Q:অৱশেষত আপুনি সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই ছাত্র ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে৷ নতুনকৈ আত্মপ্রকাশ কৰা অসম জাতীয় পৰিষদক আপুনি বাছি লোৱাৰ কাৰণ কি?
– সুদীর্ঘকাল আছুৰ মঞ্চৰ পৰা ৰাজ্যখনৰ যিবোৰ জ্বলন্ত সমস্যা সমাধানৰ দাবী কৰি আহিছিলোঁ, সেই সমস্যাসমূহৰ যুক্তিপূর্ণ সমাধানৰ বাবে ৰাজনৈতিক মঞ্চ লাগিবই৷ এইক্ষেত্রত আঞ্চলিকতাবাদী জাতীয়তাবাদী মঞ্চৰ দ্বাৰাহে সমস্যাসমূহৰ সমাধান সম্ভৱ৷ আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সন্মিলিত প্রচেষ্টাতেই অসম জাতীয় পৰিষদ (এজেপি)ৰ জন্মৰ পৃষ্ঠভূমি গঢ়ি উঠিছে৷ মোৰ চিন্তা, দৃষ্টিভংগী আৰু আদর্শৰ লগত এজেপিৰ মিল আছে৷ সেয়ে, মোৰ ৰাজনৈতিক ক্ষেত্র হিচাপে এজেপিক বাছি ল’লোঁ৷ এইক্ষেত্রত এটা কথা ক’ব বিচাৰিছোঁ৷ মই ৰাজনৈতিক ক্ষেত্রলৈ অহাৰ পূর্বে আছুৰ পূর্বৰ পৰিয়ালৰ কর্মকর্তা–বিষয়বব্ আৰু ৰাইজৰ পৰামর্শ গ্রহণ কৰোঁ৷ তেওঁলোকৰ পৰামর্শ মর্মেই জাতীয় জীৱনত যি বিকল্পহীনতাৰ পৰিৱেশ বিৰাজ কৰিছে, তাৰ বাবেই ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহৰ যুক্তিপূর্ণ সমাধানৰ দিশত আগবঢ়াই নিবলৈকে ৰাজনৈতিক পথাৰত খোজ দিছোঁ৷ তদুপৰি ৰাজ্যখনত বিকল্পহীন ৰাজনৈতিক পৰিৱেশ ‘কা’ আন্দোলনৰ সময়ত দেখা পাওঁ৷ সেই সময়ত আঞ্চলিকতাবাদী জাতীয়তাবাদী শক্তিৰ উত্থানৰ প্রসংগ আহি পৰে৷ কাৰণ, সেই সময়ছোৱাত জনসাধাৰণৰ মাজত ভাষা–সংস্কৃতি হেৰুওৱাৰ পৰিৱেশ, ধর্মীয় উন্মাদনাৰ পৰিৱেশ, হিন্দু–মুছলমানৰ মাজত বিভাজনৰ পৰিৱেশ সৃষ্টি হয়৷ পৰৱর্তী পর্যায়ত আছু আৰু যুৱ–ছাত্র পৰিষদে বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা–নকৰা সম্পর্কত পৰামর্শ দিবলৈ দায়িত্ব দিয়া পৰামর্শদাতা কমিটীয়ে বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি বিকল্প ৰাজনৈতিক আঞ্চলিক শক্তিৰ উত্থানৰ সম্ভাৱনীয়তা ব্যক্ত কৰে৷ জাতিটোৰ সুৰক্ষাৰ স্বার্থত আৰু জনসাধাৰণক ন্যায় প্রদানৰ বাবে তেনে সম্ভাৱনীয়তা আছে বুলি পৰামর্শদাতা কমিটীয়ে প্রকাশ কৰে৷ তাৰেই আধাৰত অসম জাতীয় পৰিষদে আত্মপ্রকাশ কৰে আৰু নৱগঠিত দলটোৰ নীতি–আদর্শ–চিন্তা–দৃ চেতনা আৰু জাতীয় দর্শন মোৰ সৈতে মিলি যোৱাৰ বাবেই মই জাতীয় পৰিষদত যোগদান কৰিবলৈ ওলাইছোঁ৷
Q. একেই নীতি–আদর্শৰে ৰাজ্যখনত বহু ৰাজনৈতিক দলৰ জন্ম হৈছে৷ বিশেষকৈ, ৰাজ্যখনৰ পুৰণা আঞ্চলিক দল অগপৰো নীতি–আদর্শ অসম জাতীয় পৰিষদতকৈ পৃথক নহয়৷ অগপ দলো আছুৰ মঞ্চৰ পৰাই জন্ম হোৱা দল৷ তেনেক্ষেত্রত আপুনি অগপত যোগদান কৰি আঞ্চলিক শক্তিৰ উত্থানৰ চিন্তা নকৰিলে কিয়?
– জাতীয় স্বার্থ পূৰণত অগপ দল চূড়ান্তভাৱে ব্যর্থ হোৱাই নহয়, তেওঁলোক পথভ্রষ্টও হৈছে৷ বিগত দিনত অসমবাসী ৰাইজে অগপক যথেষ্ট সুযোগ দিছিল৷ বহুবাৰ সুযোগ দিছিল৷ তেওঁলোকে সেই সুযোগ গ্রহণ কৰিব নোৱাৰিলে৷ ‘কা’ আন্দোলনৰ সময়তো অসমৰ জাতীয়তাবাদী, আঞ্চলিকতাবাদী জনসাধাৰণে বৰ আশাৰে অগপলৈ অপেক্ষা কৰিছিল৷ সেই সময়ত অগপক ৰাইজে সুযোগ এটাও দিছিল৷ ‘কা’ৰ বিৰোধিতা কৰি অগপৰ তিনি মন্ত্রীয়ে যেতিয়া মন্ত্রিত্ব ত্যাগ কৰি আন্দোলনত চামিল হৈছিল, ৰাইজে তেওঁলোকৰ ওপৰত পুনৰ আশা কৰিছিল৷ কিন্তু পৰৱর্তী পর্যায়ত তেওঁলোকে পুনৰ মন্ত্রিত্বৰ দায়িত্ব গ্রহণ কৰিলে৷ অগপই বাৰে বাৰে অসমবাসী ৰাইজক বিশ্বাসঘাতকতা, প্রতাৰণা কৰি আহিছে৷ সেয়ে মই ভবাই নহয়, দৃঢ়তাৰে বিশ্বাস কৰোঁ– অগপই প্রকৃত জাতীয়তাবাদ–আঞ্চলিক্ ধ্বজা বহন কৰিব পৰা নাই৷ ক্ষমতাসর্বস্ব চিন্তাৰে পৰিচালিত হৈ জাতীয় স্বার্থ পূৰণত ব্যর্থ হৈছে৷ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে প্রকৃত জাতীয়তাবাদী–আঞ্চলিক্ শক্তিৰ বিকল্প নাই৷ অসম জাতীয় পৰিষদৰ যোগেদি জাতীয় জীৱনক সুৰক্ষিত কৰিব পাৰিম, সপোনৰ অসমখনক আগুৱাই নিব পাৰিম৷
Q.তাৰ মানে আপুনি অসম জাতীয় পৰিষদে অহা বিধানসভা নির্বাচনৰ জৰিয়তে ৰাজ্যখনত চৰকাৰ গঠন কৰিব বুলি ক’ব খুজিছে নেকি?
– নিশ্চয়৷ ২০২১ চনত অসমত জাতীয়তাবাদৰ চৰকাৰ হ’ব৷ এশ শতাংশ নিশ্চিত৷ এই চৰকাৰৰ পৰা অসমৰ জনসাধাৰণে নিৰাপত্তা আৰু ন্যায় পাব৷ ৰাজ্যখনৰ প্রতিটো জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্রত নতুন চৰকাৰখনে কাম কৰিব৷ ৰাইজে গুণগত ৰাজনৈতিক পৰিৱেশ দেখিবলৈ পাব৷ এতিয়াৰ প্রেক্ষাপট ১৯৮৫ বা ১৯৯৬ৰ দৰে নহয়৷ সম্প্রতি অসমবাসী ৰাইজ বিজেপিৰ আগ্রাসী আৰু সাম্প্রদায়িকতাৰ ভয়াৱহতাত সোমাই পৰিছে৷ সেয়ে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অহা বিধানসভা নির্বাচনত ৰাইজে বিকল্প হিচাপে অসম জাতীয় পৰিষদকে ভোটদান কৰিব৷
Q.একে সময়তে আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যখনত ইটোৰ পিছত সিটোকৈ নতুন নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে৷ আপুনি কোৱাৰ দৰে তেওঁলোকেও বিকল্প জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলৰ প্রয়োজনীয়তাৰ বিষয়ে দোহাৰিয়েই নতুন নতুন দলৰ জন্ম দিছে৷ এনে অৱস্থাত আপোনালোকে একেই দৃষ্টিভংগী আগত লৈ ভাগে ভাগে নির্বাচনত অৱতীর্ণ হ’লে লাভৰ পৰিৱর্তে ক্ষতিগ্রস্ত নহ’ব জানো?
– আমাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থা বহুদলীয়৷ সেয়ে ৰাজনৈতিক দল গঠন কৰাত বাধা নাই৷ কিন্তু যিসমূহ দলৰ সৈতে আমাৰ নীতি–আদর্শ একে, সেই দলসমূহক অনাগত দিনত আমি একত্রিত কৰাৰ পদক্ষেপ গ্রহণ কৰিম৷ একত্রিতভাৱে জাতীয়তাবাদী–আঞ্চলিক্ শক্তিয়ে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে যুঁজ দিম৷
Q.আঞ্চলিক দল হিচাপে অগপ, বিপিএফ, ইউপিপিএল, আঞ্চলিক গণ মর্চা, ৰাইজৰ দল, গণ সুৰক্ষা পার্টী আদি দলকো আপোনালোকে একেটা ছাতিৰ তলত অনাৰ চেষ্টা চলাব নেকি?
– ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ বোকোচাত উঠা চিন্তা–আদর্শৰ লগত আমি নাই৷ আমি কাৰো নাম উল্লেখ কৰিব বিচৰা নাই৷ কিন্তু যিসমূহ আঞ্চলিক ৰাজনৈতিক দলে ইতিমধ্যে ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ বোকোচাত উঠিছে, তেনে ৰাজনৈতিক দলৰ সৈতে আমি বুজাপৰা কৰাৰ প্রশ্ণই নুঠে৷ স্বাভিমানী স্বতন্ত্র চৰিত্রৰ আঞ্চলিক দলকহে একত্রিত কৰাৰ চেষ্টা থাকিব৷
Q.অসম জাতীয় পৰিষদৰ জন্ম মূলতঃ ‘কা’বিৰোধী আন্দোলনৰ পটভূমিতে হৈছে৷ বর্তমানৰ ‘কা’ তথা পূর্বৰ কেবৰ বিৰুদ্ধে চলা তীব্র আন্দোলনৰ পিছতো দেখা গ’ল ২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপি দলে অসমত পূর্বতকৈ অধিক আসনহে পালে৷ বিজেপি দলে বিভিন্ন সভাই–সমিতিয়ে সেই কথা কৈয়েই আহিছে৷ অহা বিধানসভা নির্বাচনতো তাৰ পুনৰাবৃত্তি হ’ব বুলি আশংকা নকৰেনে?
– ২০১৯ৰ লোকসভা নির্বাচনৰ পটভূমি ২০২১ত নহয়৷ ২০১৯ৰ লোকসভা নির্বাচনৰ সময়ত জনসাধাৰণে বিজেপিক ভাল পাই, ‘কা’ৰ সমর্থনত ভোটদান কৰা নাই৷ ৰাজ্যখনত কোনো বিকল্প ৰাজনৈতিক শক্তি নাছিল বাবে আনৰ তুলনাত বিজেপিয়েই ভাল বুলি ভাবি তেওঁলোকৰ সপক্ষে ভোটদান কৰিলে৷ কিন্তু, জনসাধাৰণৰ ‘কা’বিৰোধী অৱস্থান এতিয়াও শক্তিশালী হৈয়েই আছে৷ ‘কা’ৰ পৰা হ’ব পৰা ৰাজনৈতিক, সামাজিক, আর্থিক, ভাষিক, সাংস্কৃতিক ভয়াৱহতাৰ ইংগিত ৰাইজে বুজি পাইছে৷ এইবাৰ যিহেতু জনসাধাৰণে বিকল্প জাতীয়তাবাদী আঞ্চলিক শক্তি বিচাৰি পাব, স্বাভাৱিকতে বিকল্পৰ অভাৱত ২০১৯ৰ পুনৰাবৃত্তি নহয়৷ এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ হ’বই৷ মই পূর্বতেও কৈছোঁ– এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত৷
Q.ৰাজ্যৰ কংগ্রেছ দলে ধর্মনিৰপেক্ষ, গণতান্ত্রিক ৰাজনৈতিক দল আৰু শক্তিক লৈ মহাজোঁট গঠন কৰিব বিচাৰিছে৷ এআইইউডিএফ, বাঁওপন্থী, আঞ্চলিক গণ মর্চাৰ লগতে কংগ্রেছৰ তৰফৰ পৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো মহাজোঁটত চামিল হ’বলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে৷ কিন্তু আপোনালোকে সেই আহ্বান প্রত্যাখ্যান কৰি আহিছে৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত আপোনালোকৰ অংশগ্রহণ কৰাত অনীহাৰ কাৰণ কি?
– কংগ্রেছ আৰু বিজেপিৰ আদর্শগত চৰিত্রৰ পার্থক্য নাই৷ বিজেপিয়ে হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰে আৰু কংগ্রেছে হিন্দু–মুছলমান দুয়োটা সম্প্রদায়ৰ বাংলাদেশীক লৈ ৰাজনীতি কৰে৷ বিজেপিয়ে ‘কা’ অনাৰ দৰে কংগ্রেছেও ২০১৪ চনলৈ অহা সকলো বাংলাদেশীক আশ্রয় দিব বিচাৰিছে৷ এআইইউডিএফ দলো বিজেপিৰ দৰেই সাম্প্রদায়িক দল৷ জাতীয়তাবাদৰ আদর্শৰ লগত তেওঁলোকৰ মিলন হ’বই নোৱাৰে৷ আমি ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ লগত সুবিধাবাদৰ ৰাজনীতি কৰাত নাই৷
Q. আপুনি যি সময়ত আছুক নেতৃত্ব দি আছিল, সেই সময়ত এবছুৰ নেতৃত্ব বহন কৰিছিল প্রমোদ বড়োৱে৷ প্রমোদ বড়ো এতিয়া বিটিচিৰ মুখ্য কার্যবাহী সদস্য হ’ল৷ প্রমোদ বড়োৱে বিটিচিৰ শাসনভাৰ দখলৰ ক্ষেত্রত এবছুৰ ভূমিকা অনস্বীকার্য৷ সদ্যসমাপ্ত বিটিচি নির্বাচনত এবছুৱে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলক মুকলিকৈ সমর্থন আগবঢ়ালে৷ আছু ত্যাগ কৰি আপুনি এতিয়া জাতীয় পৰিষদলৈ আহিব৷ আছু–জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পৃষ্ঠপোষকতাতেই গঠিত জাতীয় পৰিষদক আছুৱে এবছুৰ দৰে মুকলিকৈ সমর্থন কৰাটো আশা নকৰেনে?
– এই প্রশ্ণটো আছুলৈ দিয়ক৷ আমাৰ লক্ষ্য অসমত জাতীয়তাবাদ, আঞ্চলিকতাবাদ প্রতিষ্ঠা কৰাৰ ক্ষেত্রত অসমৰ প্রতিজন স্বাভিমানী জাতীয়তাবাদী, আঞ্চলিকতাবাদী লোকে সহায় কৰক৷
Q.অহা জানুৱাৰী মাহত ‘কা’ বলৱৎ হ’ব৷ আপুনি পূর্বৰ দৰেই ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব গ্রহণ কৰিবনে?
– পূর্বতে যিদৰে শক্তিশালী ৰূপত ‘কা’বিৰোধী আন্দোলন গঢ়ি তুলিছিলোঁ, একেদৰেই এইবাৰো প্রতিৰোধী সংগ্রাম গঢ়ি তুলিম৷ অতি শক্তিশালীভাৱে আন্দোলন চলাই যাম৷ কোনো ক্ষেত্রতে আপোচ নকৰোঁ৷ আপোচহীনভাৱে আগবাঢ়ি যাম৷ ৰাইজকো আহ্বান জনাম– পূর্বৰ দৰে শক্তিশালী ৰূপত গণ আন্দোলনৰ সূচনা কৰক৷ কাৰণ, ভাষা–সংস্কৃতি, ৰাজনৈতিক–সামাজিক সকলো ক্ষেত্রতে আমাৰ ভৱিষ্যৎ নির্ভৰশীল হৈ আছে৷ ‘কা’ৰ বিধি–নিয়ম চৰকাৰে জাপি দিয়াৰ আগেয়ে ৰাইজে শক্তিশালী ৰূপত গণ আন্দোলন গঢ়ি তোলক৷
Q.আসন্ন বিধানসভা নির্বাচনত আপুনি কোনটো সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব?
– নির্বাচন খেলা–নেখেলাটো সম্পূর্ণ দলৰ ওপৰত নির্ভৰ কৰিব৷ দলৰ নেতৃত্বই মোক যি স্থানত ৰাখে, সেই স্থানত থাকিয়েই অসমক সেৱা কৰাৰ বাবে মই সাজু৷ মোৰ মন–মগজুত অসমৰ ভাল ভৱিষ্যতৰ সপোন দেখি আহিছোঁ৷
Q.সম্প্রতি বহুতৰে মনত এটা প্রশ্ণৰ উদয় হৈছে– আপুনি মন্ত্রী–বিধায়ক হোৱাৰ বাসনা বুকুত বান্ধিয়েই ‘কা’বিৰোধী আন্দোলনত অগ্রণী ভূমিকা লৈছিল৷ এই বিষয়ত আপুনি কি কয়?
– মন্ত্রী–বিধায়ক হোৱাৰ অভিলাষ বা বাসনা থকা হ’লে মই বিজেপি বা কংগ্রেছত যোগদান কৰিলোঁহেঁতেন৷ জটিল বাট ল’বলৈ নগ’লোঁহেঁতেন৷ কেৱল দিছপুৰৰ মছনদ দখল কৰিবলৈ মোৰ অভিলাষ, চিন্তা জড়িত হৈ থকা নাই৷ সমাজ, দেশ, জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ বাবেহে মই কাম কৰি আহিছোঁ৷ ক্ষমতাই মোৰ শেষ লক্ষ্য নহয়৷
Q.অসম জাতীয় পৰিষদৰ মুখ্যমন্ত্রী পদৰ প্রার্থী কোন হ’ব?
-সেয়া দলে ঠিক কৰিব৷ কিন্তু মুখ্যমন্ত্রী কোন হয়, সেয়া আমাৰ বাবে ডাঙৰ কথা নহয়৷ আমাৰ লক্ষ্য হৈছে দুর্ঘোৰ অমানিশাৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ কৰি প্রকৃত জাতীয়তাবাদী–আঞ্চলিক্ চিন্তাচর্চাৰে ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰা৷