নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নেচনেল ডাটা চেণ্টাৰ

ভাৰত চৰকাৰে তিনিশ পঞ্চাশ কোটি টকাৰে অসমত স্থাপন কৰিবলৈ ওলাইছে ৰাষ্ট্রীয় তথ্য ভাণ্ডাৰ– নেচনেল ডাটা চেণ্টাৰ৷ প্রধানমন্ত্রী ডিজিটেল নর্থ ইষ্টার্ন ইণ্ডিয়া ভিছন–২০২২ৰ অধীনত এই অভিলাষী প্রকল্পৰ ঘোষণা কৰা হৈছে৷ গুৱাহাটীৰ আমিনগাঁৱত এই প্রতিষ্ঠান স্থাপন কৰা হ’ব আৰু খুব কম দিনৰ ভিতৰতে ভূমি পূজনেৰে ইয়াৰ কাম আৰম্ভ হোৱাৰ কথা৷ এই প্রকল্প তিনি বছৰৰ ভিতৰতে সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ বর্তমান ডিজিটেল যুগত এই ডিজিটেল ডাটা ভাণ্ডাৰৰ প্রয়োজন সকলোৰে জ্ঞাত আৰু ডিজিটেল মাধ্যমৰ প্রসাৰৰ লগে লগে এই তথ্য ভাণ্ডাৰৰো গুৰুত্ব বাঢ়ি গৈ থাকিব৷ কেন্ত্রীয় চৰকাৰে অসমৰ বাবে আগবঢ়োৱা ডাঙৰ উপহাৰবোৰৰ মাজত এইটো বিশেষভাৱে গুৰুত্বপূর্ণ হোৱাৰ কাৰণ হ’ল ই আকৃতিত খুব ডাঙৰ নহয়, কিন্তু গুৰুত্বৰ দিশৰ পৰা ই সর্বাধুনিক আৰু বৌদ্ধিক দিশৰ পৰা ই সভ্যতাৰ ক্রমবিকাশৰ এটি গুৰুত্বপূর্ণ অনুঘটক৷ আনকি মোদী চৰকাৰৰ সকলো সিদ্ধান্তকে ভুল বুলি সমালোচনা কৰাসকলো এই সিদ্ধান্তৰ ক্ষেত্রত মৌন হৈ আছে৷ মুখ্যতঃ অসমকে কেন্দ্র কৰি উত্তৰ–পূবৰ আটাইকেইখন ৰাজ্যৰ বাবেই এই ডাটা চেণ্টাৰৰ নির্মাণ৷ ই হ’ব উত্তৰ–পূবৰ আটাইকেইখন ৰাজ্যৰ ডিজিটেল হাব আৰু ইয়াত সংৰক্ষিত আৰু পৰিশোধিত ডাটাবোৰ মূলতঃ ব্যৱহাৰ হ’ব ই–প্রশাসনৰ বাবে৷ প্রশাসনৰ বাবে আৰু বিশেষকৈ উন্নয়নমূলক কামৰ বাবে বহু ধৰণৰ তথ্যৰ প্রয়োজন হয়, যিবোৰ বিচাৰি লোৱা, তাক শ্রেণী বিভাজন আদি কৰি বিভিন্ন ধৰণৰ প্রয়োগ আৰু ব্যৱহাৰৰ কাৰণে সাজু কৰি ৰখাটো এটা জটিল কাম, কিন্তু অতি প্রয়োজনীয় কাম৷ এই চেণ্টাৰ কার্যক্ষম হৈ উঠাৰ লগে লগে প্রশাসন আৰু উন্নয়নৰ কামো দ্রুতগতিত আগবাঢ়িব৷ দ্বিতীয় কথা হ’ল, তথ্য সংগ্রহ আৰু বিশ্লেষণৰ সময়ত হোৱা বিভিন্ন ধৰণৰ অসাধু কাম এই ডিজিটেল পদ্ধতিত সহজে চিনাক্ত হ’ব, কিন্তু বন্ধ হ’ব বুলি কোৱাৰ ঠাই নাই, কাৰণ যন্ত্রৰ পাছফালে থকা মানুহজনো সমানেই গুৰুত্বপূর্ণ৷ তথাপি তথ্য সংগ্রহ আৰু বিশ্লেষণৰ এই প্রক্রিয়াত দুর্নীতি চলি থকা সময়তে চিনাক্ত হ’ব৷ কথা হ’ল, এনে তথ্যবোৰ অকল প্রশাসনৰ কামতেই ব্যৱহাৰ হ’ব নে ছাত্র–গৱেষক–সাংব আদিৰ বাবেও মুকলি থাকিব নে উপযুক্ত মূল্যৰ বিনিময়ত পোৱা যাব, সেই তথ্যটি পোৱা হোৱা নাই৷ কিন্তু বহু চৰকাৰী প’র্টেলত বহু তথ্য মুকলিকৈ পৰিৱেশন কৰা হয়, যিটো সু–প্রশাাসন আৰু ই–প্রশাসনৰ এটা উদাহৰণ৷ ৰাষ্ট্রীয় তথ্য ভাণ্ডাৰৰ সকলো তথ্যই নিশ্চয় সর্বসাধাৰণৰ বাবে মুকলি কৰি দিয়াটো সম্ভৱ নহয়, কিন্তু আৰ টি আইযোগে পাব পৰা সকলো তথ্য এই ভাণ্ডাৰে সহজলভ্য কৰি দিলে আৰ টি আইৰ নামত কৰা বহু ব্লেকমেইলিঙৰ ওৰ পৰিব৷
এই ডাটা চেণ্টাৰ কোন ঠাইত নির্মাণ কৰা হ’ব, তাৰ বাবে নিশ্চয় উপযুক্ত কাৰিকৰী দলে দায়িত্ব পালন কৰিছে আৰু সেইমতে আমিনগাঁও নির্বাচন কৰিছে৷ কিন্তু এইটো প্রসংগতে উদাহৰণ হিচাপে ক’ব পাৰি যে অসমৰ বাবে গুৰুত্বপূর্ণ প্রতিষ্ঠানসমূহ অসমৰ বিভিন্ন ঠাইত হ’লেহে সমগ্র অসমৰ বিকাশ সম্ভৱ হ’ব৷ স্বাধীনতাৰ পিছৰে পৰা গুৱাহাটীৰ ওপৰত বহুত হেঁচা পৰি আহিছে, জনসংখ্যাৰ ভৰত চহৰখন কোঙা হৈ পৰিছে, গুৱাহাটী এতিয়া বাসযোগ্য চহৰ হৈ থকা নাই৷ হঠাতে অপৰিকল্পিতভাৱে গুৱাহাটীত স্থাপন কৰা ৰাজধানীয়ে গুৱাহাটী চহৰখনক দ্রুতগতিত নষ্ট কৰি পেলাইছিল৷ ইয়াৰ আগলৈকে গুৱাহাটীৰ প্রধান আকর্ষণ আছিল ইয়াৰ শিক্ষানুষ্ঠানসমূহ৷ কিন্তু, ৰাজধানী অহাৰ পিছতেই চহৰখনৰ চেহেৰা সলনি হৈ গ’ল৷ ৰাজধানী গুৱাহাটীত নহৈ অসমৰ প্রায় মধ্যম অঞ্চলৰ আন এখন ঠাইত হোৱা হ’লে ঠাইখনৰো বিকাশ হ’লহেঁতেন আৰু ৰাজধানীলৈ যাতায়াত কৰিবলগীয়া অসমৰ বিভিন্ন ঠাইৰ নাগৰিকৰ সুবিধা হ’লহেঁতেন৷ এতিয়া আৰু ৰাজধানীৰ স্থান সলনি কৰা সম্ভৱ নহয়, কিন্তু আন ডাঙৰ প্রতিষ্ঠান আদিৰ সংযোজনেৰে অসমৰ বিভিন্ন ঠাইৰ বিকাশ সাধন কৰিব পাৰি৷ ভাৰত চৰকাৰে শিক্ষাৰ দিশত গুৰুত্ব আৰোপ কৰিছে আৰু সর্বভাৰতীয় মানৰ বহু শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা হাতত লৈছে৷ বহু শিক্ষানুষ্ঠানৰ শাখা অসমত আছে আৰু সেইবোৰ আছে ঘাইকৈ গুৱাহাটীত বা গুৱাহাটীৰ আশে–পাশে৷ অসমৰ বিভিন্ন ঠাইত তেনে ধৰণৰ একাধিক শিক্ষা প্রতিষ্ঠানৰ শাখা বা নতুন শিক্ষা প্রতিষ্ঠান স্থাপনৰ চেষ্টা হোৱা উচিত৷ নগাঁৱৰ পৰা আৰম্ভ কৰি অসমৰ পূব সীমালৈকে এই বিশাল অঞ্চলত একো বিশেষ ডাঙৰ বা চকুত পৰা প্রতিষ্ঠান গঢ় লৈ উঠা নাই৷ অসমভিত্তিক অনুষ্ঠান নহয়, এতিয়া অসমৰ প্রয়োজন সর্বভাৰতীয় ভিত্তিৰ প্রতিষ্ঠান৷ ফ’ৰলেন হাইৱে’, ৰে’লপথৰ ভাল ব্যৱস্থা আৰু পৰিকল্পিত হেলিকপ্ঢাৰ সেৱা আদিয়ে অসমৰ বিভিন্ন ঠাইৰ মাজৰ সংযোগ ব্যৱস্থা উন্নত কৰিছে৷ সমগ্র অসমৰ বিকাশ চাব বিচৰা চৰকাৰে গুৱাহাটীকেন্দ্রিক মানসিকতা বাদ দি অসমৰ বিকাশৰ বাবে এনে ধৰণৰ কামো হাতত ল’ব লাগিব৷

You might also like