নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিলৈ জীৱনজোৰা সাধনা বঁটা

আৰএন বৰুৱা–প্রতিভা বৰুৱা স্মাৰক সমিতি

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ আৰ এন বৰুৱা আৰু প্রতিভা বৰুৱা স্মাৰক বঁটা সমিতিয়ে যশস্বী সাংবাদিক তথা কথাশিল্পী হোমেন বৰগোহাঞিলৈ আগবঢ়াইছে এক বিশেষ সন্মান৷ স্মাৰক বঁটা সমিতিয়ে সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা এইবাৰ হোমেন বৰগোহাঞিলৈ আগবঢ়াইছে৷ সমিতিৰ হৈ আহ্বায়ক প্রশান্তজ্যোতি বৰুৱাই আজি এই কথা ঘোষণা কৰিছে৷ আনহাতে, সাধাৰণ আৰু দৰিদ্র শ্রেণীৰ জীৱনলৈ অহা উন্নতি, বিকাশৰ প্রতিচ্ছবি দাঙি ধৰি প্রতিবেদন প্রস্তুত কৰাৰ বাবে ২০১৮–১৯ বর্ষৰ প্রতিভা বৰুৱা স্মাৰক বঁটা লাভ কৰিছে ‘দৈনিক অসম’ৰ সাংবাদিক অৰূপ শাণ্ডিল্যই৷ একেদৰে পৰিৱেশ, পর্যটন, বন্যপ্রাণী সংৰক্ষণমূলক সাংবাদিকতাৰ বাবে আগবঢ়োৱা আৰ এন বৰুৱা স্মাৰক বঁটা আগবঢ়োৱা হৈছে মুক্ত সাংবাদিক ৰাণু বৰুৱালৈ৷ সাংবাদিকগৰাকীয়ে ডিগবৈ শোধনাগাৰে নির্মাণ কৰা এটা অইল টার্মিনেলে হস্তীদণ্ডী বাধাগ্রস্ত কৰাৰ ফলত সৃষ্টি হোৱা হাতী–মানুহৰ সংঘাতৰ বিষয়ে এক প্রতিবেদন প্রস্তুত কৰিছিল৷ পাটকাই অঞ্চলত হোৱা মুক্ত খননে পৰিৱেশনৈ অনা ভাবুকিৰ বিষয়েও আন এক গুৰুত্বপূর্ণ প্রতিবেদন প্রস্তুত কৰিছিল ৰাণু বৰুৱাই৷ উল্লেখ্য যে ‘দ্য আছাম ট্রিবিউন’ৰ প্রাক্তন সম্পাদক প্রয়াত আৰ এন বৰুৱা আৰু তেওঁৰ সহধর্মিণী প্রয়াত প্রতিভা বৰুৱাৰ স্মৃতিত এই বঁটাসমূহ প্রদান কৰা হ’ব৷ আটাইকেইটা বঁটাতে আছে প্রশস্তি–পত্রৰ লগতে নগদ ৫০ হাজাৰ টকা৷

You might also like