বিটিচিত বিৰোধীৰ আসনত বহিব বিপিএফ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বিটিচিত বিৰোধীৰ আসনত বহিবলৈ সাজু হৈছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল৷ বি পি এফৰ সাধাৰণ সম্পাদক প্রবীণ বড়োৱে শনিবাৰে কোকৰাঝাৰত দলৰ কেন্দ্রীয় কার্যালয়ত আয়োজিত এখন সংবাদ মেলত কয় যে জনসাধাৰণৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি বি পি এফ দলে বর্তমানৰ বিটিচি চৰকাৰৰ লগত বিৰোধী শক্তি হিচাপে কাম কৰাৰ সিদ্ধান্ত লৈছে৷ বিটিচি চৰকাৰৰ প্রতিটো উন্নয়নমূলক কাম–কাজৰ ক্ষেত্রত বি পি এফ দলে গঠনমূলক ভূমিকা গ্রহণ কৰি সম্পূর্ণ সহযোগিতা আগবঢ়াই যাব৷
আনহাতে, নৱগঠিত অসম জাতীয় পৰিষদক (এজেপি) শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয়– এজেপি দল আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস কৰি জন্ম হৈছে৷ তেওঁলোকে অসমৰ সর্বাংগীণ বিকাশৰ বাবে কাম কৰিব বিচাৰিছে৷ অসমৰ জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়, ঐক্যবদ্ধতাৰ ওপৰত কাম কৰিব বিচাৰিছে৷ আমিও আঞ্চলিকতাবাদত বিশ্বাসী দল৷ জাতি–জনগোষ্ঠীৰ মাজত সমন্বয় অক্ষুণ্ণ থকাটো আমি বি পি এফ দলেও বিচাৰোঁ৷ তেওঁলোকৰ সৈতে আমাৰ ধর্ম, আদর্শ একেই৷ সেয়ে তেওঁলোকক শুভেচ্ছা জনাইছোঁ৷
অনাগত দিনত এজেপিৰে মিত্রতা হোৱাৰ ইংগিত দি তেওঁ কয় যে বি পি এফৰ আদর্শৰ লগত মিল থকা শক্তিৰ লগত আলোচনাৰ পথ মুকলি আছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে অনাগত দিনত এজেপিৰে মিত্রতাপাশত আবদ্ধ হোৱাৰ বাবে চলোৱা তৎপৰতা তথা চিন্তা–চর্চা সম্পর্কত ‘নিয়মীয়া বার্তা’ত যোৱা দুটা দিনত বাতৰি প্রকাশ পাইছে৷
ইপিনে বিটিচিত বি পি এফ দলে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰা আৰু বিজেপিৰ সৈতে অহা নির্বাচনত মিত্রতা নোহোৱাটো স্পষ্ট হোৱাৰ পাছত অনাগত দিনত দলটোৰ ভূমিকা কি হ’ব, সেই সম্পর্কত আলোচনাৰ বাবে কাইলৈ বৰমাত দলৰ ৱর্কিং কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব বুলি সাধাৰণ সম্পাদক বড়োৱে জানিবলৈ দিয়ে৷ সংবাদ মেলখনত তেওঁ লগতে কালি নিশা গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত হাগ্রামা মহিলাৰীয়ে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে বৈঠকত মিলিত হোৱা বুলি একাংশ প্রচাৰ মাধ্যমত প্রচাৰ কৰা বাতৰি অস্বীকাৰ কৰে৷ তেওঁ কয় যে হাগ্রামা মহিলাৰী কালি গুৱাহাটীলৈ যোৱাই নাছিল৷