শিলপুখুৰীৰ বাপুজী নগৰত পানীৰ পাইপ ফুটি বিঘ্নিত যাতায়াত
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত গুৱাহাটী পৌৰ নিগমে কৰি আহিছে চৰম হেমাহি৷ শেহতীয়াকৈ শিলপুখুৰীৰ বাপুজী নগৰত পোহৰলৈ আহিছে পৌৰ নিগমৰ ব্যর্থতাৰ আন এখন ছবি৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, শিলপুখুৰীৰ হাউছিং কলনীলৈ যোৱা পথত দীর্ঘদিন ধৰি ফুটি আছে পৌৰ নিগমৰ পানীৰ পাইপ৷ ৰাইজে এই সন্দর্ভত বিভাগীয় কর্তৃপক্ষৰে বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো আজিপর্যন্ত কোনো পদক্ষেপ নল’লে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই৷ যাৰ বাবে এতিয়া হাউছিং কলনীলৈ যোৱা বাপুজী নগৰৰ তিনিআলিত জমা হৈছে পাইপেৰে ওলোৱা পানী৷ সমান্তৰালভাৱে জমা হোৱা পানীৰ ফলত বিধ্বস্ত হৈছে বৃহত্তৰ অঞ্চলৰ পথছোৱাও৷ ফলত খৰালি কালতো এই অঞ্চলটোৰ ৰাইজে ভুগিব লগা হৈছে নৰক যন্ত্রণা৷ ইফালে, ফুটা পাইপৰ বাবে পৌৰ নিগমে যোগান ধৰা খোৱাপানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে শতাধিক পৰিয়াল৷ উল্লেখ্য যে এই অঞ্চলটোত প্রায়েই ছিগি থাকে পানীৰ পাইপ৷ কিন্তু এই ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিষয়টোত গুৰুত্ব আৰোপ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় আৱাসীসকল৷