নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিটিচি নির্বাচনৰ ফলাফল; পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ পাছত সুদীর্ঘ ৭ মাহৰ অন্তত দুটা পর্যায়ত অনুষ্ঠিত হোৱা বিটিচি নির্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ব৷ ইতিমধ্যে ১০টা ষ্ট্রং ৰুমত বন্দী হৈ থকা ২৪১জন প্রার্থীৰ ভাগ্য নির্ণিত কৰাৰ বাবে আজি পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোটগণনা৷ কাইলৈ নির্ণয় হ’ব হাগ্রামা মহিলাৰী, খাম্ফা বৰগয়াৰী, প্রমোদ বড়ো, গোবিন্দ বসুমতাৰীৰ লগতে আন কেইবাজনো হেভীৱেট নেতাৰ ভাগ্য৷ ভোটগণনাৰ বাবে ইতিমধ্যে কোকৰাঝাৰ জিলাৰ তিনিটা মহকুমা ক্রমে কোকৰাঝাৰ, পর্বতঝোৰা আৰু গোসাঁইগাঁও, চিৰাং জিলাৰ দুটা, বাক্সাৰ তিনিটা আৰু ওদালগুৰিৰ দুটা কেন্দ্র সম্পূর্ণ সাজু কৰি তোলা হৈছে৷

উল্লেখ্য যে আজি ভোটগণনাৰ বাবে কোকৰাঝাৰ, চিৰাং জিলাত ব্যাপক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ কোকৰাঝাৰ জিলা উপায়ুক্ত তথা ৰিটার্নিং বিষয়া ভাস্কৰ ফুকনে প্রকাশ কৰা মতে, ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নহয়, তাৰ বাবে অতিৰিক্ত নিৰাপত্তা বাহিনী প্রতিটো ভোটগণনা কেন্দ্রত নিয়োজিত কৰা হৈছে৷ মন কৰিবলগীয়া যে বাক্সা জিলাত ১১টা পৰিষদীয় সমষ্টিৰ বিপৰীতে এইবাৰ প্রতিদ্বন্দ্বিতা কৰিছে ৭০গৰাকী প্রার্থীয়ে৷ আনহাতে, ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে ৬০গৰাকী প্রার্থীয়ে৷ একেদৰে কোকৰাঝাৰ জিলাত ১২টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীৰ সংখ্যা ১১১গৰাকী আৰু চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিত প্রতিনিধিত্ব কৰা প্রার্থীৰ সংখ্যা হ’ল ৩৪গৰাকী৷

ইতিমধ্যে নির্বাচনক লৈ উত্তপ্ত হৈ পৰা বি টি আৰত কালি ৰিগিং আৰু বেলট বাকচ উদ্ধাৰৰ ঘটনাই পৰিস্থিতি উত্তপ্ত কৰি তুলিছে৷ শ্রীৰামপুৰত কালি ৰিগিঙৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে গোসাঁইগাঁৱত বেলট বাকচ কাঢ়ি নিয়া দুর্বৃত্তৰ হাতৰ পৰা ১০০ জাঁই গুলী চলাইহে আৰক্ষীয়ে বেলট বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এনে অৱস্থাত বিটিচি নির্বাচনত কোনে শেষ হাঁহি মাৰিব, তাক লৈ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বিভিন্ন চর্চা তথা সমীকৰণ৷ চতুর্থবাৰৰ বাবে হাগ্রামা মহিলাৰীয়ে বিটিচি দখল কৰিব পাৰিবনে, ইউ পি পি এলৰ নেতা প্রমোদ বড়োৱে এইবাৰ পৰিৱর্তনৰ জোৱাৰেৰে বিটিচি শাসনৰ বাঘজৰী হাতত ল’ব, তাক লৈ বিটিচিৰ লগতে দিছপুৰতো আৰম্ভ হৈছে ব্যাপক চর্চা৷

উল্লেখ্য যে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে এইবাৰ ৩১খন আসন দখল কৰিব বুলি দাবী তোলাৰ বিপৰীতে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱেও ৩০খন আসন দখলৰ দাবী তুলিছে৷ ইফালে বিটিচিত শক্তিশালী ৰূপত ভুমুকি মৰা বিজেপিয়ে এইবাৰ ক্ষমতা দখল কৰাৰ দাবী তুলিছে৷ নির্বাচনী প্রচাৰ অভিযানত ব্যাপক ৰূপত জঁপিয়াই পৰা দলটোৰ জ্যেষ্ঠ নেতা তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই বিটিচিত বিজেপিয়ে ২০খন আসন দখল কৰিব বুলি মন্তব্য কৰিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিচিত বিজেপিয়ে ক্ষমতাত অংশীদাৰ হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ সেই দিশৰ পৰা এইবাৰ নির্বাচনৰ ফলাফলক লৈ যথেষ্ট উৎকণ্ঠাৰে বাট চাই ৰৈছে বিটিচিবাসীৰ লগতে ৰাজ্যবাসীয়েও৷

ইফালে আজি হ’বলগীয়া ভোটগণনাৰ সময়ত যাতে কোনো এখন জিলাতে অপ্রীতিকৰ পৰিৱেশ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তাৰ সকলো দিশ তদাৰক কৰিছে অসম আৰক্ষীৰ আইন–শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে৷ আজি কোকৰাঝাৰ মহকুমাৰ ৫টা, গোসাঁইগাঁও মহকুমাৰ ৬টা আৰু পর্বতঝোৰা মহকুমাৰ ১টা পৰিষদীয় সমষ্টিৰ ভোটগণনা সম্পন্ন হ’ব৷ ইফালে জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ শ্রীৰামপুৰৰ এটা কেন্দ্রত কালি পুনৰ ভোটগ্রহণ হয়৷ কোকৰাঝাৰ জিলাৰ লগতে ওদালগুৰি জিলাতো আজিৰ ভোটগণনাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ জিলাখনৰ ভেৰগাঁও মহকুমাধিপতিৰ কার্যালয়ত বিটিচিৰ ৫টা পৰিষদীয় সমষ্টি ক্রমে ৩১নং খৈৰাবাৰী, ৩২নং ভেৰগাঁও, ৩৩নং ননৈ ছেৰফাং, ৩৪নং খালিংদুৱাৰ, ৩৫নং মুদৈবড়ী, ৩৬নং হৰিশিঙা, ৩৭নং ধনশ্রী, ৩৮নং ভৈৰৱকুণ্ড, ৩৯নং পাঁচনৈ ছেৰফাং, ৪০নং ৰৌতা সমষ্টিৰ ভোটগণনাৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷

You might also like