি জ্বলোৱাসকলে মণিবন্ধত ৰঙা ৰছী বন্ধা হাত জোকাৰি জোকাৰি,– ‘সহ্য কৰা নহ’ব, মানি লোৱা নহ’ব, সঁকীয়াই দিয়া হ’ল’ বুলি টেঁটু ফলা, উত্তৰ–পূব আদহীয়া–বৃদ্ধ মৈত্রী সংগঠন প্রতিষ্ঠা, কৰোঁতাসকলে? এতিয়া, আজিৰ প্রশ্ণ হ’ল,– ২০২১ চনৰ পৰা অসম শাসন কৰিবলৈ কঁকালত টঙালি বন্ধাসকলৰ সীমা–বিবাদ নীতি কি? সিবিলাকে এতিয়া নির্বাচনী সভাবোৰত, ৰাইজক প্রবঞ্চনা নকৰাকৈ বাস্তৱত ৰূপায়িত কৰিব পৰা, সিবিলাকৰ কি নীতি, কি আঁচনিৰ কথা জনাব?
ৰাজ্যৰ দৈনন্দিন তথা সাধাৰণ প্রশাসন কেনেকৈ চলিছে, চাওক৷ ডিব্রু–চৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ বাঘজান অঞ্চলত ‘অইল’–ৰ ক্ষেত্রত বিস্ফোৰণ ঘটি একেৰাহে প্রায় ছমাহ জুই জ্বলি থাকিল৷ অঞ্চলটো মৰুভূমিলৈ পর্য্যবসিত হ’ল৷ হাজাৰ হাজাৰ লোক গৃহহীন, খাদ্যহীন হ’ল, সর্বস্বান্ত হ’ল৷ অসমৰ ৰাজ্যিক তথা ভাৰতৰ ৰাষ্ট্রীয় জলচৰ প্রাণী, দুষ্প্রাপ্য নদী শিহুকে ধৰি অনেক জীৱ–জন্তু, চৰাই–চিৰিকটি নিঃশেষ হৈ গ’ল৷ এনে কাণ্ড গুজৰাত (টx) বা ৰাজস্থানত হোৱা হ’লে? কিন্তু কলিজা কঁপোৱা বাঘজান কাণ্ড এবাৰ স্বচক্ষে প্রত্যক্ষ কৰি যাবলৈ বুলি মোদী, শাহ, সিং, নাড্ডাৰ আকাশীযানৰ ডেউকাক শক্তিয়ে নুকুলালে৷ অথচ, চুবুৰীয়া ৰাইজৰ আৰক্ষী আৰু সাধাৰণ ৰাইজৰ আক্রমণত নেগুৰ পেলাই নিজ সীমাৰ পৰা পলায়ন কৰা আমাৰ সশস্ত্র বাহিনীৰ কিন্তু,– সৌ যোৱা ৫ ডিচেম্বৰত, বাঘজানৰ সর্বস্বান্ত ৰাইজে ক্ষতিপূৰণ বিচাৰি দাবী জনাওঁতে, সিসৱৰ পিঠি ছিৰাছিৰ কৰিবলৈ ৰাইডাঙৰ অভাৱ নহ’ল কিনো অদভুত ভৈল এতিয়া ‘ৰাজনৈতিক’ দলবোৰে কি ক’ব?
ৰাজ্যত যান–বাহন দুর্ঘটনাত প্রতি বছৰে ৪০০০/৫০০০ মানুহৰ মৃত্যু হয়৷ ৰাজপথত যান–বাহন শৃংখলা বুলিবলৈ একো নাই৷ পথ সুৰক্ষা সপ্তাহ পালনৰ ভেঁকো–ভাওনাৰ বাহিৰে গৃহ বিভাগৰ আৰক্ষী বাহিনী তথা পৰিবহন বিভাগৰ বিষয়াসকলৰ ভূমিকা প্রায় শূন্য৷ দুর্ঘটনাৰ অন্যতম প্রধান কাৰণ হ’ল পথৰ ভুল, নিষিদ্ধ কাষেদি যান–বাহন চলাচল৷ বিভাজক নথকা পথৰ সোঁ কাষেদি আৰু বিভাজক থকা পথত বিভাজকৰ সোঁ কাষেদি যান–বাহন চলোৱা চালকৰ একো লেখ–জোখ নাই৷ গৃহ মন্ত্রী অর্থাৎ আইন–শৃংখলা ৰক্ষা মন্ত্রী তৰুণ গগৈ হওক বা সর্বানন্দ সোণোৱাল হওক, কার্য্যসূচী চৰকাৰী হওক কিম্বা দলীয় হওক, হে’ল্মিট নিপিন্ধা মন্ত্রী–বিধায়ক আৰু দলীয় ‘নেতা’ই নেতৃত্ব দিয়া কেইবাকিলোমিটাৰ দীঘল বাইক্ সমদল যাত্রাক ‘ফ্লেগ্–ডাউন্’ কৰি সেউজ সংকেত দিয়ে স্বয়ং গৃহ মন্ত্রীপ্রৱৰে৷ যোৱা ৬ ডিচেম্বৰত বোকাখাতত অগপৰ নির্বাচনী অভিযান উপলক্ষে উলিওৱা ‘ইমান কিঃমিঃ দীঘল’, ‘সিমান কিঃমিঃ দীঘল’ ‘বিশাল বাইক ৰেলী’ৰ নেতৃত্ব দিলে অগপৰ সভাপতি তথা পশুপালন মন্ত্রী ‘মুকলিমূৰীয়া’ অতুল বৰাই আৰু দলৰ কার্য্যকৰী সভাপতি তথা ‘মাথাউৰি’ মন্ত্রী, ‘মুকলিমূৰীয়া’ কেশৱ মহন্তই৷ আইনৰ ৰক্ষক পুলিচ ভাইসকলে সেমেনা–সেমেনি কৰি চায়েই থাকিল কি কৰিব আইন–কানুন ‘সাধাৰণ পৰজাগণ’ৰ বাবেহে ‘অসাধাৰণ’ দৌতা–ডাঙৰীয়াসকলৰ্ বাবে নহয় নহয় আমাৰ ‘ৰাজনৈতিক’ দলবোৰৰ কাৰণেও আকৌ ৰাজপথত যান–বাহনৰ শৃংখলা, ‘নৱ প্রজন্ম’ৰ বে’–পৰোৱা আচৰণ, উদ্ভণ্ডালি জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্রা, জীৱনৰ নিৰাপত্তা আদি ‘ৰাজনৈতিক’ বিষয় নহয় নহয় নাচ–গান, গালি–গালাজ আদিহে ৰাজনৈতিক কর্তব্য
ৰাজ্যত এতিয়া চৰকাৰী মাটিৰ অবৈধ দখল আৰু অবৈধ আবণ্টনৰ মহোৎসৱ চলিছে ভয়ংকৰভাবে বৃহৎ পৰিমাণৰ ৰাজহুৱা ভূ–সম্পত্তি থলুৱা চৰকাৰী চাকৰিয়াল–দালালৰ উদ্যোগ আৰু সহযোগত বহিৰাগত বণিয়াৰ হাতলৈ গৈ আছে৷ চহৰীয়া মাটিৰ বেলিকা এই দিশত গুৱাহাটী সদায় আগত যদিও, বিগত কিছু বছৰত যোৰহাটেও বেছ ‘উন্নতি’ কৰিছে শেহতীয়াকৈ যোৰহাটত প্রায় ষাঠি কোটি টকা মূল্যৰ কেইবাবিঘাও ৰাজহুৱা মাটি সত্যনাৰায়ণ আগৰৱালা নামৰ জনৈক বণিকক ‘পানীৰ মূল্যত’ হস্তান্তৰিত কৰা বুলি বাতৰি ওলাইছে৷ বহু লোকে পাহৰাৰ উপক্রম ঘটিছে যে প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈৰ আমোলত, আৰু বিশেষতঃ, যোৰহাট জিলাৰ এজন বিশেষ উপায়ুক্তৰ কালত, যোৰহাট চহৰ তথা উপকণ্ঠ অঞ্চলত এনে আগৰৱালা, ধেলিয়া, বেৰিয়া, খেমকা, দামানি, লোহিয়া, ভুৰাকিয়া, ‘গুজ্জু ভাই’ আদি লোকৰ প্রতিপত্তি চকুত লগাকৈ বাঢ়িল৷ সর্বভাৰতীয় পর্য্যায়ত টাটা, বিৰলা, ডালমিয়া, জৈন, গ’ড্ৰে’জ্, আম্বানি, ৱাদিয়া, মিত্তাল, গোৱেংকা, কির্লোস্কাৰ আদিৰ লগত কংগ্রে’ছ্ দলৰ লেন–দেন, লেটি–পেটি পুৰণা কাহিনী৷ ভাজপাৰ লগত সেই লেন–দেন, লেটি–পেটি অধিক কটকটীয়া৷ এতিয়া বণিক শ্রেণীয়ে বাহিৰৰপৰা চাবি নপকায়৷ এতিয়া কেন্দ্রীয় তথা একাধিক ৰাজ্য চৰকাৰত বণিক শ্রেণীৰ অনেকজন পোনপটীয়া অংশীদাৰ৷ অসমত তাৰ প্রভাৱ নথকাৰ ব্যতিক্রম ঘটিবনে? ন–পুৰণি ৰাজনৈতিক দলবোৰে বা নির্বাচনত কি ক’ব?