নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ওচৰত অস্ত্র সম্বৰণ কৰিব আলফা স্বাঃৰ ২২ সদস্যই

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ চাৰিটা উগ্রপন্থী সংগঠনৰ ৬৩জন কেডাৰে আজি আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰিব৷ গুৱাহাটীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত এই কেডাৰসকলে আত্মসমর্পণ কৰিব৷ প্রাপ্ত তথ্য অনুসৰি কালি আলফা (স্বাধীন)ৰ লগতে পিপলছ ডেমক্রেটিক কাউন্সিল অৱ কার্বি লংৰি (পি ডি চি কে), ডিমাচা নেচনেল লিবাৰেচন আর্মী (ডি এন এল এ) আৰু ইউনাইটেড পিপলছ লিবাৰেচন ফ্রণ্টৰ (ইউ পি এল এফ) কেডাৰে আত্মসমর্পণ কৰিব৷ আত্মসমর্পণ কৰিবলগীয়া ৬৩জনৰ ভিতৰত আলফা (স্বাধীন)ৰ সদস্য হৈছে ২২জন৷ আজি আত্মসমর্পণৰ সময়ত কেডাৰসকলে অত্যাধুনিক মাৰণাস্ত্রৰ লগতে গুলী–বাৰুদ জমা দিব৷ প্রায় ৫০টা অত্যাধুনিক অস্ত্র–শস্ত্র কাইলৈ অনুষ্ঠানৰ সময়ত জমা দিব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে শান্তি আলোচনা প্রক্রিয়াৰ মাজেৰে উগ্রবাদী সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশস্বৰূপে কেইবাটাও বিদ্রোহী সংগঠনৰ সদস্যই আত্মসমর্পণ কৰি আহিছে৷ বিগত জানুৱাৰীত মুঠ ৬৪৪গৰাকী বিভিন্ন উগ্রপন্থী সংগঠনৰ সদস্যই আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰিছে৷ শেহতীয়াকৈ আলফাৰ দুধর্ষ সদস্য তথা উপ–সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে৷ যোৱা ১১ নৱেম্বৰত দৃষ্টি ৰাজখোৱাই মেঘালয়ৰ এক গোপন স্থানত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ অৱশ্যে বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অনুমতি সাপেক্ষে ৰাজখোৱাই আত্মসমর্পণ কৰিছিল৷ আনহাতে, বিটিচি অঞ্চলতো এন ডি এফ বিৰ ৪টা গোটে অস্ত্র সম্বৰণ কৰি বি টি আৰ চুক্তিৰ জৰিয়তে শান্তি আলোচনাৰ পথ প্রশস্ত কৰিছে৷ ইয়াৰ মাজতে পুনৰ আজি আন ৬৩জন বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ কেডাৰে আত্মসমর্পণৰ বাবে আগবাঢ়ি অহাত ৰাজ্যত শান্তি স্থাপনৰ বাবে চলাই থকা আলোচনা প্রক্রিয়াই এক নতুন মাত্রা লাভ কৰিব বুলি আশা কৰা হৈছে৷

You might also like