অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱর্তনৰ দিকদর্শন সন্মিলনত হোমেন বৰগোহাঞি
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ লক্ষ্যৰে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত জন্মলাভ কৰা অসম জাতীয় পৰিষদ (এজেপি)–এ ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰিলে ৰাজনৈতিক যাত্রা৷ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ ৰাজনৈতিক অভিৱর্তনক কেন্দ্র কৰি উদুলি–মুদুলি হৈ পৰিছে শিৱসাগৰ৷ উজনি–নামনিৰ বিভিন্ন জাতি–জনগোষ্ঠী আৰু দল–সংগঠনৰ প্রতিনিধিবর্গৰ উপস্থিতিত অনুষ্ঠিত এই ৰাজনৈতিক অভিৱর্তনৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত অভ্যুত্থান ঘটিল বহুচর্চিত এক নতুন আঞ্চলিকতাবাদী শক্তিৰ৷ পুৱা পতাকা উত্তোলন–শ্বহীদ তর্পণেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৰাজনৈতিক অভিৱর্তনৰ প্রথম দিনাৰ কার্যসূচী৷ ৰাজনৈতিক অভিৱর্তনৰ অংশস্বৰূপে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত জাতীয় দিক্দর্শন সন্মিলনত অংশগ্রহণ কৰে অসমৰ সমাজ জীৱনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ দিক্দর্শন সন্মিলনত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, প্রথিতযশা কথাশিল্পী–সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে অসম জাতীয় পৰিষদলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ সফল–উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷ নিজ ভাষণত তেওঁ ১৯ শতিকাৰ জার্মানীৰ পটভূমিৰ প্রসংগ উনুকিয়াই চৰিত্রই জাতি ৰক্ষাৰ মূলমন্ত্র হ’ব লাগিব বুলি গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷
প্রথিতযশা কথাশিল্পী–সাংবাদিক বৰগোহাঞিয়ে কয়– ‘ৰাজনৈতিক দল আহে, এসময়ত ই বৃদ্ধ হয়–মৃত্যু হয়৷ এনেকৈ অহা–যোৱা চলিয়ে থাকিব৷ যেনেকৈ এজন ব্যক্তিৰ জন্ম হয়, ডাঙৰ–দীঘল হয়, কাম কৰে, সময়ত মৃত্যুমুখত পৰে৷ কম ৰাজনৈতিক দলেহে চিৰস্থায়ী হ’ব পাৰে৷ এতিয়া যিটো নতুন ৰাজনৈতিক দলৰ জন্ম দিয়াৰ প্রস্তুতি চলিছে, এই দলটোৱে যদি কিছু মৌলিক বৈশিষ্ট্য অর্জন নকৰি আন ১০টা গতানুগতিক দলৰ নিচিনাই হৈ থাকে, তেতিয়াহ’লে এই দলটোৱে মানুহৰ মনত খুব বেছি ৰেখাপাত কৰিব নোৱাৰিব৷ সেই কাৰণে মোৰ প্রথম কথা হ’ল– জন্ম দিয়া নতুন দলটোৰ পিছত বহুতো গুণী–জ্ঞানী ব্যক্তি আছে৷ এই কথাটো যেন তেওঁলোকে মনত ৰাখে যে আন ১০টা দলৰ নিচিনা গতানুগতিক দল এটা যদি হয়, এই দলটোৱেও গতানুগতিকভাৱেই কাম কৰিব৷ কিছু সফল হ’ব–কিছু ব্যর্থ হ’ব৷ কিছুদিনৰ পিছত ৰাইজৰ গালি–শপনি আৰম্ভ হ’ব৷ দলটোৰ অকাল বা অপমৃত্যু হ’ব৷ সেই ভাগ্য পৰিহাৰ কৰি চলিবলৈ মই বিচৰা দলটোৱে গভীৰভাৱে চিন্তা কৰি এটা সম্পূর্ণভাৱে অগতানুগতিক দলত পৰিণত হওক৷ দলটোত কিছু নতুন মৌলিক বৈশিষ্ট্য থাকক৷ তেওঁলোকে নতুন কার্যসূচীয়েই নহয়, এটা নতুন চৰিত্র শক্তিৰে অসমৰ ৰাইজৰ সন্মুখত থিয় হওক৷’ এই প্রসংগতেই তেওঁ ১৯ শতিকাৰ জার্মানীৰ এক আর্হি তথা উদাহৰণ দাঙি ধৰে৷
প্রথিতযশা কথাশিল্পী–সাংবাদিক বৰগোহাঞিয়ে কয়– ‘কেইবা শতাব্দী আগতে জার্মান জাতি এটা ঐক্যবদ্ধ–শক্তিশালী জাতি আছিল৷ ইউৰোপত ১৬১৮ চনৰ পৰা ১৬৪৮ চনলৈ সংঘটিত হৈছিল ইতিহাসৰ বিখ্যাত ৩০ বছৰীয়া যুদ্ধ৷ যিখন যুদ্ধই সমগ্র ইউৰোপৰ সভ্যতা–সমাজ–জীৱন্ বহুখিনি ওলট–পালট কৰি দিলে৷ সেই ৩০ বছৰীয়া যুদ্ধই জার্মান জাতিকো বহুতো সৰু সৰু জমিদাৰীত পৰিণত কৰিলে৷ যেতিয়া ১৯ শতিকাৰ আৰম্ভণিতে নেপোলিয়নে জার্মানী আক্রমণ কৰিলে, সেই সময়ত জার্মানী বহু সৰু সৰু জমিদাৰী বা ৰাজ্যত পৰিণত আছিল৷ নেপোলিয়নৰ হাতত জার্মানসকল খুব শোচনীয়ভাৱে পৰাজিত হ’ল৷ তেতিয়া জার্মানীৰ যিসকল তৰুণ সম্প্রদায়– ছাত্র, যুৱক আৰু আদর্শবাদী মানুহ, তেওঁলোকৰ মনত এনে এটা বাসনা হ’ল যে আমি জার্মান জাতিক এটা নতুন ঐক্যৱদ্ধ–শক্তিশালী জাতিত পৰিণত কৰিব লাগিব৷ তেওঁলোকে এনে এটা দৃঢ় সংকল্প লৈ সেই কাম আৰম্ভ কৰিলে৷ ঠিক সেই সময়তে তেওঁলোকৰ সৌভাগ্য যে যোহান গ’টলিয়েব ফিখ্টে নামৰ এজন দার্শনিকে আত্মপ্রকাশ কৰিলে৷ ১৮০৭ চনত তেওঁ এড্রেছ টু দ্য জার্মান নেচন (জার্মান জাতিলৈ চিঠি) নামৰ এখন কিতাপ লিখিছিল৷ সেই কিতাপখন বিশ্ববিখ্যাত এই কাৰণেই যে যিটো জাতীয়তাবাদ আধুনিক বিশ্বৰ এটা প্রধান চালিকাশক্তি, সেই জাতীয়তাবাদৰ মন্ত্র প্রথম উচ্চাৰিত হৈছিল প্রবলভাৱে সেই কিতাপখনত৷ মই গোটেই কিতাপখনৰ কথা নকওঁ, মন্ত্রৰ নিচিনা এটা অমৰ বাক্য ক’ব খোজোঁ৷ সেই বাক্যটোৱে যদি নতুনকৈ আত্মপ্রকাশ কৰা দলটোৰ মূলমন্ত্র হয়, সেই মূলমন্ত্রৰেই যদি অসমীয়া জাতিক তেওঁলোকে দীক্ষিত কৰিব পাৰে, তেতিয়াহ’লে নতুন দলটোৱে কেৱল কিছুমান মন্ত্রী–বিধায়ক–নতু ধনকুবেৰ সৃষ্টি কৰাতেই ক্ষান্ত নাথাকি অসমীয়া জাতিলৈ কিবা এটা স্থায়ী–মহৎ দান আগবঢ়াব পাৰিব৷’
নিজ ভাষণত তেওঁ উল্লেখ কৰা মতে, যোহান গ’টলিয়েব ফিখ্টেই এড্রেছ টু দ্য জার্মান নেচন নামৰ কিতাপখনত লিখা বিশেষ বাক্যটোৰ অসমীয়া অর্থ হ’ল এনেধৰণৰ– জার্মান আৰু চৰিত্র এই দুটা শব্দই সমার্থক হ’ব লাগিব৷ প্রথিতযশা কথাশিল্পী–সাংবাদিক বৰগোহাঞিয়ে এই সন্দর্ভত পুনৰ কয়– ‘তেওঁ কৈছিল যে যেতিয়া জার্মান শব্দটো মাত্রেই বুজাব চৰিত্র, তেতিয়াহে জার্মান জাতিৰ প্রকৃত উত্থান হ’ব৷ জার্মানসকলে আজিৰ জগতত এটা শীর্ষস্থান অধিকাৰ কৰিবলৈ সমর্থ হ’ব৷ সঁচাকৈ সেই মন্ত্র সাৰোগত কৰি জার্মান জাতিয়ে নিজকে এনেকৈ পুনর্গঠন কৰিলে যে আনকি দুখন বিশ্বযুদ্ধই জার্মানীক ধ্বংসস্তূপত পৰিণত কৰাৰ পিছতো আজিও জার্মানী পৃথিৱীৰ এখন অগ্রগণ্য দেশ৷ এই চৰিত্র শব্দটোৰ অর্থ এইটো নহ’ব– সদায় সঁচা কথা ক’বা, ঈশ্বৰক ভক্তি কৰিবা, গুৰুজনক সেৱা কৰিবা৷ মই সেইটো চৰিত্রৰ কথা কোৱা নাই৷’ এই প্রসংগত তেওঁ এজন মাৰাঠী পণ্ডিতে মাৰাঠীসকলৰ চাৰিত্রিক বৈশিষ্ট্যৰ কথা ক’বলৈ গৈ এটা প্রবন্ধত লিখা এটা বাক্যৰ অৱতাৰণা কৰে৷
তেওঁ উল্লেখ কৰা মতে, সেই বাক্যটো আছিল এনেধৰণৰ– মাৰাঠীসকলৰ মানসিকতাত এনে এটা বস্তু আছে, যিটো বস্তুৱে তেওঁলোকক সমগ্র জীৱন একনিষ্ঠ হৈ কোনো এটা কার্যসূচী ৰূপায়িত কৰিবলৈ আৰু তাক বিশ্বক উপহাৰ দিবলৈ অনুপ্রাণিত কৰে৷ অসম জাতীয় পৰিষদে যদি অসমীয়া জাতিক নতুন–শক্তিশালী ৰূপত গঢ়ি তুলিব খোজে, তেন্তে প্রথমেই দলটোত নিজে নৈতিক বলেৰে বলিয়ান–শক্তিশালী দল হ’ব লাগিব বুলি মন্তব্য কৰে তেওঁ৷ তেওঁ কয় যে এইক্ষেত্রত প্রথম চর্ত হিচাপে মই ক’ব খোজোঁ, নির্বাচন আহি আছে৷ বোধহয় এই দলটোৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব৷ কিন্তু আমি কেতিয়াও আশা নকৰোঁ চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ ধৰি ল’লোঁ, তেওঁলোকে খুব কম সময়ত চাৰি–পাঁচজন বা খুব বেছি ১০জন বিধায়কক নির্বাচিত কৰি পঠিয়াবলৈ সক্ষম হ’ব৷ কিন্তু এটা কথা মনত ৰাখিলেই হ’ব যে সকলো বস্তুৰ কেৱল সংখ্যাৰেই শ্রেষ্ঠত্ব নিৰূপণ কৰা নহয়৷ এই সন্দর্ভত প্রথিতযশা কথাশিল্পী–সাংবাদিক বৰগোহাঞিয়ে দেশৰ স্বাধীনতাৰ পিছত ১৯৫২ চনত অনুষ্ঠিত প্রথমটো সাধাৰণ নির্বাচনত পশ্চিমবংগ বিধানসভালৈ নির্বাচিত বাঁও শিবিৰৰ মাত্র দুজন বিধায়ক জ্যোতি বসু আৰু হৰেকৃষ্ণ কোনাৰৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে নতুন দলটোৱে নতুন ৰূপৰ বিধায়ক সৃষ্টি কৰিব লাগিব৷ সাম্প্রতিক সময়ত বহু বিধায়কে ভাষণ দিব নাজানে৷ বিধানসভাত পাঁচটা শব্দও উল্লেখ নকৰাকৈ সময় পাৰ কৰে একাংশ বিধায়কে৷ সমষ্টিৰ চুক–কোণ চিনি নোপোৱা বিধায়ক আজিও আছে৷ ৰাজনীতি কৰি মন্ত্রী–বিধায়ক সৃষ্টিৰে কোনেও জাতি ৰক্ষা কৰিব নোৱাৰে৷ জাতিক কর্মমুখী কৰিব লাগিব৷ ড০ কৃষগোপাল ভট্টাচার্য আৰু বসন্ত ডেকাই পৰিচালনা কৰা জাতীয় দিক্দর্শন সন্মিলন আনুষ্ঠানিকভাৱে ডদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ ড০ হেমন্ত কুমাৰ ফুকনে কয়– জুইৰ মাজৰ পৰা ফিনিক্স পক্ষীৰ জন্ম হোৱাৰ দৰে সংকটপূর্ণ পৰিৱেশৰ মাজত অসম জাতীয় পৰিষদৰ জন্ম হৈছে৷ অসমৰ সর্বতোপ্রকাৰে ডন্নতিৰ বাবে কাম কৰাৰ চিন্তা অসম জাতীয় পৰিষদে জন্মলগ্ণৰে পৰা অব্যাহত ৰাখিব৷ অসমৰ ৰাইজে দায়িত্ব অর্পণ কৰাসকলে সকলো আশা–আকাংক্ষা ধূলিসাৎ কৰিলে৷ এতিয়া অসমৰ জাতীয় পৰিষদে নতুন ডদ্যমেৰে জাতিক আগবঢ়াই নিব লাগিব৷ গুৱাহাটী ডচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে সন্মিলনত অংশগ্রহণ কৰি কয় যে চুকাফা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা অসমত দীনদয়ালৰ আদর্শৰ প্রয়োজন নাই৷ দীনদয়ালৰ আদর্শ বিসর্জন দিব লাগিব৷ আঞ্চলিকতাবাদ আমাক লাগে৷ আঞ্চলিকতাবাদ পুনৰ প্রতিষ্ঠা কৰিবই লাগিব৷ দুবাৰ বিফল হ’ল বুলিয়েই এইবাৰ বিফল হোৱাৰ কথা নাই৷ অগপই আঞ্চলিকতাবাদৰ নামত ৰাইজক প্রতাৰণা কৰাটো অত্যন্ত দুর্ভাগ্যৰ বিষয়৷ তেওঁ কয় যে বিজেপিয়ে কি কৰিলে মানুহে জানে৷ গতিকে এই সময়ত অসম জাতীয় পৰিষদে মহৎ ডদ্দেশ্য লৈ মানুহৰ ওচৰলৈ যাব লাগিব৷ আমাক প্রতাৰণা কৰাসকলক ডচিত শিক্ষা দিবই লাগিব৷ এই শিক্ষা বেলট পেপাৰ কিম্বা ইভিএমৰ যোগেদি দিব লাগিব৷ অসমৰ ১.৩৪ কোটি খিলঞ্জীয়া মানুহে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দিব লাগিব আৰু ৩০–৪০ বছৰৰ ভিতৰত আমি সংখ্যালঘুত পৰিণত হ’ম৷ যিবোৰ মানুহৰ ওপৰত অসমৰ ৰাজনৈতিক ক্ষেত্র এৰি দিয়া হৈছে তেওঁলোকে অসম একপ্রকাৰে বিক্রী কৰি দিছে৷ মেঘালয়ৰ প্রাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে সন্মিলনত অংশগ্রহণ কৰি কয়– ৰাইজে অসম জাতীয় পৰিষদলৈ আশাৰে বাট চাই আছে৷ যিহেতু একাংশই অসমক আগবঢ়াই নিয়াৰ পৰিৱর্তে নিঃশেষ কৰিলে৷ প্রচাৰ, প্রৱঞ্চনা আৰু প্রতিশ্রুতিত পাকৈত চৰকাৰক ডৎখাত কৰিব লাগিব৷ এই চৰকাৰে দুন্তিমুক্তৰ কথা কৈছিল৷ কিন্তু এতিয়া আমাৰ জনসাধাৰণে চৰকাৰী কার্যালয়ৰ পৰা চকুপানী টুকি ঘূৰি আহিব লগাত পৰে৷
অৰুণাচল বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ৰেভাৰেণ্ড ভীক্ষু পান্নাই সন্মিলনত অংশগ্রহণ কৰি কয় যে আঞ্চলিকতাবাদী ৰাজনীতিত হিংসা সোমাব নালাগিব৷ এই দলে মাথোঁ চাকৰিমুখী শিক্ষাৰ কথা চিন্তা কৰিলেই নহ’ব৷ কৃষ্টি–সংসৃকতি নিজেই ৰক্ষা নকৰিলে কোনো বিকল্প নাথাকিব বুলি তেওঁ মন্তব্য কৰে৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্র ত্রিদীপ ভাগৱতীয়ে কয় যে দিছপুৰত বহি থকাসকলে দিল্লীক জাতি ৰক্ষাৰ কথা বুজাব পৰা নাই৷ স্বাধীনতাৰ পিছৰ পৰাই দিল্লীয়ে আমাক শোষণ আৰু বঞ্চনা কৰিলে৷ একেদৰে অগপ আৰু বিজেপিয়েও আমাক প্রৱঞ্চনা কৰিলে৷ তামিলনাডুত যদি আঞ্চলিকতাবাদী ৰাজনৈতিক দলে ৰাজ্যখন আগুৱাই নিব পাৰে, তেন্তে অসমত নোৱাৰাৰ কোনো যুক্তি নাই বুলি তেওঁ মন্তব্য কৰে৷ অভিনেতা অৰুণ হাজৰিকাই কয় যে আমি দিক্বিদিক হেৰুৱাই পেলাইছেছা৷ অসম জাতীয় পৰিষদৰ পৰা আমি নতুন সঞ্জীৱনী পাম৷ জাতীয় দিক্দর্শন সন্মিলনত উপস্থিত থাকি ডিব্রুগড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱাই কয়– অসমৰ বায়ু–পানী সেৱন কৰা ঋণেৰে আমি ঋণী৷ এটা সাধাৰণ ভুলৰ বাবেই আশ্বাস–বিশ্বাসৰ পৰা তললৈ ৰাজনৈতিক দল নামি আহিব পাৰে৷ অগপ নেতাসকলে কৰা ভুল নতুন ৰাজনৈতিক দলটোৱে কৰিব নালাগিব৷ ভাৰতীয় গণ পৰিষদৰ অন্যতম নেতা বীৰেন বাচাকে কয় যে অসমৰ সকলো জাতি–জনগোষ্ঠীক একত্রিতভাৱে একেখন মঞ্চত অধিষ্ঠিত কৰি আগুৱাই নিয়াৰ বাবে অসম জাতীয় পৰিষদে শিৱসাগৰৰ পৰা আৰম্ভ কৰা এই ঐতিহাসিক যাত্রাত আমি সদায় আছোঁ আৰু চিৰদিন থাকিম৷ অসমক ৰাজনৈতিক, অর্থনৈতিক আৰু সাংসৃকতিকভাৱে ঐক্যবদ্ধ কৰাৰ যি প্রচেষ্টা, সেই প্রচেষ্টা এতিয়া আজিৰে পৰা আৰু অধিক জোৰদাৰ ৰূপত আগবাঢ়ি যাব৷ লুৰিণজ্যোতি গগৈৰ দৰে বাক্পটু আৰু দক্ষ ছাত্র নেতাৰ অংশগ্রহণেৰে অসম জাতীয় পৰিষদক আৰু অধিক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিব৷ অসম জাতীয় পৰিষদৰ এই অভিৱর্তনত অংশগ্রহণ কৰি জনপ্রিয় কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাই কয় যে সৃষ্টিশীল, শ্রদ্ধাশীল বিচৰণেৰে অসমীয়া জাতিক ৰক্ষা কৰিব৷ কথা আৰু কামৰ মাজত পার্থক্য থাকিব নালাগিব৷ বৰ বৰ কথাৰে প্রতিশ্রুতিৰ ফুলজাৰিৰে অসমৰ মানুহক বছৰ বছৰজুৰি প্রৱঞ্চনা কৰি অহা নেতাসৱৰ বাবেই অসমীয়া মানুহৰ ভৰিৰ তলৰ মাটি হেৰুওৱাৰ ডপক্রম হ’ল৷ সেয়েহে এইবাৰ কথাৰে নহয় কামেৰে আগবাঢ়িব লাগিব৷ জগতগুৰু শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, বিষু ৰাভা, ভূপেন হাজৰিকা, আজান ফকীৰৰ আদর্শৰে আমি অসম জাতীয় পৰিষদৰ ঔৰসত থাকিয়েই এখন সমন্বয়ৰ অসম গঢ়িব লাগিব৷ যিখন অসমত নাথাকিব ভেদাভেদৰ কোনো প্রাচীৰ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন আছু নেতা ড০ ডমেশ ডেকাই কয় যে অসম জাতীয় পৰিষদৰ জন্মই বর্তমান সময়ত ৰাজনৈতিক, অর্থনৈতিক, সামাজিক সংঘাতে বিপর্যস্ত কৰি তোলা পৰিৱেশৰ বিৰুদ্ধে এক শক্তিশালী প্রতিকাৰ হিচাপে ক্রিয়া কৰিব৷ কিন্তু ৰাজনৈতিক দললৈ ৰূপান্তৰিত হোৱা অসম জাতীয় পৰিষদে সমগ্র অসমত ভয়ংকৰ ৰূপত সিঁচৰতি হৈ পৰা ধার্মিক আৰু ভার্ষিক আগ্রাসনৰ বিৰুদ্ধে এক শক্তিশালী পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ৰাষ্ট্রীয়তা হিন্দুত্ববাদীৰ স্থান অসমত নাই৷ বাৰশ শতিকাতেই স্বর্গদেড চাওলুং চুকাফাই সাতৰাজ মিলাই একৰাজৰ বৰসমৰ ভেটি প্রতিষ্ঠা কৰিছিল৷ বৰসমৰ সেই ভেটিত জাতি–জনগোষ্ঠী–বর্ণ সকলোৱে একেডাল ডোলেৰে বান্ধ খাই আছিল৷ কিন্তু অসমত হিন্দুত্ববাদ প্রতিষ্ঠাৰ চেষ্টা চলোৱাৰ বাবেই আজি সমগ্র অসমৰে ঐক্য–সংহতি বিনষ্ট হ’বলৈ ধৰিছে৷ এই সংহতি শক্তিশালী কৰি তোলাৰ দায়িত্ব জাতীয় পৰিষদে ল’ব লাগিব বুলি উমেশ ডেকাই দৃঢ়তাৰে কয়৷
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধৰ প্রেক্ষাপটত সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু একাংশ সমাজ সচেতন লোকৰ প্রচেষ্টাত গঠনৰ যো–জা কৰিছিল এক নতুন আঞ্চলিক জাতীয়তাবাদী শক্তিৰ৷ কেইবামাহৰ আলোচনা, পৰামর্শ আৰু জনমতৰ অন্তত অৱশেষত আজি শিৱসাগৰত আনুষ্ঠানিক ৰূপ পোৱাৰ দিশে অসম জাতীয় পৰিষদ নামৰ নতুন ৰাজনৈতিক দলটো৷ আজিৰ পৰা দুদিনীয়া কার্যসূচীৰে একালৰ আহোম শাসনৰ প্রাণকেন্দ্র শিৱসাগৰৰ বর্ডিং খেলপথাৰ আৰু নাট্য মন্দিৰত অনুষ্ঠিত হৈছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক অভিৱর্তন৷ আজি পুৱা ৯ বজাত দলৰ পতাকা ডত্তোলন কৰে কৃষগোপাল ভট্টাচার্যই৷ দবা,কাঁহ, শংখ ধ্বনিৰ মাজেৰে নীলাভ পতাকা ডত্তোলন কৰি ৰাজনৈতিক অভিৱর্তনৰ প্রথম কার্যসূচীৰ পাতনি মেলে৷ পতাকা ডত্তোলনৰ পিছতে ডদ্যোক্তাসকলে শ্বহীদসকলক সুঁৱৰি শ্বহীদ তর্পণ কার্যসূচী ৰূপায়ণ কৰে৷