নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীক সম্বর্ধনা

গুৱাহাটী প্রেছ ক্লাবৰ আন্তঃগাঁথনি উন্নয়নত আগবঢ়াইছিল সহায়ৰ হাত

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ  লাওচত প্রতিষ্ঠিত অসমৰ হোজাইৰ বিশিষ্ট উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীক গুৱাহাটী প্রেছ ক্লাবৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷ জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, প্রাণজিত শইকীয়া, লুইত নীল ডন, অনুপম নাথ আদিৰ উপস্থিতিত গুৱাহাটী প্রেছ ক্লাবৰ হৈ সভাপতি মনোজ কুমাৰ নাথে উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীক চেলেং চাদৰ, গামোচা, জাপি, শৰাই, স্মাৰক আৰু ধন্যবাদ পত্রৰে সম্বর্ধনা জনায়৷ সম্বর্ধনা জনাই মনোজ কুমাৰ নাথে কয়– গুৱাহাটী প্রেছ ক্লাবৰ দায়িত্বভাৰ গ্রহণ কৰি নতুন সমিতিয়ে পৰিকল্পনা কৰিছিল প্রেছ ক্লাবৰ আন্তঃগাঁথনি উন্নয়ন আৰু পুনৰ নির্মাণৰ কাম৷ ঠিক সেই সময়তেই কেৱল মৌখিক প্রস্তাৱৰ ভিত্তিত আমাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছিল বিশিষ্ট উদ্যোগপতি হাবিব মহম্মদ চৌধুৰী৷ তেনেদৰেই আৰম্ভ হৈছিল গুৱাহাটী প্রেছ ক্লাবৰ আন্তঃগাঁথনি উন্নয়ন আৰু পুনৰ নির্মাণৰ কাম৷ জে এফ ফাউণ্ডেচন ফৰ হিউমিনিটীৰ বেনাৰত হাবিব মহম্মদ চৌধুৰীয়ে ৮ লাখ টকা ব্যয় সাপেক্ষে গুৱাহাটী প্রেছ ক্লাবৰ পুনৰ নির্মাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম সম্পূর্ণ কৰি তোলে৷

ইয়াৰ বাবে আজি ক্লাবৰ তৰফৰ পৰা উদ্যোগপতি চৌধুৰীক আন্তৰিক কৃতজ্ঞতা জনাইছে৷ উদ্যোগপতিজনে দুর্যোগৰ সময়ত আর্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে৷ তেওঁৰ এই মানৱতাবোধ অসমৰ বাবে আদর্শ হ’ব বুলি আশা কৰিছোঁ৷ তেওঁ প্রেছ ক্লাবৰ নৱ নির্মাণ কৰি নতুন ৰূপ দিয়াৰ বাবে ধন্যবাদ জনালো৷ অনুষ্ঠানত প্রণয় বৰদলৈয়ে কয় হাবিব মহম্মদ চৌধুৰী এজন সপোনক বাস্তৱ ৰূপ দিয়া যুৱক৷ গুৱাহাটী প্রেছ ক্লাবক নতুন ৰূপ দিয়া বাবে তেওঁক ধন্যবাদ জনালোঁ৷ অনুষ্ঠানত প্রাণজিৎ শইকীয়াই কয়– লাওচৰ আর্থ–সামাজিক ক্ষেত্রখনত বিশেষ প্রভাৱ আছে হাবিব মহম্মদ চৌধুৰীৰ৷ তেওঁ অসমৰ বহু নিবনুৱাক লাওচত সংস্থাপন দিছে৷ অনাগত সময়ত সামাজিক কাম কৰি যাবলৈ তেওঁক ভগৱানে শক্তি দিয়ক৷ অনুষ্ঠানতে জ্যেষ্ঠ ফটো সাংবাদিক অনুপম নাথে গুৱাহাটী প্রেছ ক্লাবক নতুন ৰূপত সজাই তোলাৰ বাবে উদ্যোগপতিজনক ধন্যবাদ জনায়৷ অনুষ্ঠানত সম্বধনা গ্রহণ কৰি হাবিব মহম্মদ চৌধুৰীয়ে কয়– গুৱাহাটী প্রেছ ক্লাবক পুনৰ নির্মাণৰ সুবিধা দিয়াৰ বাবে ক্লাবৰ সভাপতি–সম্পাদকক ধন্যবাদ জনাইছো৷ অসমত বহু সাংবাদিকৰ সৈতে মোৰ দীর্ঘদিনৰ পৰা সুসম্পর্ক আছে৷ সাংবাদিকে কলমেৰে ভাল সৃষ্টি কৰিবও পাৰে আৰু ধ্বংসও কৰিব পাৰে৷ সাংবাদিকসকলে ভাল সৃষ্টিত অধিক মনোনিৱেশ কৰি আহিছে৷ সাংবাদিকসকল থকা বাবেই আজি সমাজখন সুন্দৰকৈ চলি আছে৷

You might also like