অসম জাতীয় পৰিষদ–ৰাইজৰ দলক ভ্রাম্যমাণ থিয়েটাৰৰ নাটক আখ্যা
নৱগঠিত দলৰ বিৰুদ্ধে আক্রমণাত্মক ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক ভ্রাম্যমাণ থিয়েটাৰ কহিনুৰ–আৱাহনৰ নাটকৰ দৃশ্যৰ সৈতে তুলনা কৰিলে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি কামৰূপ জিলাৰ আমিনগাঁৱত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই নৱগঠিত দল দুটাক তীব্র কটাক্ষ কৰি কয়– এদিন ৰাজনৈতিক দল ঘোষণা, এদিন পতাকা, এদিন কার্যালয় উদ্বোধন আদি এইবোৰ দেখি কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰৰ নাটকৰ দৃশ্য দেখাৰ দৰে লাগিছে৷ আচলতে ৰাজনৈতিক দল বুলি ক’লে বুথ কমিটী গঠন, পঞ্চায়ত কমিটী গঠন, সমষ্টি কমিটী গঠন আদিহে ইমান বছৰে দেখি আহিছোঁ৷ মুখ্যমন্ত্রী হোৱাৰ আগতে মুকুট পিন্ধা, দেউতাক–মাকৰ আশীর্বাদ লোৱা আগেয়ে দেখা নাই৷ কিন্তু এতিয়াহে তেনে দৃশ্য দেখিবলৈ পাইছোঁ৷ নাম উল্লেখ নকৰাকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক সমালোচনা কৰি তেওঁ কয় যে ৰাজভৱনত শপত লোৱাৰ আগতহে মুকুট পৰিধান কৰে৷ কিন্তু তেওঁ মুখ্যমন্ত্রী হোৱাৰ আগেয়ে মুকুট লৈছে৷ তীব্র কটাক্ষ কৰি তেওঁ কয় যে সৰুতে ল’ৰা–ছোৱালীয়ে ডাক্তৰ হোৱাৰ সপোন দেখে৷ তাৰ বাবে ডিঙিত ষ্টেথ’স্কোপ লৈ ডাক্তৰ হ’ম বুলি কয়৷ এতিয়া মুখ্যমন্ত্রী হোৱাৰ সপোন দেখি তেনেধৰণৰ ল’ৰা–ধেমালি আৰম্ভ কৰিছে৷ কিন্তু বাস্তৱত মুখ্যমন্ত্রী বা বিধায়ক কি হয়, সেয়াহে ডাঙৰ কথা৷ সেইদৰে ৰাজ্যখনত নতুনকৈ জন্মলাভ কৰা দলসমূহক একত্রিত হ’বলৈ আহ্বান জনাই তেওঁ কয় যে দল এটা হ’ব লাগে আৰু দলৰ নামো এটা হ’ব লাগে৷ তেতিয়াহে আমাৰো মনত ৰখাৰ সুবিধা হ’ব৷ বর্তমান ইমানেই দল হৈছে যে নামবোৰ মনত ৰখাই দিগদাৰ হৈছে৷ নির্বাচনৰ সময়ত কোনো প্রার্থীক ইটো দলৰ বুলি সমালোচনা কৰিব, পাছত দেখা যাব সেইজন সেইটো দলৰ নহয়, আনটো দলৰহে৷ তেনে বিভ্রান্তি নহ’বৰ বাবেই তেওঁ সকলো নতুন দলকে একত্রিত হ’বলৈ আহ্বান জনায়৷ কাৰণ বর্তমান অজিত ভূঞাৰ এটা দল হৈছে, কৃষক মুক্তিৰ এটা দল হৈছে, অদীপ ফুকনৰ এটা দল হৈছে৷ অদীপ ফুকনৰ আগতে কৰা আৰু এটা দলো আছে৷ ইপিনে কংগ্রেছৰ অজন্তা নেওগৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে সংবাদ মাধ্যমৰ বাতৰি দেখিয়েই অজন্তা নেওগক কংগ্রেছে দায়িত্বৰ পৰা আঁতৰালে৷ এতিয়া অজন্তা নেওগৰ প্রতি পুতৌ উপজিছে৷ ইফালে ২০২১ৰ বিধানসভা নির্বাচনৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে বিজেপি মিত্রজোঁটে ১০০ৰ ওচৰা–উচৰি আসন লাভ কৰিব৷ বিজেপিৰ বৰাক উপত্যকাত এ আই ইউ ডি এফ আৰু কংগ্রেছৰ লগত, উজনি অসমত কংগ্রেছ আৰু নির্দলীয়ৰ লগত, নামনি অসমত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ লগত আৰু বি টি এ ডিত বি পি এফৰ লগত প্রতিদ্বন্দ্বিতা হ’ব৷