নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱত উত্তেজিত ৰাইজৰ পথ অৱৰোধ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ গেমন ইণ্ডিয়াৰ পথ মেৰামতিক লৈ  মহানগৰীৰ মালিগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত জনতাই গেমন ইণ্ডিয়াৰ কর্মকাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ লগতে পথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী ৰাইজে আধা ঘণ্টাৰো অধিক সময় পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰাত  সন্ধিয়া ৰাজপথত যান–বাহন চলাচল বন্ধ হৈ পৰে৷ সুদীর্ঘ সময় ধৰি যান–বাহন চলাচল বন্ধ হৈ থকাৰ ফলত অঞ্চলটোত সন্ধিয়াৰ ভাগত ৰাজপথত শ শ যান–বাহন আবদ্ধ হৈ পৰাৰ লগতে তীব্র যান–জঁটৰ সৃষ্টি হয়৷

উল্লেখ্য যে গেমন ইণ্ডিয়াই জৰাজীর্ণ ৰাজপথ মেৰামতিৰ কাম চলাই থকাৰ সময়তে পথছোৱা বোকা–পানীৰে ভৰি পৰাত উক্ত পথত কেইবাটাও সৰু–বৰ পথ দুর্ঘটনা সংঘটিত হৈ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ তদুপৰি পথছোৱাত বিগত প্রায় এসপ্তাহ ধৰি পানী জমা হৈ থকাত যান–বাহনৰ লগতে পথচাৰীসকলে যাতায়াতৰ ক্ষেত্রত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ ইপিনে, ৰাজপথত পানী জমা হৈ থকাৰ বাবে সদা ব্যস্ত পথছোৱাত বোকাময় হৈ পৰে৷ সেয়েহে উত্তেজিত ৰাইজে গেমন ইণ্ডিয়াৰ এনে কর্মকাণ্ডৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে৷

স্থানীয় মহিলাকে ধৰি শতাধিক উত্তেজিত জনতাই আজি সন্ধিয়া মালিগাঁৱৰ ৰাজপথত উপস্থিত হৈ শীঘ্রে পথ মেৰামতি কৰাৰ লগতে যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ এক প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ উক্ত প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা ক্ষুব্ধ ৰাইজে প্রতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্রতিবাদ সাব্যস্ত কৰি সুদীর্ঘ এঘণ্টা ধৰি পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ ফলত সদা ব্যস্ত পথছোৱাত শ শ যান–বাহন আবদ্ধ হৈ পৰাত তীব্র যান–জঁটৰ সৃষ্টি হয়৷ অৱশেষত জালুকবাৰী আৰক্ষীয়ে অর্ধসামৰিক বাহিনীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজৰ ওপৰত লাঠীচালনা কৰে৷ আৰক্ষীৰ তৎপৰতাত পৰৱর্তী সময়ত যান–জঁট নিয়ন্ত্রণলৈ আহে আৰু কেইবাগৰাকীও প্রতিবাদকাৰী আঘাতপ্রাপ্ত হয়৷

উল্লেখ্য যে গেমন ইণ্ডিয়া কর্তৃপক্ষই বাট–পথ মেৰামতিৰ নামত মইমতালি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ একাংশ বাট–পথ মেৰামতিৰ তথা পানীৰ পাইপ বহুওৱাৰ নামত দীর্ঘদিন ধৰি খান্দি যাতায়াতৰ অনুপযোগী কৰি থোৱাৰ পাছতো গেমন ইণ্ডিয়াৰ পথছোৱা পুনৰ মেৰামতি কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত গুৱাহাটী মহানগৰীৰ একাংশ পথত যাত্রীয়ে চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ বিভিন্ন দল–সংগঠনে গেমন ইণ্ডিয়াক শীঘ্রে পথ মেৰামতি কৰাৰ বাবে দাবী জনাই আহিছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰে একাংশ ভুক্তভোগী জনতাৰ৷

You might also like