শ্বহীদ বেদীত সেৱা জনাই লুৰিণজ্যোতিয়ে যোগদান কৰিলে অসম জাতীয় পৰিষদত
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই আজি আনুষ্ঠানিকভাৱে সংসদীয় ৰাজনীতিত ভৰি থ’লে আছুৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱর্তনৰ প্রথম দিনাৰ দিকদর্শন কার্যসূচীতেই নতুনকৈ আত্মপ্রকাশ কৰা দলটোত যোগদান কৰে লুৰিণজ্যোতি গগৈয়ে৷ শিৱসাগৰ জিলা ছাত্র সন্থাৰ কার্যালয় চৌহদত থকা শ্বহীদ বেদীত সেৱা জনোৱাৰ পিছতেই শ শ আছু কর্মীৰ লগতে সমর্থকে নাট্য মন্দিৰলৈ শোভাযাত্রাৰে আদৰি আনে লুৰিণজ্যোতি গগৈক৷ আয়তিৰ উৰুলি আৰু সমর্থকৰ জয় আই অসম ধ্বনিৰ মাজেৰে লুৰিণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সদস্যপদ গ্রহণ কৰে৷ ড০ বসন্ত ডেকা, জগদীশ ভূঞা, কমল নাৰায়ণ চৌধুৰী আদিয়ে লুৰিণজ্যোতি গগৈক গামোচা, চেলেং চাদৰ আৰু দলীয় প্রতীকেৰে উষ্ম আদৰণি জনায়৷
অসম জাতীয় পৰিষদৰ হৈ প্রথম আনুষ্ঠানিক সম্বোধনত লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসম জাতীয় পৰিষদ সদায় অংগীকাৰবদ্ধ৷ সাম্প্রদায়িকতাৰ বীজ, মেৰু বিভাজনৰ ৰাজনীতিৰ বিপৰীতে অসম জাতীয় পৰিষদে অসমীয়াৰ আত্মনিয়ন্ত্রণৰ বাবে এক অবিৰত যুঁজ আৰম্ভ কৰিব৷ যি লক্ষ্য, ডদ্দেশ্য, সপোন বুকুত বান্ধি আছুৰ নেতৃত্ব বহন কৰিছিলোঁ, সেই একেই লক্ষ্য, ডদ্দেশ্য আৰু সপোন লৈ একেই বাটতেই মই আগুৱাই যাম৷ আছুত যি বাটত আছিলোঁ অসম জাতীয় পৰিষদতো সেই একেই বাটত থাকি গাড্ডাৰ ৰাজনীতিৰ বিৰুদ্ধে যুঁজ কৰি যাম৷ প্রতিজন অসমীয়াৰ ৰক্তে ৰক্তে অসম জাতীয় পৰিষদৰ বীজ ৰোপণ কৰি ঘৃণা–সাম্প্রদায়িকতাৰ্ বিপৰীতে জাতি–বর্ণ–ধর্ম নির্বিশেষে এখন শক্তিশালী সুৰক্ষিত অসমৰ বাবে যুঁজ কৰি যাম৷ আপোচকামী স্থিতি মই কাহানিও পৰিহাৰ নকৰোঁ৷ অসমীয়াৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ সুৰক্ষিত হ’বই লাগিব৷ বিপন্ন ভাষা, সাহিত্য, কৃষ্টি–সংসৃকতি ৰক্ষা কৰাই এতিয়া আমাৰ মূল লক্ষ্য৷ জন্ম হোৱা শিশুটোৰ পৰা যৌৱনপ্রাপ্তি হোৱা প্রতিজন যুৱক–যুৱতীয়েই নিজকেই সুৰক্ষিত অনুভৱ কৰাৰ পৰিৱেশ ৰচনা কৰাৰ দায়িত্ব আমাৰ৷
লুৰিণজ্যোতি গগৈয়ে সদস্যপদ গ্রহণ কৰাৰ সময়ত মঞ্চত চিত্তৰঞ্জন বসুমতাৰীৰ লগতে প্রায় শতাধিক আছুৰ প্রাক্তন নেতায়ো অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ লক্ষণীয়ভাৱে লুৰিণজ্যোতি গগৈৰ যোগদানৰ সময়ত দর্শকৰ শাৰীত বহি অভিবাদন জনাইছিল আছুৰ বর্তমানৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ মন কৰিবলগীয়া যে সদৌ অসম ছাত্র সন্থাৰ ইতিহাসত প্রথমবাৰৰ বাবে ৰাজনৈতিক দলৰ মঞ্চত এনেদৰে দেখা গ’ল ছাত্র সংগঠনটোৰ নেতৃবৃন্দক৷ তদুপৰি ৰাজনৈতিক অভিৱর্তনত উপস্থিত আছিল অসম জাতীয় পৰিষদ জন্মৰ অন্যতম উদ্যোক্তা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইসহ আন কেইবাজনো নেতাও৷