নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন–ৰূপত দ্য বিবলি’ফিলিয়া বুক কেফে

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত বুক কেফে দ্য বিবলি’ফিলিয়াৰ যোৱা ৭ ডিচেম্বৰত ন–ৰূপত শুভ উন্মোচন কৰা হয়৷ কিতাপ পঢ়াৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি পঢ়ুৱৈ সমাজক এক নতুন সোৱাদ দিবলৈ চেষ্টা কৰিছে বুক কেফেখনে৷ লকডাউনৰ ফলত যোৱা প্রায় ৮ মাহ ধৰি বন্ধ হৈ থকা বুক কেফেখন ন–ৰূপত সজাই তুলিছে জনপ্রিয় ফটোগ্রাফাৰ ইমৰান হুছেইনে৷ এই বুক কেফেখনৰ বিশেষত্ব হৈছে আন্তঃৰাষ্ট্রীয় পর্যায়ত বঁটাপ্রাপ্ত বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ সুবিধা৷ এক সুন্দৰ পৰিৱেশত কিতাপ পঢ়াৰ লগতে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰো জুতি ইয়াত ল’ব পাৰি৷ কেফেখনত প্রাপ্ত এই খাদ্য সম্ভাৰৰ তদাৰক কৰিছে আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন চেফ সঞ্জয় কলিতাই৷ লগতে খাদ্য সম্ভাৰ প্রস্তুত কৰাৰ বাবে বিশেষভাৱে ইয়াৰ লগত জড়িত হৈ আছে চেফ গেমশ্রী নিৰেন হাজোৱাৰী।

You might also like