নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰে সম্পূর্ণ নহ’ল জৱাহৰলাল নেহৰু গ্রামীণ ক্রীড়া প্রকল্প

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা ৰাজহ চক্রৰ মাঝিৰগাঁও গাঁও পঞ্চায়তৰ পলাশবাৰী আঞ্চলিক হাইস্কুলৰ খেলপথাৰৰ দাঁতিতে থকা পণ্ডিত জৱাহৰলাল নেহৰু গ্রামীণ ক্রীডা প্রকল্পটো সম্প্রতি এৰাবাৰীত পৰিণত হৈছে৷ ২০১৪–১৫ বর্ষত বাস্কেটবল ষ্টেডিয়াম নির্মাণৰ আঁচনি লোৱাৰ লগে লগে বৃহত্তৰ এলেকাটোত ক্রীডাৰ ক্ষেত্রত আশাৰ বাতৰি আহিছিল যদিও আজি পাঁচবছৰে ষ্টেডিয়ামখন সম্পূর্ণ হৈ নুঠিল৷ জানিব পৰা মতে, ৰাণী উন্নয়ন খণ্ডৰ অন্তর্গত মাঝিৰগাঁও গাঁও পঞ্চায়ত এলেকাৰ পলাশবাৰী আঞ্চলিক হাইস্কুলৰ খেলপথাৰত ২০১৪–১৫ বর্ষত উক্ত বাস্কেটবল ষ্টেডিয়ামৰ আঁচনি লোৱা হয়৷ উল্লেখ্য যে কংগ্রেছ চৰকাৰৰ কার্যকালত তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে গ্রামাঞ্চলৰ প্রতিভাৱান খেলুৱৈসকলৰ খেল চর্চাৰ বাবে প্রতিটো উন্নয়ন খণ্ড এলেকাত একোখনকৈ গ্রামীণ ক্রীডা প্রকল্প নির্মাণৰ প্রস্তাৱ গ্রহণ কৰে৷ সেই অনুসৰি ‘মুখ্যমন্ত্রীৰ সপোনৰ আঁচনি’ নামেৰে এখন অভিলাষী আঁচনি প্রস্তুত কৰি উন্নয়ন খণ্ডসমূহত ৰূপায়ণ কৰাৰ নির্দেশ দিছিল৷ এই নির্দেশ অনুসৰি ৰাণী উন্নয়ন খণ্ড এলেকাৰ মাঝিৰগাঁও গাঁও পঞ্চায়তৰ পলাশবাৰী আঞ্চলিক হাইস্কুল খেলপথাৰত ৪,৪৬,৮২৬ টকাৰ অনুদানেৰে ষ্টেডিয়াম নির্মাণৰ কাম আৰম্ভ কৰা হয়৷ সেইমতে ষ্টেডিয়াম নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও হঠাতে নির্মাণৰ কাম বন্ধ কৰি দিয়া হয়৷ কিন্তু আঁচনি নির্মাণৰ কাম কিয় বন্ধ কৰি দিয়া হ’ল সেয়া ৰাইজৰ বাবে আজিও নুবুজা সাঁথৰ হৈ ৰ’ল৷ ফলস্বৰূপে আজি পাঁচ বছৰে উক্ত ষ্টেডিয়ামখন অর্ধনির্মিত অৱস্থাতে পৰিত্যক্ত হৈ থাকিল৷

You might also like