নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰ আধাৰ কেন্দ্র বন্ধ: নাগৰিকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সর্বসাধাৰণ নাগৰিকৰ বাবে এতিয়া অতি জৰুৰী হৈ পৰিছে আধাৰকার্ড৷ পঞ্চায়তৰ বিভিন্ন আঁচনিৰ বাবে কৰা আবেদন, হিতাধিকাৰী বাছনি প্রক্রিয়াত আধাৰকার্ড বাধ্যতামূলক৷ তদুপৰি চৰকাৰে বিদ্যালয়–মহাবিদ্যালয় ছাত্র–ছাত্রীসকলক বেংক একাউণ্ট খোলাৰ বাবে নির্দেশনা দিছে৷ সেই বেংক একাউণ্ট খোলাৰ বাবেও অতি প্রয়োজনীয় হৈ পৰিছে আধাৰকার্ড৷ যাৰ বাবে মহানগৰীৰ প্রতিটো আধাৰ প্রস্তুত কেন্দ্রতে নাগৰিকৰ দীঘলীয়া শাৰী৷ একেই পৰিৱেশ সৃষ্টি হৈছিল মহানগৰীৰ ধাৰাপুৰত থকা আধাৰ কেন্দ্রত৷ প্রাত্যহিক জীৱনত অপৰিহার্য হৈ পৰা আধাৰকার্ডখন বনাবৰ বাবে কেন্দ্রত পুৱাৰে পৰা সৃষ্টি হৈছিল দীঘলীয়া শাৰী৷ বহু লোকে আধাৰকার্ড বনাই পঞ্চায়তৰ গৃহ লাভ কৰাৰ লগতে বহু ছাত্র–ছাত্রীয়ে বেংক একাউণ্ট খুলিবলৈ সক্ষম হৈছিল৷ কিন্তু প্রায় এমাহ পূর্বে কোনো জাননী নিদিয়াকৈ হঠাতে আধাৰ কেন্দ্রটো বন্ধ কৰি দিয়ে কর্তৃপক্ষই৷ ফলত নাগৰিকসকলে আধাৰ কেন্দ্রলৈ আহি দিনটো বোন্দাপৰ দি উভতি যাব লগা হয়৷ আধাৰ কেন্দ্রৰ কর্মচাৰীসকলে কম্পিউটাৰৰ ছফটৱেৰ আপডেট কৰাৰ বাবে সাময়িকভাৱে আধাৰ কেন্দ্র বন্ধ ৰখাৰ লগতে পোন্ধৰ দিনমান পিছত কেন্দ্রটোত পুনৰ কাম আৰম্ভ হ’ব বুলি ৰাইজক জনাইছিল৷ কিন্তু এমাহ উকলি যোৱাৰ পিছতো আধাৰ কেন্দ্রটো নোখোলাত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷

আধাৰকার্ড নোহোৱাৰ বাবেই বহু দুখীয়া নাগৰিকে চৰকাৰৰ বহু আঁচনিত আবেদন কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ সাধাৰণ ৰাইজে আধাৰ কেন্দ্র খুলিব বুলি অপেক্ষা কৰি থকাৰ সময়তে ধাৰাপুৰ আধাৰকেন্দ্রৰ কম্পিউটাৰ অপাৰেটৰগৰাকীক মালিগাঁৱৰ এটি আধাৰকেন্দ্রলৈ বদলি কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷ বৃহত্তৰ অঞ্চলটোৰ নাগৰিকসকলে শীঘ্রে আধাৰকেন্দ্রটো খুলিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে৷ ইপিনে, আজাৰা আধাৰকেন্দ্রটো দীর্ঘদিন ধৰি বন্ধ হৈ আছিল যদিও শীঘ্রে পুনৰ খুলিব বুলি জানিব পৰা গৈছে৷

You might also like