নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাৰ আগ্ৰাসনঃ মৰিগাঁৱৰ অসম-নাগালেণ্ড সীমান্তত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসনক লৈ প্ৰতিবাদত উত্তাল হৈছে মৰিগাঁও। মৰিগাঁৱৰ অসম-নাগালেণ্ড সীমান্তত বিভিন্ন দল-সংগঠনে কৰে এই প্ৰতিবাদ। দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষীয়ে শিবিৰ স্থাপন কৰাক লৈ অসমৰ দল-সংগঠনে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজ তথা দল-সংগঠনে।

উল্লেখ্য প্ৰশাসনক আগ্ৰাসন সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে ৭২ ঘণ্টা সময় বান্ধি দিছিল দল-সংগঠনসমূহে। কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে সীমান্তত প্ৰবল প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

You might also like