জহি–খহি গৈছে নোৱাপাৰাৰ ৪৪৭ বছৰীয়া ৰামচন্দ্র সত্র
সত্রৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী ৰাইজৰ আহ্বান
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শতিকা পুৰণি নামঘৰ, মন্দিৰ, মছজিদ গির্জাকে ধৰি ধর্মানুষ্ঠান আৰু মহাপুৰুষ দুজনাই স্থাপন কৰা সত্রসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা গ্রহণ কৰিছে৷ চৰকাৰৰ এই পদক্ষেপক দল–মত নির্বিশেষে সকলো পক্ষই আদৰণি জনাইছে৷ কিন্তু তেনে সময়তে ৰাজ্যৰ আন অঞ্চলতো বাদেই, খোদ গুৱাহাটীৰ পশ্চিম প্রান্তৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ তাতীবামা ৰাজহ গাঁৱৰ বৰ হেৰামদৈ নোৱাপাৰাৰ ৪৪৭ বর্ষত ভৰি দিয়া ঐতিহাসিক শ্রীশ্রী ৰামচন্দ্র সত্রখন আর্থিক দুৰৱস্থাৰ বাবে জহি–খহি যোৱাৰ উপক্রম হোৱাত সচেতন ৰাইজে উদ্বেগ প্রকাশ কৰিছে৷ এই সন্দর্ভত সত্র পৰিচালনা সমিতিৰ সভাপতি হৰি মহন্ত, সাধাৰণ সম্পাদক উপেন্দ্রনাথ ঠাকুৰীয়া আৰু সহকাৰী সাধাৰণ সম্পাদক মিতুমণি দাসে জানিবলৈ দিয়া মতে, ১৫৭৩ চনত মহাপুৰুষ মাধৱদেৱে ওচৰতে থকা বৰ হেৰামদৈ সত্র স্থাপন কৰি যোৱাৰ সময়ত শ্রীশ্রী ৰামচন্দ্র সত্র স্থাপন কৰিবলৈ আজ্ঞা কৰিছিল৷ সেই আজ্ঞা অনুসৰি শ্রীশ্রী ৰামচন্দ্র সত্র স্থাপন কৰা হৈছিল৷ লোক বিশ্বাস অনুসৰি লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ সময়ত জঁটায়ু পক্ষীয়ে বাধা দিয়াত ৰাৱণে জঁটায়ু পক্ষীৰ পাখি দুখন কাটি দিয়াত তাত পৰি যায়৷ তেতিয়া জঁটায়ু পক্ষীয়ে কেইবাবাৰো প্রভু শ্রীৰাম বুলি কৈ চিঞৰে আৰু প্রাণত্যাগ কৰে৷ সেই স্থানত মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা অনুসৰি এটা দৌল, তাৰ পৰা ২০০ মিটাৰ নিলগত বৰ হেৰামদৈ সত্র আৰু ৫০ মিটাৰ নিলগত ৰামচন্দ্র সত্র স্থাপন কৰা হয়৷ লক্ষ্যণীয়ভাৱে সত্রসহ চৌহদত প্রায় ডেৰ বিঘা আৰু ওচৰতে প্রায় তিনি বিঘামান মাটিও আছে সত্রৰ নামত৷ এটা সময়ত ওচৰতে থকা বৰ হেৰামদৈ সত্রৰ সৈতে ৰামচন্দ্র সত্রৰ প্রায় ৫০ বিঘাৰো অধিক খেতিৰ মাটি আছিল৷ কালক্রমত সেই মাটিত স্থানীয় লোকসকলে কৃষি কার্য কৰে আৰু তেওঁলোকৰ বহুতেই দুয়োখন সত্রৰ সৈতে জডিত হৈ আছে৷ ইফালে, ওচৰতে থকা বৰ হেৰামদৈ সত্রখনে আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ পৰা আর্থিক সাহায্য লাভ কৰিছে আৰু তাক সকলেও আদৰণি জনাইছে৷ কিন্তু একে সময়তে ৪৪৭ বর্ষত ভৰি দিয়া আৰু মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা অনুসৰি স্থাপন হোৱা শ্রীশ্রী ৰামচন্দ্র সত্রখনে চৰকাৰৰ আর্থিক সাহায্যৰ পৰা বঞ্চিত হৈ থকা বিষয়টোত সচেতন ৰাইজে উদ্বেগ প্রকাশ কৰিছে৷ যাৰ বাবে মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজডিত সত্রখন ৰক্ষাৰ বাবে সত্র পৰিচালনা সমিতিৰ উপৰি অঞ্চলটোৰ সকলো সচেতন লোকে ৰাজ্যৰ মুখ্যমন্ত্রী, বিত্তমন্ত্রী, গুৱাহাটীৰ সাংসদ আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে৷ উল্লেখ্য যে সত্রত ইতিহাসে ঢুকি পোৱা কালৰে পৰা মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি, আৱির্ভাৱ তিথি আদি পালন কৰি অহা হৈছে৷ তেনেদৰে সত্রৰ ভক্তসকলে অভাৱ–নাটনৰ মাজতো নাম–প্রসংগ আদি সম্পন্ন কৰি আহিছে৷